নবীন কবি ৰঞ্জন বৰ্মনৰ সৈ'তে সাক্ষাৎকাৰ


নমস্কাৰ । মোৰ নাম ডিম্পল গগৈ ।
প্ৰথমে আপোনাক বৰ্ণিল ই-আলোচনীৰ সাক্ষাৎকাৰ শিতানলৈ স্বাগতম জনাইছো । অামাৰ আলোচনী অসমীয়া ভাষাটো বিশ্ব দৰবাৰলৈ নিয়াৰ উপৰিও নবীন - প্ৰবীণ সকলো সাহিত্যিকক  বিশ্ব দৰবাৰত চিনাকী কৰোৱাৰ উদ্দেশ্যৰে এই সাক্ষাৎকাৰ শিতানটো আৰম্ভ কৰা হৈছে আৰু এই সংখ্যা সাক্ষাৎ গ্ৰহণৰ গুৰু দায়িত্ব মোক অৰ্পন কৰা হৈছে  সেয়েহে, সাক্ষাৎকাৰৰ বাবে  সম্পাদনা সমিতিৰ বিবেচনাত আপোনাক নিৰ্বাচন কৰা হৈছে । মই আপোনাক কেইটিমান সাহিত্য সম্পৰ্কীয় প্ৰশ্ন কৰিম । আশা কৰিছো আপুনি সম্পূৰ্ণভাবে সহযোগিতা আগবঢ়াব বুলি ।


প্ৰশ্নঃ আপোনাৰ সম্পূৰ্ণ নাম ?
উত্তৰঃ নমস্কাৰ, মোৰ সম্পূৰ্ণ নাম শ্ৰী ৰঞ্জন বৰ্মন ৷

প্ৰশ্নঃ আপোনাৰ ঠিকনা ?                                                  
উত্তৰঃ মোৰ ঘৰ লক্ষীমপুৰ জিলা বগীনদীত ৷

প্ৰশ্নঃ আপুনি বৰ্তমান কি কৰি আছে ?
উত্তৰঃ বৰ্তমান মই শিক্ষকতাৰ লগতে বগীনদীৰ পৰা প্ৰকাশিত দ্বিমাসিক আলোচনী 'জ্ঞানদৰ্পন'ৰ মুখ্য সম্পাদক হিচাপে কাম কৰি থকাৰ উপৰিও ভিন্ন সামাজিক অনুষ্ঠানৰ সৈ'তে জড়িত আছো ৷

প্ৰশ্নঃ সাহিত্যৰ ক্ষেত্ৰত আপুনি কেতিয়াৰ পৰা জড়িত ?
উত্তৰঃ সাহিত্যৰ সৈতে জড়িত হোৱা নাই, এই কথাষাৰৰ অৰ্থ ব্যাপক ৷ মই ভাবো প্ৰতিগৰাকী কবি-সাহিত্যিক শৈশৱত যেতিয়া মাকৰ কোলাত নিচুকনি গীতবোৰ শুনিছিল তেতিয়াৰে পৰা তেওঁলোক সাহিত্যৰ সৈতে জড়িত হব পাৰে ৷ কবিতা, গল্প, উপন্যাস অথবা সাহিত্যৰ বিভিন্ন ধাৰাৰ ৰচনা সমূহৰ প্ৰকাশ হৈছে তেওঁলোকৰ সাহিত্য জীৱনৰ বহিঃপ্ৰকাশ ৷ সৰুৰে পৰা মই সাহিত্য অনুৰাগী আছিলো, বাহিৰা কিতাপবোৰ একেবৈঠকতে পঢ়ি শেষ কৰিছিলো ৷ মোৰ প্ৰথম কবিতা মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশ পাইছিল ৷

