মৃচ্ছকটিকম্ঃ এক বিশ্লেষণ (কবিতা চৌধুৰী)

সংস্কৃত সাহিত্যত নাট্য সাহিত্যৰ এক অনন্য দখল আছে । ভাৰতৰ প্ৰাচীন নাট্যকাৰ সকলৰ ভিতৰত মহাকবি কালিদাস, শূদ্ৰক, ভৱভূতি, শ্ৰীহৰ্ষ, ভট্টনাৰায়ণ আদি নাট্যকাৰ সকলৰ নাম উল্লেখযোগ্য । এই নাট্যকাৰ সকলৰ ভিতৰত মহাকবি শূদ্ৰকৰ এক বিশিষ্ট স্থান আছে । ৰাজতৰঙ্গিনীৰ স্ৰষ্টা কলহনে শূদ্ৰকক বিক্ৰমাদিত্যৰ সমতুল্য বুলি উচ্চ প্ৰশংসা কৰিছে । এনে এগৰাকী নাট্যকাৰৰ কাপেৰে ৰচিত হৈছিল এখন উচ্চ মানৰ নাট (অৱশ্যে ইয়াক প্ৰকৰণ বুলি কোৱাহে সমীচিন হ'ব) যিখন হৈছে মৃচ্ছকটিকম্ । সংস্কৃত সাহিত্যৰ ক্ষেত্ৰত শূদ্ৰকৰ মৃচ্ছকটিম্-ৰ নামনললে আধৰুৱা হৈ ৰ'ব।এই সুযোগতে প্ৰকৰণ কি জানি থোৱা ভাল হ'ব ।

আলংকৰিক বিশ্বনাথ কবিৰাজে তেওঁৰ সাহিত্য দৰ্পণত মৃচ্ছকটিকম্-ক প্ৰকৰণ শ্ৰেণীৰ ৰূপক বুলি কৈছে আৰুএই প্ৰকৰণৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰিছে ।

"ভৱেৎ প্ৰকৰণে বৃত্তং লৌকিকং কবি কল্পিতম্ ।
শৃঙ্গাৰোৎঙ্গী নায়কত্ব বিপ্ৰোৎমাত্যোথবা বণিক ।
সাপায় ধৰ্মকামাৰ্থপৰো ধীৰ প্ৰশান্তকঃ ।
নায়িকা কুলজা ক্কাপি বেশ্যা ক্বাপিদ্বয়ৎ ক্কচিৎ ।
তেনে ভেদাৎস্ত্ৰয়ঃ তস্য তত্ৰ ভেদাস্তৃতীয়কঃ ।
কিতবদ্যুতকাৰাদিবিটচে­ট সংকুলঃ ।"
ইয়াৰ অৰ্থ হ'ল প্ৰকৰণ হ'ব লাগিলে বৰ্ণনা লৌকিক, কবি কল্পিত, শৃংগাৰ প্ৰধান ৰস বিশিষ্ট হ'ব লাগিব । নায়কব্ৰাহ্মণ, অমাত্য বা বণিক,ধীৰ, শান্ত, ধৰ্ম, অৰ্থ, কামৰ সাধনাত নিৰত হ'ব লাগিব । নায়িকা অৱশ্যে কোনো প্ৰকৰণত বেশ্যা, কুলস্ত্ৰী হয় আৰু কিছুমানত ধুৰ্ত, দ্যূতকৰ, বিট, ভৃত্য,চোৰ, চণ্ডাল আদি চৰিত্ৰ চিত্ৰিত হয় । মৃচ্ছকটিকম্ প্ৰকৰণ খনি লক্ষ্য কৰিলে হৈ বৈশিষ্ট্য সমূহ পৰিলক্ষিত হয় । দহটা অংক বিশিষ্ট উক্ত প্ৰকৰণৰ গঠনপ্ৰণালীত শূদ্ৰকে নাট্যবিধি উলংঘা কৰিছে যদিও ইয়াক এখন সাৰ্থক প্ৰকৰণবুলি স্বীকৃতি দিছে । নান্দী শ্লোকেৰে আৰম্ভ কৰা সংস্কৃতসাহিত্যৰ অন্যতম বৈশিষ্ট্য লিখকৰ পৰিচয় দিয়া কথাটো ইয়াৰ প্ৰস্তাৱনাত উল্লেখ আছে । সূত্ৰধাৰে দৰ্শকক উদ্দেশ্যি কৈছে-

