"বিখ্যাত সাহিত্যিক,সমাজকৰ্মী, নাট্যকাৰ ফণীভূষণ ৰয়চৌধুৰীৰ আত্মজীৱনীখন যোৱাকালি যোৰহাট প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । আত্মজীৱনী খনত চৌধুৰীৰ জীৱন সংগ্ৰাম আৰু সকলো বাধা নেওচি কেনেকৈ নিজকে প্ৰতিষ্ঠষ কৰিলে তাৰ সুন্দৰ বৰ্ণনা কৰা হৈছে, যিটো আজিৰ প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হ'ব । মূল্য মাথোঁ ২৫০/" পুৱাই চাহ কাপ হাতত লৈ বাতৰি কাকতখন মেলি লোৱাটো নিবাৰণ চৌধুৰীৰ পুৰনি অভ্যাস । পুৰণি বুলি ক'লেও ভুলহে হ'ব । চাকৰিৰ অৱসৰ লোৱাৰ পাছতহে অভ্যাসটো গঢ়ি উঠিছে । হাতত কৰিবলগীয়া বিশেষ একো কামও নাথাকে । পুৱাই ৰাস্তাই ৰাস্তাই এপাক ফুৰি আহি বাৰাণ্ডাৰ চকীখনত বহি ৰাস্তাৰে যোৱা মানুহ চাই থকাটোও এটা ৰুটিনেই বুলিব পাৰি । গোটেই দিন সেই একেবোৰেই কাম, দুপৰীয়া ভাত খাই উঠি অলপ শুৱা, আবেলি বজাৰৰ পিনে ওলাই গৈ কলিতাৰ দোকানত চাহ খাই আড্ডা দিয়া, ৰাতি আহি টি.ভিত বাতৰি চোৱা, আকৌ ভাত খাই বিচনাত শুই দিয়া । আজিকালি পৰিয়ালৰ মানুহৰ লগতো বৰ এটা কথা বাৰ্তা নহয় বৰুৱাৰ । আচলতে ঘৰখনত বৰুৱাৰ কথা বা পৰামৰ্শৰ গুৰুত্বও কমি আহিছে । গতিকে বেছিভাগ কথাতে বৰুৱাই মাত নমতাই ভাল বুলি অনুভৱ কৰে । বাৰাণ্ডাৰ চকীখনত বহি থকা দেখিলে মাজে মাজে মালতী, বৰুৱাৰ শ্ৰীমতীয়ে খেচখেচাই থাকে, "কিনো মানুহটো এনেকৈ বহি বহি কিবা চিন্তাকৰি থাকে ।" কিন্ত নিবাৰন বৰুৱাই কি চিন্তা কৰে কোনোবাই জানো গম পায় ? এইটো চাগে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰহস্য যে কোনো মানুহে কেতিয়াও গম নাপায় আনজন মানুহৰ মনত কি চলি আছে । কথাটো ভাবি বৰুৱাৰ মনটো আত্মসন্তষ্টিৰে ভৰি পৰে ।
বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাটোত কেতিয়াও প্ৰথমে চকু নুফুৰাই বৰুৱাই । হিংসা, হত্যা, জুই, ধৰ্ষণ, মন্ত্ৰীৰ কেলেংকাৰী এইবোৰৰ চাই চাই আমনি লাগিছে । এটা সুন্দৰ দিনৰ আৰম্ভণি এনেকৈ কৰিব নোখোজে বৰুৱাই । সেয়ে একেবাৰে শেষৰ পৃষ্ঠালৈ মানে খেলৰ খবৰটোহে উলিয়াই লয় বৰুৱাই । হাতত ট্ৰফী লৈ খেলুৱৈৰ উল্লাসিত মুখ চাবলৈ খুব ভাল লাগে বৰুৱাৰ । কিন্তু খেলতো এটা দুখৰ কাহিনী আছে ।
যিয়ে বিজয়ী হৈছে তেওতো কাৰোবাক হৰুৱাইহে জিকিছে । হাৰি যোৱাজনৰ খবৰ বেছি ডাঙৰকৈ নোলায়বা মানুহেও গুৰুত্ব নিদিয়ে । খেলৰ পৃষ্ঠা শেষ কৰি মাজৰ পৃষ্ঠালৈ আহোতে বাতৰিটো পঢ়িলে, "বিখ্যাত সাহিত্যিক, সমাজকৰ্মী, নাট্যকাৰ......"