প্ৰশ্নঃ কলাকাৰৰ বাবে অহৰহ অনুপ্ৰেৰণাৰ প্ৰয়োজন ৷ আপোনাৰ অনুপ্ৰেৰণাৰ উৎস কি ?
উত্তৰঃ হয় অনুপ্ৰেৰণা অবিহনে একো কাৰ্য্যই সিদ্ধি নহয় ৷ আমাৰ ঘৰৰ কাষেদি বগী নদীখন বৈ গৈছে ৷ নৈখনৰ দুকাষ গছ-গছনিৰে ভৰা, এক কথাত প্ৰকৃতিৰ মনোমোহা পৰিৱেশ ৷ ইয়াৰ উপৰিও মোৰ শৈশৱ তথা কৈশোৰ জীৱনটো বহুত সংঘাতপূৰ্ণ ৷ এই বাস্তৱ জীৱনৰ ঘাত-প্ৰতিঘাত, হৰ্য-বিষাদ তথা প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যৰাজি আদিয়ে মোক সদায় অনুপ্ৰাণিত কৰিছিল তথা কৰে সৃষ্টিশীল নতুন কিবা এটা কৰাৰ ৷


প্ৰশ্নঃ বৰ্তমান সাধাৰণ লোকে কবিতা পঢ়িব নোখোজে ৷ তেওঁলোকে আধনিক অসমীয়া কবিতা বুজিবলৈ জটিল বুলি সততে অভিযোগ কৰে ৷ আপোনাৰ মতে তেনেক্ষেত্ৰত নতুন কবিসকলৰ কৰণীয় কি ?
উত্তৰঃ কথাষাৰ একেষাৰতে নুই কৰিব নোৱাৰি ৷ কিন্তু কবিতা হৃদয়ৰ নে বুদ্ধি বা মগজুৰ বস্তু এই বিষয়ক লৈ বহু আলোচনা হৈছে ৷ আধুনিক কবি সকলে গোলাপৰ কোমলতাতে সীমাবদ্ধ হৈ থকা নাই, গোলাপৰ কাঁইটৰ কঠিনতা তথা ভয়বহতাক কবিতাৰ বিষয় বস্তু হিচাপে স্থান দিছে ৷ তদুপৰি পাশ্চাত্যত কেতিয়াবাই উত্তৰ আধুনিকতাবাদ আৰম্ভ হৈ গ'ল ৷ গতিকে অসমীয়া কবিতা শৰৎকালৰ পুখুৰীৰ ফটিক জলৰ দৰে স্পৰ্শ হৈ থাকিলে নহ'ব আনহাতে পাঠকৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলেও নহ'ব ৷ গতিকে মই ভাবো, যি কবিতাই হৃদয়ক খুন্দিয়াই যোৱাৰ লগতে বুদ্ধিক আলোড়িত কৰিব পাৰে তেনে কবিতাহে সাৰ্থক কবিতা ৷

প্ৰশ্নঃ অসমীয়া সাহিত্যই বিশ্ব সাহিত্যৰ সতে ফেৰ মাৰিব পাৰিছেনে ?
উত্তৰঃ বিশ্ব সাহিত্য বুলি আমি যাক অভিহিত কৰো তাৰ মূল ভিত্তি হৈছে অনুবাদ ৷ অসমীয়া ভাষা সাহিত্যলৈ বিশ্বৰ বিভিন্ন দেশৰ সাহিত্যৰাজিৰ যিমান পৰিমাণে অনুবাদ হ'ব লাগিছিল সেয়া আজিও হৈ উঠা নাই ৷ আনহাতে অসমীয়া সাহিত্যত আজিও তুলনামূলক সাহিত্য পাৰম্ভিক পৰ্যায়তে আছে ৷ যিবোৰ অসমীয়া সাহিত্য বিশ্ব সাহিত্যৰ সৈতে ফেৰ মৰাত প্ৰতিবন্ধকতা হিচাপে থিয় দিছে ৷ তথাপিও অসমীয়া ভাষাৰ বহু সাহিত্য পৃথিৱীৰ বহু ভাষালৈ অনূদিত হৈছে ৷ যিয়ে অসমীয়া সাহিত্যিকসকলৈ প্ৰেৰণা কঢ়িয়াই আনিছে ৷

