কিমান যে যত্ন সহকাৰে নাকৰ বাঢ়ি অহা লোম কেইডাল চিঙিছিলো । নিশ্চিত আছিলো যে এই দৃশ্য কোনোৱে নেদেখিব, কাৰণ ৰেষ্টুৰেণ্টখন গোটেই খালি । নাকৰ লোম চিঙা শিল্পী মই এই কামটোত ডুব গৈ থাকোতেই গমেই নাপালো কেতিয়া ময়ুৰী আহি মোৰ পিছত ৰ'লহি । ময়ুৰীয়ে গলাৰে এহেম এহেম কৰোতেহে মই বাস্তৱ জগতলৈ উভতি আহিলো । মই পিছলৈ ঘূৰি চাই থতমত খাই গ'লো । চকীৰ তলতেই কোনো মতে হাতখন মুচি উচ্ছাসিত ভঙ্গিৰে ক'লো- আৰেই ময়ুৰী... আহিলা ?’ময়ুৰীয়ে তিক্ত দৃষ্টিৰে মোৰ হাতলৈ লক্ষ্য কৰি চুকু অন্যফালে নিলে । লক্ষ্য কৰিলো, সোঁ - হাতৰ ত্ৰজনী আঙুলিটোত ক'লাকৈ টান নাকৰ কিবা অলপ লাগি আছে । বুঢ়া আঙুলিটোৱে সেইটো গোটাই দূৰলৈ উৰাই দিলো ।
- ‘থিয় হৈ আছা কিয়, বহা না ।‘ ময়ুৰীয়ে মোৰ মুখা-মূখি আহি বহিল । সম্পূৰ্ণ ২২ বছৰত ভৰি দিয়া ময়ুৰীৰ সৈ'তে মোৰ সম্পৰ্ক প্ৰায় এবছৰ পূৰ হ'ল । উজ্জ্বল, শ্যামলা, ককাঁললৈকে পৰা দীঘল চুলি, মিঠাবৰণীয়া চেহেৰা, অসমীয়াত আৱদনময়ী ইংৰাজীত চেক্সী, হাঁহিলে দিপীকা পাদুৰীকণৰ দৰেই গাল দুখন সোমাই যোৱা ময়ুৰীৰ মনটো আজি ধুনীয়া যেন লগা নাই । এনেই কিন্তু সকলো সময় হাঁহি - মাতি থাকে, কিন্তু আজি কিয় জানো মুখখন শুকান শুকান লাগিছে !!. ময়ুৰীয়ে কেই ছেকেণ্ডমান সময় মনে মনে থাকি অলপ ঠাণ্ডা সুৰেৰে ক'লে-
- দীপ, এটা প্ৰশ্নৰ উত্তৰ দিয়া মোক ।
মই অলপ উদ্বিগ্নতা ভাৱেই শুধিলো-
- কি প্ৰশ্ন ?
- পিংকী কোন ?
- আৰেই, আহিয়েই চুলুউ মেডিয়াম বলত বাউন্সাৰ বল মাৰিলে ! পিংকীৰ লগত মোৰ সম্পৰ্ক আছিল ময়ুৰীতকৈ ঠিক আগতে । ময়ুৰীক মোটা মুটি পতাই লোৱাৰ পাছতেই তাইক এৰি দিছিলো । কিন্তু… এই আকৌ পিংকীক চিনি পালে কেনেকৈ ?
- একো কোৱা নাই যে কেলেই ?
অলপ মিলমিলীয়া কণ্ঠেৰে জনালো যে-
- পিংকী মোৰ চাইল্ডহুড ফ্ৰেণ্ড, দেউতাৰ বন্ধুৰ জীয়েক ।
- অ' আচ্ছা, আংকলৰ ফ্ৰেণ্ড ! তেনেহ'লে তেওঁ কেনেধৰণৰ ফ্ৰেণ্ড আছিলনো ?