আজিকালি পেপাৰত প্ৰায়ে দেখা যায়, কোনোবা ডাঙৰ মানুহৰ আত্মজীৱনী উন্মোচনৰ ফটো সহকাৰে বাতৰি ।কিন্তু আত্মজীৱনীখন পহিলে জানো কোনোবাই উপলদ্ধি কৰিব পাৰিব মানুহজনৰ জীৱন সংগ্ৰামৰ বিষয়ে ।জীৱনত কিমান ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহিছিল মানুহজনে আৰু এখন কিতাপত লিখি জানো মানুহজনৰ সমস্ত অনুভূতিখিনি প্ৰকাশ কৰিব পৰা যাব ? বুজি নাপায়, কিছুমান কথা একেবষৰে বুজি নাপায় নিবাৰণ বৰুৱাই।
- "হেৰি শুনিছেনে ? কিনো তেনেকৈ জুপুকা মাৰি বহি আছে । চাহখিনিও নাখালে দেখোন ? আৰু আজি ৰবিবাৰ, বজাৰৰ পৰাওঁ এপাক আহকগৈ । যোৱাকালিৰ শাকখিনি আছেই, পাৰিলে অলপ সৰু মাছকে লৈ আহকগৈ,মালতীয়ে বাৰাণ্ডাত গামোচাখন মেলিব আহোতে বৰুৱাক বহি থকা দেখি কথাখিনি কৈ কৈয়ে ভিতৰলৈ সোমাই গ'ল । তেতিয়াহে বৰুৱাই দেখিলে চাহখিনিৰ ওপৰত চামনি পৰিছে , ঠাণ্ডায়ে হৈ গ'ল । গৰম চাহ একাপৰ কথা কোৱা মানে দিনটো বেয়াহে কৰা হ'ব বুলি ভাবি ঠাণ্ডা চাহকণকে একে উশাহে শেষ কৰিলে । এনেয়ো এইকাপ দ্বিতীয়বাৰ আছিল পুৱা ৯ নাবাজোতেই ।
বৰুৱাই চকীখনৰপৰা উঠি ভিতৰলৈ গৈ দেখে ৯.৩০ বাজিলেই । চেহ কেনেকৈ যে পাৰ হৈ যায় সময়বোৰ কিবা কিবিবোৰ চিন্তা কৰি থাকোতেই । দুপৰীয়া ভাত খাই বিচনাত বাগৰ সলাই বৰুৱাই ভাবিলে তেও বাৰু আত্মজীৱনী এখন লিখিব নোৱাৰেনে ? গাঁৱত পাৰ কৰা দিনবোৰৰ পৰা চহৰত পঢ়িবলৈ অহা, চাকৰি আৰু অৱসৰ লোৱালৈকে সেই আটাইখিনি লিখিলেওতো এখন আত্মজীৱনী হ'ব চাগে । হয় লিখা যাওঁক তেওঁৰ আত্মজীৱনী । একদম নিজৰ আৰু নিজে লিখিব । কিন্তু লিখিব কি ? কেনেকৈ লিখিব ? কলেজলৈ যাবলৈ আৰম্ভ কৰোতে যৌৱনৰ আৰম্ভণিতে দুই এটা কবিতা লিখিছিল আৰু সেইটো একো অস্বাভাৱিক নাছিল ,কিন্তু তাৰ পাছত নিবাৰণ বৰুৱাই তাগিদা অনুভৱ নকৰিলে হাতত কলম তুলি ল'বলৈ । হয়তো সময়ো নাপালে কেতিয়াে, এতিয়াও হাতত কলম লোৱাতো স্বাভাৱিক নহ'ব চাগে । নাই নহ'ব লিখাটো । পিছত কেতিয়াবা লিখিম বুলি ভাবি চকু দুটা মুদি দিলে বৰুৱাই।
