খিৰিকী (লোকেশ্বৰ গগৈ)

তুমি যদি মোৰ উশাহ
মই তোমাৰ নিশাহ,
তুমি যদি মোৰ নিশাহ
মই তোমাৰ উশাহ,
তুমি-মই আৰু মই-তুমি
ইটো সিটোৰ পৰিপূৰক,
এনেকৈয়ে আমি আছো জীয়াই
আৰু থাকিম জীয়াই,
তুমি-মই দুয়ো
এখন খিৰিকী দুখন পাট ।

(উৎসৰ্গা কবিতা লিখি ভালপোৱা প্ৰতিজন অনুভৱীৰ কবিৰ হাতত ।)