- দেউতাৰ ব্যৱসায়ৰ বন্ধু আছিল এসময়ত ।
ময়ুৰীয়ে মোৰ চকুত চকু ৰাখি অবজ্ঞা ঠাৎট্টা সূচক হাঁহিৰে ওঁঠ এখন বেকা কৰি হাঁহিলে । মই চকু সলাই ৰেষ্টোৰেণ্টখনৰ বাহিৰৰ দৃশ্যবোৰলৈ মনোযোগ দিবলৈ চেষ্টা কৰিলোঁ । হিমন্ত, নীলমণি, বদৰুদ্দিন - গগৈ নামৰ ৰাজনীতি শিল্পী কেইজনৰ কথাও মনলৈ আনিব চেষ্টা কৰিলোঁ ।
- শুনা দীপ, পিংকী মোৰ ভণ্টীৰ ক্লাচমেট আছিল কলেজৰ । সেইদিনা ভণ্টীৰ বাৰ্থডে পাৰ্টত তাইৰ সৈ'তে মোৰ দেখাদেখি হৈছিল । মোক দেখোন কৈছে তাইৰ দেউতাক হেনো মেডিকেল ডিপাৰ্টমেণ্টতহে কাম কৰে ।
- ভুলকৈ কৈছে তাই বোধ হয়,
- হয়নে ?
ধুৰ বেং ! কিমানজনীৰ লগত প্ৰেম কৰিলো হিচাপ নাই ! কাৰ বাপেকে কি কৰে সেইবিলাক মনত ৰখা সম্ভৱ নেকি ! মই সেমেনা - সেমিনিকৈ...
- অ' হয় হয়, মনত পৰিছে ! মেডিকেলত কাম কৰে ।
পিংকীৰ সৈ'তে মই গোটেই পাৰ্টিটোত কথা পাতিয়েই পাৰ কৰিলো'… ময়ুৰীয়ে সৰু এটা শ্বাসলৈ আকৌ ক'লে,
- সকলো কথা পাতিছো ।
- অ' ইয়ে… আচ্ছা ।
- তোমাৰ আৰু কিবা ক'বলগীয়া আছে ?
- নাই মানে… চোৱা, পাষ্ট ইজ পাষ্ট, হয়নে ?
- হয়, পাষ্ট ইজ পাষ্ট ।
- পিংকীৰ আগতে তোমাৰ যিমান বিলাক পাষ্ট আছিল সেইবিলাকো শুনিছো । সত্য কথাবোৰ জানিব পাৰিয়েই পিংকী তোমাৰ পৰা আঁতৰি গৈছিল ।’.… মোৰ মনটো পৰিষ্কাৰ হ'ল, মই যোগাযোগ বন্ধ কৰি দিয়াৰ পাছতো পিংকীয়ে কিয় ইমান দিনে কোনো উচ্চবাচ্য কৰা নাছিল । বলদ ধৰণৰ ছোৱালীজনীয়ে মোৰ ইমান গোপন খবৰ জানিলে কেনেকৈ ? ছোৱালী জাতিটো, একো কথা পেটত নাথাকে, বান্ধৱী পালেই ছাগলীৰ দৰে পে পায়াই থাকে, পেএএএ.. ! মই চলচলীয়া চকুৰে ক'লো-
- চোৱা জান, মোৰ চকুৰ ফালে চোৱা । তুমি মোক বিশ্বাস নকৰি এজনী বাজে ছোৱালীৰ কথা বিশ্বাস কৰিছা ? এইটো দিনও দেখিব লগীয়া হ'ল মই ?
- ষ্টপ বুল শিটিং, দীপ ! তাইৰ কাষত বহুত স্ক্ৰীনশট আছে, যিবিলাক হয়তো তুমি নাজানা । তুমি আন ছোৱালীৰ লগত ছাত কৰাৰ স্ক্ৰীনশট । সেইবোৰো মই কপি কৰি লৈছো । দেখাম নে ?
- এই… আচলতে এই যুগটোৱেই ফটোশ্বপ যুগ…’ ... কৈ কৈ মই অবাক হৈ ভাবিলো, এইবিলাক পিংকীয়ে যোগাৰ কৰিলে ক'ৰ পৰা ?.ময়ুৰীয়ে নাক - মুখ কোচ খুৱাই ক'লে-
- ছিঃ ! ছিঃ ! তোমাৰ ফালে চাবলৈ মোৰ ঘিণ লাগিছে । ইমান দিনে কেনেকৈ কি ভাবি যে তোমাক বিশ্বাস কৰি আগুৱাই গৈছিলো, সেইটোও মোৰ বিশ্বাস হোৱা নাই !