আবেলি কলিতাৰ দোকানত বহি শৰ্মাৰ লগত চাহ খাই থাকোতে নিবাৰণ বৰুৱাই ভাবিলে এই গোটেই চাহৰ দোকানত বহি থকা প্ৰত্যেকজন মানুহৰটো কিবা নহয় কিবা কাহিনী আছে জীৱনত । এই যে এতিয়াই চাহৰ কাপ লৈ যোৱা আদবয়সীয়া মানুহজনৰটো কিবা কাহিনী থাকিব পাৰে । তেওঁৰটো চাহৰ দোকানত কাম কৰাটো জীৱনৰ লক্ষ্য নাথাকিব পাৰে । সেইবোৰ কথা হয়তো কোনেও কেতিয়াও গমেই নাপাব । ইহঁতেওটো প্ৰত্যেকে নিজৰ নিজৰ আত্মজীৱনী লিখিব পাৰে । চেহ কিনো কথাবোৰ ভাবি আছে, নিজৰে লাজ লাগিল বৰুৱাৰ । এই কলিতাৰ দোকানখনেই সিহঁতৰ একমাত্ৰ সাৰথি, চাকৰিৰ পৰা অৱসৰ লোৱা কেইজনৰ বাবে হাতত অফুৰন্ত সময় বাবে সন্ধিয়া সময়খিনি ইয়াতেই পাৰ কৰি দিয়ে নানান কথাৰ আলোচনাৰে । বৰুৱাই সদায়ে বজাৰৰ লিষ্ট মতে বস্তু কেইপদ কিনিহে বহেহি । আজিকালি খুব কথাবোৰ পাহৰা হৈছে বৰুৱাই । ঘৰত গৈ শ্ৰীমতীৰ খেচখেচনি শুনাতকৈ বৰুৱাই আনিবলগীয়া বস্তুৰ লিষ্ট এখন বনাই লৈ আহে ওলাই আহোতে ।
ৰাতি ভাত খাই উঠি চোতালত দুপাকমান খোজ কাঢ়ি থাকোতে বৰুৱাই ভাবিলে কি লিখা যায় ? কৰ পৰা আৰম্ভ কৰোঁ একো ভাবিয়েই নাপাওঁ দেখোন । চেহ কিনো কথাবোৰ ভাবি আছো, এতিয়া আৰু লিখাৰ বয়স নাই ।
বিছনাত বাগৰ দিয়াৰ পিছতো শান্তি পোৱা নাই বৰুৱাই । মনটো কিবাকিবি লাগি থাকিল । মনত পৰি গ'ল-
তুমি গুচি যোৱাৰ পিছতো
ৰৈ গৈছিল
তোমাৰ অস্তিত্ব
মোৰ পৃথিৱীত ।
তাৰ পাছত বা কি আছিল, আজি আৰু মনত নপৰে বৰুৱাৰ । পাত খিলাও হেৰাল ক'ৰবাত । আচৰিত এটা অনুভূতি জাগি উঠিল বৰুৱাৰ কথাবোৰ ভাবি । নাই এনেকৈ শুব নোৱাৰি । উঠি বহিল বৰুৱা । টেবুল লাইটটো জ্বলাই ল'লে বৰুৱাই, এটা ক্ষীণ পোহৰে পোহৰাই তুলিলে টেবুলখন ।
- কিনো এই ৰাতিখন টেবুলত বহিছে গৈ ? গম নাপাওঁ কি হৈছে মানুহটোৰ দিনে দিনে । শুই নাথাকে কিয় ?
