অৰণ্য সংবাদ (ৰাখী দত্ত শইকীয়া)

শেলুৱৈ জীৱন সন্যাস
জৰীগছত মেৰিয়াই গজে
ধ্যানত বহে অনামী যোগী


সোণৰ হৰিণাই চেঁকুৰ মাৰে
বাঘিনীৰ পদ শব্দত
শুকান বননিয়ে চিৎকাৰ কৰি উঠে

গহীন বনত বনকুকুৰাৰ ডাক
বন দেৱীৰ অন্তেষ পুৰত
ৰ'দে বিচাৰে প্ৰৱেশৰ বাট

নৈঃশব্দৰ মাজত
শব্দৰ আলোড়ন
অচিন চিনাকী মায়াবী শিহৰণ