মই মনে মনে ৰ'লো । একো কোৱাৰ সাহস নাই ।
- আৰু শুনা, যোৱাৰ আগত দুই - এটা সঁচা কথা কৈ যাওঁ । ময়ুৰীয়ে চকু ডাঙৰ কৰি অলপ দম দি ক'বলৈ আৰম্ভ কৰিলে-
- প্ৰতিদিনে গা - ধুবলৈ চেষ্টা কৰিবা । গাৰ গোন্ধত থাকিব পৰা নাই । মানুহৰ গাৰ পৰা যে পিঁয়াজৰ গোন্ধ আহিব পাৰে সেই কথা তোমাক নেদেখিলে বিশ্বাস কৰিবই নোৱাৰি; ইমান দিনে ভাল ল'ৰা বুলি ভাবি বহু কষ্টেৰে গোন্ধ সহ্য কৰিলোঁ আৰু এনেকৈ নাক চাফা কৰি য'তে ত'তে মুছি পেলোৱা তোমাৰ এইয়া কেনে স্বভাৱ ? এই কামটো তুমি প্ৰায়েই কৰা । তুমি কি ভাবা এইবিলাক কোনোৱে লক্ষ্য নকৰে ? মাত্ৰ সুন্দৰ চেহেৰা আৰু মিঠা কথাৰে সকলো নহয় । ভগৱানে বচালে মোক যে তোমাৰ দৰে এটা থাৰ্ড ক্লাচ ল'ৰাৰ সৈ'তে আজি ব্ৰেক - আপ হৈছে । আই ফিল চো ৰিলিভ্ড নাউ ।''
ইমান পৰে বেয়া লগা নাছিল, এইবাৰ সঁচাকৈয়ে বুকুখন বিষাই গৈছিল, বিচ্ছেদৰ বিৰহত নহয়, পিঁয়াজ গোন্ধৰ কালিমা লেপনতহে বহুত দুখ পালো ।
- এইবিলাক কি ধৰণৰ কথা ময়ুৰী ?
ময়ুৰীয়ে কোনো উত্তৰ নিদি ফুৰ - ফুৰাই আঁতৰি গ'ল । মই এজন আশাবাদী মানুহ, লগতে নিজকে এজন ৰমণী মোহন পুৰুষ হিচাপে বিবেচনা কৰিবও ভালপাঁও । মুঠতে কাৰোকো কোৱা নাই, কোনোবাই বিচাৰিলে মই প্ৰমাণ দেখাব পাৰি । এই প্ৰযন্ত মোৰ স্কোৰ কিমান হ'ব....!!! বিশ-পঁচিশ...!!! ভাবোতেই এটা বুদ্ধিমত্তা সম্পন্ন হাঁহি অট'মেট্ৰিক ওলাই আহিল ! সুউচ্চ আশাবাদিতা আৰু তীব্ৰ নাৰী বল্লভতা যোগ কৰি মই ডাঠি ক'ব পাৰো যে - এজনী ময়ুৰী গৈছে, তেনে হাজাৰজনী ময়ুৰী আহিব । গুৱাহাটী বাছবোৰৰৰ দৰে । ইয়াত হতাশ হ'বলগীয়া কোনো কাৰণেই নাই । মোৰ মনক ন-উদ্দীপনতা জগাই ওৱেটাৰজনক হাত দি মাতিলো,
- অই, সৰু পোৱালী এটা আৰু চিকেন চাউ একপ্লেট লৈ আহ ।