পাছফালৰপৰা ভেকাহি এটা মাৰি ভোৰভোৰাই থাকিল মালতীয়ে।
নিবাৰণ বৰুৱাই একো উত্তৰ নিদিলে । এই সময়ত কিবা উত্তৰ দিলে প্ৰত্যুত্তৰ কি পাব তেওঁ ভালকৈ জানে ।টেবুলখনত বগা পাত এখিলাও নাই । তেওঁ মনে মনে ডায়েৰিখন উলিয়াই ল'লে আৰু ভাবিলে ইয়াৰ পৰাই আৰম্ভ কৰা যাওঁক । কাইলৈ পাত আনিব লাগিব । কলমটো ক'ত ? অহ এইটো । টেবুলত পাৰি থোৱা পেপাৰখনত লিখি চাওঁতে দেখিলে নিলিখে দেখোন । চেহ ইয়াতকৈ বেয়া কি হ'ব পাৰে আৰু ? এই ৰাতিখন কলম বিচাৰি ক'ত যোৱা যায় । ছোৱালীজনীও শুলে চাগে । নাই মনে মনে শুই থকাই ভাল । অহাকালিৰ পৰা আৰম্ভ কৰিব । বাৰটোও ভাল -সোমবাৰ ।
পুৱা টোপনিৰ পৰা উঠোতে বৰুৱাৰ মনটো উগুল থুগুল লাগি আছিল । অন্তত আজি কৰিবলগীয়া কাম এটা আছে ।পেপাৰখন ওপৰে ওপৰে চাই লৰালৰিকৈ ওচৰৰ দোকানখনলৈ গ'ল । পাত আৰু কলম বিচাৰি । এতিয়াহে আচল লেঠাটো হ'ল, কৰ পৰা আৰম্ভ কৰা যায় ? চাধা অকণকে খাই লোৱা যাওঁক বৰুৱাই ভাবিলে । চাধা মোহাৰি মোহাৰি বৰুৱাই ভাবিলে চাধা খোৱাওটো বহু বছৰ হ'ল । ক্লাচ নাইনত থাকোতেই আৰম্ভ কৰিছিল চাগে । এইবোৰ কথা লিখিব জানো আত্মজীৱনীথ । নাই নাই লিখিব নোৱাৰি তাতে আকৌ আত্মজীৱনীত ।একদম নোৱাৰি । কিন্ত নিজৰ গোটেই কথাখিনি নিলিখিলে জানো আত্মজীৱনী হ'ব ? চেহ কিনো কথাবোৰ ভাবি আছে । জলদি লিখা আৰম্ভ কৰাই ভাল বুলি বগাপাত এখিলাত নীলা চিয়াহীৰে ডাঙৰকৈ লিখিলে- "নিবাৰণ বৰুৱাৰ আত্মজীৱনী ।'' তলত দুডালমান ডাঙৰকৈ আচও দি ল'লে ।
কৰ পৰা আৰম্ভ কৰিব ? শৈশৱৰ পৰাই আৰম্ভ কৰা যাওঁক আজিকালি প্ৰায়ে দেউতাকলৈ মনত পৰে বৰুৱাৰ ।আগতে কেতিয়াও ইমান মনত পৰা নাছিল । গৰমৰ দিনত দেউতাকৰ পিঠিৰ ঘামচি ভাঙি দিয়াৰ সময়ত প্ৰায়ে সুধিছিল-
- সেই তৰাবোৰ দিনত কিয় নাথাকে ? জোনটোও নাথাকে দেখো । ৰাতি কৰ পৰা আহে ?
- দেউতাকে মাথো হাঁহি হাঁহি কৈছিল ভালকৈ পঢ়ি ডাঙৰ মানুহ হ নিজেই উত্তৰ পাই যাবি ।
সি বেছিকৈ আমনি কৰিলে দেউতাকে তাক আকাশৰ তৰাবোৰ গনিবলৈ কৈছিল আৰু সি এফালৰপৰা তৰাবোৰ গনিছিল । গন্তি কৰাই নহৈছিল ইমান সৰু সৰু কিছুমান ভালকৈ মনিবই নোৱাৰি । তৰাবোৰও সদায় একে ঠাইত নাথাকিছিল । খুব খং উঠিছিল তাৰ । জোনটো চাবলৈ বৰ ভাল পাইছিল । কিমান দিন যে হ'ল জোনটো নোচোৱা আৰু দেউতাকৰ শৰীৰৰ সেই আঁচৰিত গোন্ধটো কেতিয়াও পাহৰিব নোৱাৰে সি । তাৰ বেমাৰ হ'লে দেউতাকে তাক কোলাত বহুৱাই লৈছিল আৰু দেউতাকৰ মূৰত মূৰ থৈ সি নিচিন্তমনে টোপনি গৈছিল । কি আঁচৰিত আছিল দিনবোৰ । এবাৰ ঘূৰাই পোৱা হ'লে । কিমান যে কথা পাতিব লগা আছে দেউতাকৰ লগত ।