"দ্বিৰদেন্দ্ৰ গতিশ্চকোৰনেত্ৰঃ
পৰিপূৰ্ণেন্দুমুখঃ সুবিগ্ৰহশ্চ ।
দ্বিজমুখ্যতমঃ কবিৰ্ৱভূৱ প্ৰথিতঃ শূদ্ৰক ইত্যগাধসত্বঃ ।"

মৃচ্ছকটিকম্ শীৰ্ষক সামাজিক বাস্তৱ ধৰ্মী প্ৰকৰণৰ প্ৰথম চাৰিটা অংক ভাসৰ চাৰুদত্তৰ ৰূপান্তৰ বুলি ক'ব পাৰি, আকৌ পাৰ্থক্য মাথোঁ ইমানেই যে ইয়াৰ ঘটনাৱলী অলংকৃত আৰুবিস্তাৰিত শৈলীত বৰ্ণনা কৰা হৈছে । তাৰ সৈ'তে "বৃহৎকথা"ৰ পৰা লোৱা ৰাষ্ট্ৰ বিপ্লৱ আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ কথা চাৰুদত্তক মৃচ্ছকটিকম্-ৰ ভেটি ৰচোতা বুলিব পাৰি । বিভিন্ন সময়ত কাহিনী ভাগৰ বিকাশ সাধন হৈ আহিছে । ভাস চাৰুদত্তৰ ৰচোতা, শূদ্ৰক, যিজনে সেই কাহিনী ভাগৰ পুনৰ্লি খন কৰি উৎকৰ্ষ সাধন কৰিলে, শেষত শূদ্ৰকৰ কোনো অজ্ঞাত গুণগ্ৰাহী যিজনে আৰম্ভণিতে শূদ্ৰক আৰু গ্ৰন্থখনৰ পৰিচয়াত্মক টোকাটো সংযোগ কৰিছে । চতুৰ্থজন নীলকণ্ঠ যিজনে দশম অংকৰ পিছত আৰু এটা দৃশ্য সংযোজন কৰিছে । কৰা হৈছে । আলংকৰিক ধনঞ্জয়ে নায়ক চাৰুদত্ত সম্পৰ্কে কৈছে- "সামান্য গুণযুক্তস্তু ধীৰপ্ৰশান্ত দ্বিজাদিকাঃ" অৰ্থাৎ ধীৰ প্ৰশান্ত নায়ক সেই জনেই যাৰ গাত নায়কৰ সামান্য গুণ বোৰ থাকে । নায়ক চাৰুদত্ত ধৰ্ম, অৰ্থ, কাম এই ত্ৰিবৰ্গ সাধনত তৎপৰ । আনহাতে নায়িকা বসন্তসেনা গণিকা আৰু কুলস্ত্ৰী ধুতা । মৃচ্ছকটিকম্ এখন মঞ্চ সফল নাট । ইয়াৰ নামটিৰো এক গভীৰ তাৎপৰ্য লুকাই আছে । ইয়াৰ অৰ্থ হ'ল মাটিৰ সৰুগাড়ী, মৃৎ মানে মাটি আৰু শকটিকা মানে সৰু গাড়ী ।