পোৱালীটো আৰু চাউমিনখিনি শেষ কৰি বাহিৰলৈ ওলালো, মোৰ নাকৰ অৱশিষ্ট সকলো লোম আজিৰ বাবে এৰি দিলো । ময়ুৰীৰ লগত আজি কি যে হৈ গ'ল । ধেইত ! বতাহত বাগৰি অহা তাইৰ চুলিৰ সুৱাসটো কি যে ধুনীয়া ! সেই সুৱাসৰ পৰা আজি বঞ্চিত হ'লো… এইটোৱেই এটা আফচোচ ।.কাইলৈৰ পৰা নতুন বাছ ধৰিব লাগিব । নিতুমণিয়ে বহু কেইদিন ফুৰিবলৈ যাঁও বুলি কৈ কামোৰ দি আছিল, তাইলৈ এটা ফ'ল কৰিলেই চাগে নিশ্চয় সুৰত আহি যাব । অলপ শকত হ'লেও দেখিবলৈ বেয়া নালাগে । আৰেই চৰকাৰৰ ৰিটেলৰ চাউলক জহা চাউলৰুপে গণ্য কৰিব লাগিব- বুদ্ধিয়ক সকলে তাকেই কৰে ।
ইফালে - সিফালে অলপ ঘূৰি এখন তামোল - পাণ দোকানত অলপ সময় কটাই নিজৰ ৰাস্তাৰ পৰ্যবেক্ষণ শক্তি পুৰঠ কৰি ল'লো । ঘৰ পাওঁতে ৰাতি ১০ মান বাজিল । ফ্ৰেচ হৈয়েই ফ'ন কৰিলো মোৰ গোলগাল বান্ধৱী নিতুমণীক । প্ৰেমৰ নতুন বাছৰ টিকট কাটি ৰখাটো প্ৰয়োজন ।
- অই মোৰ সৰু চৰাইজনী কেনে আছ ?
- হুম, ভালেই।
- কিমান দিন যে হ'ল তোমাক দেখাই নাই ! বহুত মিচ কৰিছো তোমাক । কাইলৈ এবাৰ দেখা কৰিবিনে ?
- ‘অ দীপ দা, মই নেক্সট কেইদিন মানৰ পৰা অলপ বিজি আছো ।
- ঠিক আছে, ফ্ৰী হ'লে মোক জনাবি । তাৰ পাছত কোৱা, এইকেইদিন কেনে গৈছে দিন-ৰাতি....? ফেচবুকত তোমাৰ ছিলং ট্যুৰৰ ফটো দেখিলো, অলপ শুকাই গৈছা (আচলতে তাই আগতকৈ অলপ শকত হৈছেহে) । তোমাৰ এখন ছবি মই চায়েই আছো…
- দীপ দা, মোক মায়ে মাতিছে । এতিয়া ৰাখিছো, অলপ পাছত ফ'ন কৰিবা..
মই কিবা কোৱাৰ আগতেই তাই ফ'নটো কাটি দিলে । বহুত হতভম্ব হ'লো । নিতুয়েতো কেতিয়াও এনেকৈ এক মিনিটৰ ভিতৰতে ফ'ন নাৰাখে ! আৰু এনেকৈ কথা নকয় দেখোন । কিহে পালে আজি । ধুৰ এই হাতীজনী আৰু শকত হৈ পৰক প্ৰভু !.এইবাৰ পূৰ্ৱালীলৈ ফ'ন লগালো । ৰিং হৈছিল, কিন্তু তাই কাটি দিলে । আচলতে দিনটোৱেই মোৰ বেয়া ! আজি বাছৰ টিকেট পোৱাও আশা টান, টেম্পোকে ধৰিব লাগিব । অপ্তাৰিক ফ'ন লগাম বুলি ভাবিছিলো, তেনে সময়তে ৰুপমৰ ফ'ন আহিল ।
- অই, সেই তেতিয়াৰ পৰা পাগলৰ দৰে ফ'ন লগাই আছো তোলৈ !
- ফ'নটো চাৰ্জ নাছিল অ', দহ মিনিটৰ আগতে অন কৰিছো । কিয়... কি হ'লনো ?
- তই একো নাজানই নেকি ?
- মানে ?
- ফেচবুক খুলিছনে আজি ?
- দুপুৰীয়া এপাক মাৰিছিলো । আৰেই ঘটনাটো কি ?
