কেনেকৈ কওঁ মই কুশলে আছোঁ
নাভিত নিৰৱতা কোন পাণ্ডু পুত্ৰৰ
কোনটো শংখ বজাই ভাঙিম নিৰৱতা
মই কুশলে নাই
হৃদয়খন লগত নাথাকিলে কুশলে থকা নাযায় ৷
নাভিত নিৰৱতা কোন পাণ্ডু পুত্ৰৰ
কোনটো শংখ বজাই ভাঙিম নিৰৱতা
মই কুশলে নাই
হৃদয়খন লগত নাথাকিলে কুশলে থকা নাযায় ৷
পথাৰ চহ কৰোঁতে
সেই মৰতীজনীয়ে কেতিয়ানো চহালে বুকু
সৰিয়হ অলপ সিঁচো বুলি ভাবোতেই...
গুচি গ'ল ৷
নাজানিলো..
তাইৰ হৃদয় তাইৰ লগত নাছিল
মোৰ লগতো নাছিল ৷
হৃদয়ৰ বিপণীত মোৰ হৃদয়ৰ মূল্য নগণ্য
সমাজক দোহাই দিলো
ভগৱানক দোহাই দিলো
হাৰি গ'ল নামঘৰৰ চাকি ৷
পোনাটিৰ মুখখন তাইৰ আগত তুলি ধৰিছিলোঁ
হৃদয় কিজানিবা থমকি ৰ'ব সৰিয়হ ডৰাও হ'ব .........
সেই মৰতীজনীয়ে কেতিয়ানো চহালে বুকু
সৰিয়হ অলপ সিঁচো বুলি ভাবোতেই...
গুচি গ'ল ৷
নাজানিলো..
তাইৰ হৃদয় তাইৰ লগত নাছিল
মোৰ লগতো নাছিল ৷
হৃদয়ৰ বিপণীত মোৰ হৃদয়ৰ মূল্য নগণ্য
সমাজক দোহাই দিলো
ভগৱানক দোহাই দিলো
হাৰি গ'ল নামঘৰৰ চাকি ৷
পোনাটিৰ মুখখন তাইৰ আগত তুলি ধৰিছিলোঁ
হৃদয় কিজানিবা থমকি ৰ'ব সৰিয়হ ডৰাও হ'ব .........
মোৰ নাভিত হতবাক নিৰ্জনতা
এতিয়া মাটিডৰাত জুইফুল সৰিছে ৷
এতিয়া মাটিডৰাত জুইফুল সৰিছে ৷