- হেৰি শুনিছেনে,ভাত হ'লেই । গাটো ধুই আহকগৈ । সোনকালে কামৰ পৰা আজৰি হ'ব লাগে । আবেলি শৰ্মা বাইদেউহঁতঁৰ তালৈও যাব লাগিব । কাপোৰও তিয়াই থোৱা আছে । কাম, কাম আৰু কাম । শৰীৰে টানিব নোৱাৰা হৈছে আৰু এই সংসাৰৰ বোজা ।
দিলে গোটেইখন খেলি মেলি লগাই । নোৱাৰি এনেকৈ নোৱাৰি । মনে মনে বৰুৱাই ভাবিলে । কলমটো বন্ধ কৰি থৈ গা ধুবলৈ উঠিল । মুখত অসন্তষ্টিৰ ভাবএটা লৈ বৰুৱাই ভাবিলে আবেলিয়েই লিখা যাওক ।
দুপৰীয়া ভাত খাই উঠি অলপ জিৰাই উঠি বৰুৱাই টেবুলত বহিলে । মালতীও নাই ভালেই হ'ল বুলি ভাবি পুৰণি কথাবোৰ মনত পেলাব ধৰিলে । দেউতাকে তাক পঢ়াই শুনাই বহুত ডাঙৰ মানুহ কৰিম বুলি ভাবিছিল । গাঁৱৰ পৰা ওলাই অহাটো বিচাৰিছিল । নিবাৰণ বৰুৱাৰ দেউতাক খেতিয়ক হ'লেও মনটো আছি বিশাল । কিন্ত কি হ'ব দুদিনৰ জ্বৰত দেউতাক ঢুকাই থাকিল । তাৰ পাছত যি হ'ব লগা আছিল সেয়াই হ'ল ।
ডাঙৰ ককায়েকে খেতিত ধৰিলে ।নিবাৰণ বৰুৱষই কোনো মতে হাইস্কুলৰ দেওনা পাৰ কৰি ওচৰৰ কলেজতে পঢ়িবলৈ ল'লে । মাজে মাজে খেতিৰ ফালেও মন দিয়ে । বৰুৱাই কোনো মতে কলেজ সমাপ্ত কৰি চহৰত চাকৰি এটা যোগাৰ কৰি তাতেই থাকিবলৈ ল'লে । অৱসৰৰ পিছত চহৰৰ উপকণ্ঠ অঞ্চলত সৰুকৈ ঘৰ এটাও সাজিলে ।গাঁৱৰ মাটি বাৰী সব ককায়েকে ল'লে । নিবাৰণ বৰুৱাইও কেতিয়াও খুজিবলৈ নগ'ল । চহৰতেই কোনো মতে ছয়জনীয়া সংসাৰখন জোৰা টাপলি মাৰি চলাই থাকিল । ভাবিছিল ল'ৰা - ছোৱালী কেইটাই পঢ়ি শুনি কিবা এটা কৰিব । ডাঙৰ ছোৱালীজনীক বিয়া দিলে কেতিয়াবাই । সৰুজনীকো ভাল ল'ৰা এটা চাই বিয়া দিব লাগে । ডাঙৰ ল'ৰা সমীৰণে কোনোবা কোম্পানীত চাকৰি কৰে । বিয়া কৰাই সি ঘৰৰ পিনে পিঠি দিয়া যেনেই হৈছে । বেলেগ চহৰত থাকে । আৰ্থিক একো সহায় নাপায় বৰুৱাই । ভাবিছিল ল'ৰাটোৰ চাকৰি পোৱাৰ পাছত অলপ সকাহ পাব । নাই নহ'ল, একোৱেই নহ'ল জীৱনটোত । পেঞ্চনৰ পইচা কেইটাৰে চলি আছে কোনোৰকমে । সৰু ল'ৰা মানৱৰ নামেই শুনিব নোখোজে বৰুৱাই । সি ক'ত যায় কি কৰে একো ঠিক নাই । দাড়ি চুলি একো নাকাটে । ৰাতি ভাত খাবৰ পৰতহে ঘৰ সোমায় । তাকো সেইটুপি ধৰিহে আহে । তাক খং কৰিও লাভ নাই । এম এচ চি পাছ কৰি ঘৰতে বহি আছে । ক'তো একো হোৱা নাই । ঘোচ দিবলৈও পইচা নাই । পুৱাই ওলাই যায় । সব লগ সংগবোৰ একেই । নিচাত ডুবি থাকে।