মৃচ্ছকটিকম্- ৰ বিষয়বস্তুঃ তিনিটা ভাগত বিভক্ত-
১) বসন্তসেনা আৰু চাৰুদত্তৰ প্ৰণয় কাহিনী
২) শৰ্বিলক আৰু মদনিকাৰ প্ৰেমৰ কাহিনী
৩) ৰাজনৈতিক বিদ্ৰোহ আৰু ৰজাৰ বিচাৰব্যৱস্থা ।
তিনিওটা কথা এডাল সূতাৰে গঁথা । দুয়োটা প্ৰেম কাহিনী এটা আনটোৰ পৰিপূৰক ।
আকৌ ৰাজনৈতিক উপকাহিনীটো মূল কাহিনীৰ লগত সাঙোৰ খাই আছে । "ভাগ্যই যেন নাট খনত ভূমিকা পালন কৰিছে, চাৰুদত্তৰ মুখেৰে সেয়ে ওলাইছে- ভাগ্যই বিশ্ব নিয়ন্ত্ৰণ কৰে । চৰিত্ৰ সমূহো সুন্দৰ আৰু প্ৰভাৱী । বিট, চেট, মদনিকা, শৰ্বিলক, শকাৰ, দৰ্দুৰক, সংবাহক, বৰ্ধমান আদি সকলো চৰিত্ৰৰে এক বিশেষ ভূমিকা আছে । নায়ক চাৰুদত্তৰ উদাৰতা আৰু বদান্যতা উৎকৃষ্ট নিদৰ্শন । তেওঁৰ কৃতজ্ঞতাৰ চিনাকি পোৱা যায় এনেকৈ । তেওঁ কৈছিল- "মই দৰিদ্ৰ নহওঁ । যাৰ এনে বন্ধু, এনে পত্নী আছে সি দৰিদ্ৰ নহয় ।"

