প্ৰেম, বৰ্ণময়তাৰ এক অবিৰত যাত্ৰা (আইলুং লাহন বৰা)

ব'হাগৰ দৰেই আহে তোমাৰ অনুভৱ মোৰ বুকুলৈ ! যেতিয়াই অনুভৱ কৰো তোমাৰ পৰশ মোৰ হৃদয়ত, মই যেন সেউজ হৈ উঠো নিমিষতে আৰু মোৰ দেহৰ ভাঁজে - ভাঁজে ফুলি উঠে সুগন্ধি তগৰ !

(স্নেপপটঃ এক)

"তোমাৰ ভাৱনাৰ সাগৰত উটি - ভাঁহি
শুৱাই নহ'ল জানা
আজি গোটেই ৰাতি,
কেতিয়া কৰিবা লগ
মোৰ সপোন - ৰাণী ?
Happy Valentine's Day 
Love you jaan 😍😍"
পুৱা বিচনাতে হোৱাটচ্ এপত তুষাৰৰ মেছেজটো পাই মুখখন ফৰকাল হৈ উঠিল নিমিষাৰ । আজি Valentine's Day, তুষাৰৰ সৈ'তে আজি তাই শ্বিলঙলৈ ফুৰিবলৈ যাব আৰু ৰাতিলৈ তাৰে হোটেলত লেট নাইট পাৰ্টি কৰিব । ইতিমধ্যে সুপ্ৰিয়া - বিকি, নাটাশা - শ্ৰেয়মহঁত শ্বিলং পালেগৈয়ে । তাইৰ ফেশ্বন শ্ব' এটা থকা বাবেহে...


(স্নেপপটঃদুই)

জিঅ' চিমখন আৰু ফ'ৰ জি হেণ্ডচেটটো সৃষ্টিৰ জন্মদিনত পৰাণেই উপহাৰ দিছিল । পৰাণ থাকে গুৱাহাটীত আৰু সৃষ্টি নগাঁৱত আৰু ফোনতে সিহঁতি পাৰ কৰে ঘণ্টাজুৰি ঘণ্টা সময় ! সৃষ্টিৰ সৈ'তে কথা পাতি এক অপূৰ্ব মাদকতা লাভ কৰে পৰাণে । সৃষ্টিয়েও তাক প্রাণভৰি ভাল পায় । সিহঁতৰ ঘৰ দুখনেও সন্মতি দিছে সিহঁতৰ সম্পৰ্কক । কিন্তু তথাপিও যেন তৃপ্ত নহয় পৰাণ ! সি বিচাৰে সৃষ্টিক সম্পূৰ্ণকৈ পাবলৈ ! কিন্তু....
সেয়ে, সি ববীৰ কাষলৈ যায় । তাইৰো বয়ফ্ৰেণ্ড আছে । কিন্তু তাই ভয় কৰে, ৰণক ক্ল'জ হ'বলৈ সুযোগ দিলে সি যদি তাইক সৰ্বশ্ৰান্ত কৰি গুছি যায় ! সেয়ে, তাই পৰাণৰ প্ৰস্তাৱটো মানি ল'লে । এতিয়া সিহঁত দুয়োটা তৃপ্ত ! যেতিয়াই শৰীৰৰ প্ৰয়োজন হয় পৰাণ আৰু যেতিয়াই মনৰ প্ৰয়োজন হয় ৰণ । একেদৰে পৰাণৰো সৃষ্টি আৰু ববীৰ সৈ'তে সমান্তৰাল সম্পৰ্ক !


(স্নেপপটঃ তিনি)

"গুণগুণ, মোক বাৰু তুমি কিমান ভালপোৱা ?"
"এইবিলাক জানোঁ কোৱা কথা, অনুৰাগ ? মোৰ উপলব্ধিতকৈও উৰ্দ্ধত তোমাক ভালপোৱাৰ অনুভৱ ।"
"তাৰমানে মোৰ দৰে তুমিও বিশ্বাস কৰা,প্ৰকাশ কৰিলে ভালপোৱা কমি যায় বুলি ?"
"নিশ্চয় ! তুমি মোৰ প্ৰতিটো অনুভৱ, মই তোমাৰ প্ৰতিটো অনুভৱ বুজি পোৱাটোৱেই জানো প্ৰকাশ নকৰে আমাৰ প্ৰেমৰ গভীৰতা ?"
"সঁচা,প্ৰতিটো উদাসী দুপৰীয়া, প্ৰতিটো জোনাক গ'লা নিশা আমিযে হাতত হাত ধৰি নিঃস্তব্ধে আলাপ কৰোঁ, এইবোৰ হয়তো প্ৰকাশ কৰা হ'লে ইমান বেছি মধুৰ হৈ নুঠিলেহেঁতেন !"
"সেয়ে আজি মই তোমাক প্ৰেমৰ দিনত শুভেচ্ছা জনোৱা নাই । আমাৰ বাবেতো প্ৰতিটো দিনেই প্ৰেমৰ দিন, নহয় জানো ?"


(স্নেপপটঃ চাৰি)

- তুমি মোক নুচুবা, অবিনাশ
- কিন্ত কিয় ? আজিতো আমাৰ ফুলশৰ্যাৰ নিশা ।
- মোৰ দেহ - মন হীমলৰ সৈ'তে এক হৈ আছে । মই তাৰ বাহিৰে বেলেগক মোৰ হৃদয়ত ঠাই দিব নোৱাৰো । এই বিয়া মোৰ ইচ্ছামতে হোৱা নাই ।
- তেনেহ'লে তুমি কিয় আগুৱাই আহিলা মোৰ জীৱনটো ধ্বংস কৰিবলৈ ? তোমাৰ এই ভুলৰ শাস্তি তুমি ভূগিবই লাগিব ।

অবিনাশ গীতাৰ ওপৰত জপিয়াই পৰিল । তাইও দুগুণ জোৰেৰে আৰ্তনাদ কৰি উঠিল । বচ, মাত্ৰ এটা নিশাতেই কিচ্ছেনৰ গেছ লিক কৰি জ্বলি মৰিল গীতা ।
উপৰোক্ত প্ৰতিটো দৃশ্যপট আমাৰ তেনেই চিনাকী আৰু তাৰ অন্তৰালৰ কাৰণ হৈছে- "প্ৰেম" । ভিন্নজনৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞাও ভিন্ন । কাৰোবাৰ বাবে ই হৃদয়ৰ প্ৰয়োজন, কাৰোবাৰ বাবে দেহৰ, কাৰোবাৰ বাবে যৌৱনৰ খেলা আৰু কাৰোবাৰ বাবে দেহ - মনৰ মিলন !

যদিও প্ৰেমৰ প্ৰেক্ষাপট সলনি হৈছে, তথাপি প্ৰেমৰ সেই চিৰন্তন সুবাসটো এতিয়াও বহুতৰ হিয়াত মল মলাই আছে, অনুৰাগ - গুণগুণৰ দৰে ।
প্ৰকৃত প্ৰেমৰ অন্ত নাই । ই এক বোৱতী নদী, যি প্ৰতিপল হৃদয় উপচাই বোৱাই নিয়ে বাঙ্ময়তাৰ সেউজ ফল্গুধাৰা । প্ৰেম সফলতাৰ মুল মন্ত্ৰ, প্ৰেমৰ কোনো কালেই নাই কোনো সীমনা, যুগে - যুগে প্ৰেম হৈ ৰ'ব অবিনশ্বৰ !