প্ৰশ্নঃ আপোনাৰ ভৱিষ্যত পৰিকল্পনাকি ?
উত্তৰঃ বহু পৰিকল্পনা আছে ৷ সময়ত গম পাব ৷

প্ৰশ্নঃ নতুন কবিৰ বাবে অসমৰ সাহিত্যজগত কিমান সুবিধাজনক?
উত্তৰঃ জাৱৰ দি জুইক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি ৷ বাল্মিকীয়ে পৃথিৱীৰ প্ৰথম কবিতাটো লিখোতে কোনো কবিতাৰ প্ৰেক্ষাপট নাছিল৷ জনসাধাৰণৰ কবিতাৰ প্ৰতি উৎসুকতা তথা প্ৰকাশ আৰু প্ৰচাৰ মাধ্যমলৈ চাই অসমীয়াৰ কবিতাৰ বৰ্তমান সোণালী যুগ বুলিযে়ই মই অনুভৱ কৰো ৷


প্ৰশ্নঃ আপোনাৰ প্ৰিয় তিনিজন নৱ প্ৰজন্মৰ সম্ভাৱনাময় কবি ?

উত্তৰঃ প্ৰশ্নটো জটিল ৷ তিনিজন কবিৰ ভিতৰতে নৱ প্ৰজন্ম কবিক সীমাবদ্ধ কৰিব নোৱাৰি ৷ নৱ প্ৰজন্মৰ বহু কবিয়ে বহুতো ভাল কবিতা ৰচনা কৰিছে ৷ তেওঁলোকে যদি অধ্যয়ন আৰু সাধনাত ব্ৰতী থাকে তেনে অনাগত দিনত সফল কবি হিচাপে পৰিগণিত হ'ব ৷


প্ৰশ্নঃ আপোনাৰ নিজৰ প্ৰিয় কবিতাৰ নামটো জনাব লগতে কিয় প্ৰিয় সেইটোও জনাব ?

উত্তৰঃ প্ৰশ্নটো জটিল ৷ এটাই কথা কওঁ প্ৰতিগৰাকী সন্তানেই মাকৰ বাবে প্ৰিয় ।


প্ৰশ্নঃ কবি - অকবি বিতৰ্কই প্ৰকৃততে কাৰোবাৰ ক্ষতি কৰিলে নেকি?
উত্তৰঃ কবি অকবি বিতৰ্কই কাৰোবাক ক্ষতি কৰিলে বুলি মই নাভাবো ৷ বৰঞ্চ এই বিতৰ্কই বহুতকে কবিতাৰ প্ৰতি আকৰ্ষিত কৰিছে বুলিহে ভাবো ৷ কাৰণ, যি শিলে হাতুৰীৰ কোব সহিব নোৱাৰে সেই শিল কেতিয়াও সুন্দৰ ভাস্কৰ্য্য হ'ব নোৱাৰে ৷

প্ৰশ্নঃ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত প্ৰতিষ্ঠিত কবিসকলৰ দ্বায়িত্ব গুৰুত্বপূৰ্ণ ৷ তেওঁলোক সেই দিশত সফল হৈছে বুলি ভাবেনে ?
উত্তৰঃ অগ্ৰজ কবিসকলৰ দিহা পৰামৰ্শ তথা ধ্যান ধাৰণা আদি অনুসৰণ কৰিযযেই নতুন কবি সকলে বাট বুলে ৷ বৰ্তমান দেখা গৈছে অগ্ৰজসকল নতুন কবি সকলৰ প্ৰতি অধিক কঠোৰ হৈ পৰিছে ৷ যিটো কাব্য সাহিত্যৰ বাবে শুভবাৰ্তা নহয় ৷ সমালোচনা দুইধৰণে কৰিব পাৰি ইতিবাচক আৰু নেতিবাচক ৷ অগ্ৰজ কবি সকলে (সকলো কবি নহয়) দ্বিতীয় পন্থাটো গ্ৰহণ কৰা দেখা গৈছে ৷ সেযে মই ভাবো অগ্ৰজ কবিসকলে নতুন কবিসকলৰ প্ৰতি মানসিকতা সলনি কৰি সংগঠিত দিহা পৰামৰ্শৰে আগুৱাই নিয়াৰ প্ৰযোজন অাছে বুলি ৷

ধন্যবাদ ৰঞ্জন্বৰ্মন ডাঙৰীয়া ব্যস্ততা মাজতো আমাক এই সময়কন দিয়াৰ বাবে । আশা কৰিছো আপোনাৰ অনাগত দিনবোৰত   সাহিত্য পথাৰ আৰু ধাৱমান হওঁক ।