সংস্কৃত নাটকৰ ক্ষেত্ৰত বিদূষক এটাগতানুগতিক চৰিত্ৰ । এই নাটকত বিদূষকৰ ৰূপত থকা মৈত্ৰেয়ৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম । ধন - সম্পত্তি, বেশ্যাৰ প্ৰতি বিৰূপ ভাৱাপন্ন মৈত্ৰেয় ব্ৰাহ্মণ যদিও পণ্ডিত নাছিল । প্ৰেমিকা বসন্ত সেনাৰ হত্যা অভিযোগত মৃত্যুদণ্ডেৰে দণ্ডিত চাৰুদত্তৰ লগত সহগামী হ'ব খুজিছিল প্ৰিয় বন্ধু মৈত্ৰেয়।উক্ত নাটখনত ঐক্য নাই আৰু অতিমাত্ৰা ষড়যন্ত্ৰৰ সমাবেশ ঘটিছে । কিন্তু ইয়াৰ চৰিত্ৰ চিত্ৰণ, ঘটনাৰসমাৱেশ, বিভিন্ন ৰসৰ সমাবেশ আদিয়ে সেই দোষ নোহোৱা কৰিছে । শৃংগাৰ ৰস প্ৰধান নাট খনত কৰুণ, হাস্য, ৰৌদ্ৰ ৰসেও মাত্ৰা দিছে । শৃংগাৰ ৰসৰ প্ৰয়োগ এনেদৰে ঘটিছে- "ভো মেঘহ্ল গম্ভীৰতৰং নদ ত্বং তৱপ্ৰাসাদ্ স্মৰপীড়িতদ যে । সংস্পৰ্শ ৰোমাঞ্জিত জাতত ৰাগং কদম্বুপুষ্পত্বমুপৈতি­ গাত্ৰম্।।" আটাইতকৈ মন কৰিব লগীয়া কথা এইটোৱেইযে চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত ই সকলোভাৰতীয় নাটকক চেৰ পেলাইছে। এখন সকলোৰে লগত মিলিব পৰা নাট সৃষ্টি কৰা বাবে তেওঁক cosmopolitan বুলিব পাৰি । শৌৰসিনী, অৱন্তিকা, প্ৰাচ্য আৰু মাগধী আদি প্ৰাকৃত ব্যৱহাৰৰ কৌশল দেখুৱাইছে।শকাৰী, চণ্ডালী আৰুধক্কা অপ্ৰভ্ৰংশৰ প্ৰয়োগ কৰাটো ইয়াৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । মুঠ ৩৭৭ টা শ্লোকৰ ভিতৰত ৯৯ টা শ্লোক প্ৰাকৃতত আছে । সেই সময়ত প্ৰচলিত জাতি ভেদৰ কথাও পোৱা যায় । ব্ৰাহ্মণে বেদ পঢ়িব পাৰিছিল, তিৰোতাৰ সংস্কৃত অধ্যয়ন নিষেধ। ক্ষত্ৰিয় আৰু বৈশ্যৰ কথাও উল্লেখ আছে । তিৰোতাৰ স্থান পুৰুষতকৈ তলত ,কিন্তু বিবাহিতাৰ স্থান ভাল । শৰ্বিলকে বেশ্যাক জুইৰ লগত আৰু শ্মশানত জন্মা ফুলৰ লগত তুলনা কৰিছিল । প্ৰথিতযশা কবি শূদ্ৰক প্ৰকৃতি বৰ্ণনাত সফল । বৰ্ষাৰ মেঘাচ্ছন্ন আকাশৰ বৰ্ণনা পঞ্চম অঙ্কত বৰ্ণনা কৰিছে এনেদৰে --'তালীষু তাৰং বিটপেষু মন্দ্ৰং শিলাসু ৰুক্ষং সলিলেষু চণ্ডম্ । সঙ্গীতবিনা ইব তাড্যমানাস্তলানুসাৰে­­ণ পতন্তি ধাৰা । "উক্ত শ্লোকত কবিৰ অনুভূত বৰষুণৰ পানী বিভিন্ন স্থানত পৰি তাৰ শব্দৰ বৰ্ণনাত সংগীতমুখৰ হৈ পৰিছে । নগৰীয়া জীৱনৰ পটভূমিত ৰচিত নাটখনৰ বিষয়বস্তু, চৰিত্ৰ, সংলাপ বাস্তৱ । মৃচ্ছকটিকম্-ত তৎকালীন সমাজত প্ৰচলিত ধৰ্মীয় সংস্কাৰ, লৌকিক আচাৰ - আচৰণ আৰু সামাজিক নীতি - নিয়মৰ কথা উল্লেখ আছে । এই প্ৰকৰণৰ ভাষা, শব্দ বিন্যাস, অলংকাৰ, ছন্দ, গুণ, ৰীতি আদি যথাযথ প্ৰয়োগৰ পৰা শূদ্ৰকৰ সূক্ষ্ম অনুভূতিশীলতা আৰু শিল্পী সচেতন মনৰ পৰিচয় পাব পাৰি । শব্দালচকাৰ, অৰ্থালংকাৰৰ সমাবেশ আকৰ্ষণীয় । সমাজৰ মধ্য আৰু নিম্ন বৰ্গৰ আবেগ অনুভূতিক লৈ লিখা এইখন একমাত্ৰ সফলসংস্কৃত প্ৰকৰণ । সকলো কাব্যিক উপাদানেৰে পুষ্ট মৃচ্ছকটিকম্ প্ৰায় শতাধিক সুভাষিতেৰে সমৃদ্ধ । অনেক নাটকীয় আৰু কাব্যিক গুণৰ সমাবেশত সৃষ্ট প্ৰকৰণখনে সহৃদয়তা লাভ কৰিব পাৰিছে । এটা সুপৰিকল্পিত কাহিনীৰে সমৃদ্ধ মৃচ্ছকটিকম্ এখন সুন্দৰ নাট আৰু সংস্কৃত সাহিত্যত ইয়াৰ স্থান অনন্য । অপূৰ্ব কাব্য কলাৰ নিদৰ্শন স্বৰূপে মৃচ্ছকটিকম্-ৰ লগত কবি শূদ্ৰকো বৰণীয় হৈ ৰ'ব ।