বৰুৱাই ভাবি নাপায় কি হ'ব এই ল'ৰাবোৰৰ, ভবিষ্যত কি ইহঁতৰ । বৰুৱাৰ সামৰ্থও নাই তাক কিবা এটা কৰিবলৈ আৰ্থিক ভাবে সহায় কৰিবলৈ । পেঞ্চনৰ পইচাকেইটাৰে সংসাৰখনেই নচলে ভালকৈ । কিনো কথাবোৰ ভাবি থাকিল । বৰুৱাই খপজপকৈ উঠিল চকীৰপৰা । সন্ধিয়া লাগিবৰে হ'ল । কলিতাৰ দোকানৰ পৰাই এপাক অহা ভাল বুলি ভাবি হাত মুখ ধুবলৈ গ'ল ।
ৰাতি ভাত খাই উঠি বৰুৱাই টেবুলত বহিল । অইন দিনা হোৱা হ'লে মালতীৰ লগত বহি টিভি চালেহেতেঁন । আজি কিন্ত টিভিৰ ওচৰত বহিব মন নগ'ল । মালতীয়ে মাতিছিল দুবাৰমান । বৰুৱাই সহাৰি নিদিয়া যেন পাই নামাতিলে আকৌ । মাথোঁ মুখেৰে ভোৰ ভোৰাই থাকিল "কি যে হৈছে মানুহটোৰ দিনে দিনে । যিমানে বুঢ়া হৈছে সিমানে আকোৰ গোজ হে হৈছে ।"
চকীৰ পৰা উঠি বৰুৱাই লাহেকৈ বিচনাত বাগৰ দিলে । আজিও লিখা নহ'ব । পুৰণি বহু কথাই উকমুকনি দিলে মনত । কথাবোৰ চিজিল লগাব নোৱাৰে বৰুৱাই । সৰুকালৰ কিছুমান কথা মনত পেলাও বুলিও পেলাব নোৱাৰিলে বৰুৱাই।অস্পষ্ট কিছুমান যেন স্মৃতি । ধুঁৱলী কুঁৱলী সব । বয়সও হৈছে । অৱসৰ লোৱাৰ সাত বছৰ হব সহা মাহত ।
বিচনাত শুই শুই বৰুৱাই ভাবিব ধৰিলে কি লিখিব তেওঁৰ আত্মজীৱনীত । তেওঁৰ দুখৰ কাহিনী । সৰুৰ পৰা ডাঙৰ হোৱালৈ পোৱা অভাৱ অনাটন বা কষ্টৰ কথা । এতিয়াওটো তেওঁ একেই কষ্টতে আছে । তেওঁতো নিজেই অসফল মানুহ যিয়ে নিজৰ সংসাৰখনেই ভালকৈ চলাব নোৱাৰে । তেওঁৰ আত্মজীৱনী জানো পঢ়িব কোনোবাই ? তেওঁতো জীৱনত একো উল্লেখনীয় কাম কৰা নাই যাৰ বাবে মানুহে তেওঁক মনত ৰাখিব । আন দহজন মানুহৰ দৰেই তেওঁতো একেই । যিয়ে সংসাৰ কৰে ল'ৰা - ছোৱালী ডাঙৰ দীঘল কৰে আৰু মৰি থাকে । কি হ'ব আত্মজীৱনী লিখি । নাই নিলিখে তেওঁ একো দৰকাৰ নাই আত্মজীৱনী লিখাৰ । এই বুলি তেওঁ টেবুলৰ ওচৰলৈ আহিল । পাত খিলা হাতত ল'লে য'ত লিখা আছে "নিবাৰণ বৰুৱাৰ আত্মজীৱনী" আৰু দুপলকমান চাই ৰল।তাৰ পাছতে হাতেৰে মোহাৰি পাতখিলা খিৰিকীৰে পেলাই দিলে । চাধা অকণ মোহাৰি মোহাৰি ভাবিলে এতিয়াহে মনটো মুকলি লাগিছে । চাধাখিনি ওঠৰ তলত দি লাইটটো অফ কৰি বিচনালৈ আহিলে । শুই শুই ভাবিলে কোনেও শুনিব নালাগে তেওঁৰ অতীত বা তেওঁৰ মনৰ কথা । যি কেইটা দিন আছে এনেকৈয়ে চলি যাব মৃত্যু নহালৈকে।চকু দুটা মুদি বৰুৱাই শুবলৈ যত্ন কৰিলে ।








