তুমি যোৱাৰ পৰত (গীতৰাজ)
তুমি যোৱাৰ পৰত
হঠাৎ কৃষ্ণচূড়াৰ পাতবোৰে
উৰি আহি মোক আঁৱৰি ধৰিছিল
আৰু বুকুত বৈ হুমুনীয়াহ এৰিছিল
লাহে লাহে আকাশখনো গুজৰি উঠিছিল
গোট খাইছিল এচপৰা ক'লা বেদনা
চিঞৰি চিঞৰি নামি আহিছিল
এজাক বৰষুণ হৈ
দুচকুত পৰি দুগাল ভৰাই তিয়াইছিল
ভেটা ভঙা বানৰ পলসে বুজালে
বিদায় বেলাত এয়া তোমালৈ বুলি চকুলো ৷