কৈ থাকোতেই তলপেটতো অকস্মাৎ বিষ কৰি উঠিল, কাৰণ ৰেষ্টোৰেণ্টৰ চাউমিন নে আন কিবা কাৰণে হৈছে সেইয়া নাজানো ।
- ঐ, তোৰ যে এটা গাৰ্লফেণ্ড আছিল, ময়ুৰী..... তাইৰ প্ৰফাইলত সোমাই চা । মই ৰাখিলো ।
হঠাৎ অলপ কঁপি উঠিলো । ঠাণ্ডাত লেপৰ তল মানে বিছনাৰ পৰা উঠিলে পেছাব কৰিবলৈ যাওঁতে যিদৰে কঁপনি উঠে ঠিক তেনেকৈ কঁপি উঠিলো । দ্ৰুততাৰে ফেচবুক ল'গিন কৰি আৱিষ্কাৰ কৰিলো, ইনবক্সত গোটেই নতুন মেচেজ । ময়ুৰীৰ প্ৰফাইলত সোমাব প্ৰয়োজনেই নহ'ল, প্ৰথম নটিফিকেচনতেই পালো, - “Mayuri Devi tagged you inher note….” - এটা বিশাল লেখা। লেখাৰ শিৰোনাম- ‘পিঁয়াজ মানৱৰ পৰা সাৱধান’। এই প্ৰযন্ত লাইকৰ সংখ্যা ৮০৭ টা । শ্বেয়াৰ হৈছে ৫২ বাৰ । এই কম সময়তেই !!. সম্পূৰ্ণ লেখাটো মনোযোগ দি পঢ়া সম্ভৱ নহ'ল, দৃষ্টি ঘোলা হৈ গৈছে । অনুচ্ছেদবোৰৰ মাজে মাজে বিভিন্ন নাৰীৰ লগত পিঁয়াজ মানৱৰ কথোপকথনৰ স্ক্ৰীণশ্বট দিয়া আছে । লেখাটোৰ শেষত পিঁয়াজ মানৱৰ হাস্যমুখী ছবি আৰু ব্যক্তিগত প্ৰ'ফাইলৰ লিংক । মোৰ ঘোলা চকুৰে পোষ্ট আপলোড কৰাৰ সময়টো লক্ষ্য কৰিলো । সন্ধিয়া ৭ টা ৪০ ত । ৰেষ্টোৰেণ্ট পৰা ময়ুৰী বাহিৰ হৈ যোৱাৰ ঠিক ৪০ মিনিটৰ পাছতেই আপল'ড কৰিছে । অৰ্থাৎ, ময়ুৰীয়ে এই বৈৰী লেখাটো আগৰে পৰা তৈয়াৰ কৰি ৰাখিছিল । ঘৰ গৈ পোৱাৰ পাছতেই অনলাইন প্ৰকাশনৰ শুভকৰ্মটি সম্পন্ন কৰিছে ।
ৰুমৰ ভিতৰতেই এজনী নাৰী মূৰ্তিৰ ছাঁৰ অবয়ৱ দেখা পালো । এই নাৰী জনী দেখোন মোৰ প্ৰেমিকা ময়ুৰীৰ দৰেই, কেৱল মুখমণ্ডল উজ্জ্বল আৰু বাঁওহাতত এটা ডাঙৰ আকৃতিৰ স্কু - ড্রাইভাৰ । ম'বাইল ফোনটো বাজিছে । পিটবুলৰ নতুন গানৰ ৰিংটোনটো কি যে ফালটো লাগিছে ! নাজানো কোনে কল কৰিছে, জনাৰ ইচ্ছাও নাই । মই ফ'ন নধৰি, দেহৰ এটি স্পর্শকাতৰ দ্বি - প্রতিসম অঙ্গ ইস্পাতৰ ন্যায় টান কৰি টয়লেটলৈ ৰাওনা হ'লো । টয়লেটৰ ভিতৰত বল দি আছোহে আছো, তলপেটৰ মৃদু বিষটো যেন কমিব বিচৰাই নাই । ক'ৰ পৰা যে পিঁয়াজৰ গোন্ধ এটা ভাঁহি আহিছে, কেঁচা পিঁয়াজৰ গোন্ধ…








