নৱনীতা দেবসেনঃ এক ব্যক্তিত্ব (মিতালী ভট্টাচাৰ্য)

ঈৰ্ষনীয় এক জীৱনৰ অধিকাৰীণী নৱনীতা দেবসেন ৷ জন্ম ১৩ জানুৱাৰী, ১৯৩৮ চনত বৃটিছ শাসিত কলিকতাত ৷ তেওঁৰ জন্ম হৈছিল অকৃত্ৰিম ভালপোৱা আৰু প্ৰেমৰ পৰিণতিত ৷ ৰোমেন্টিক কবি স্বনামধন্য নৰেন্দ্ৰ নাথ দেবে বাল্য বিধবা এক ৰহস্যময়ী কবি অপৰাজিতা দেৱী (পিছত ৰাধাৰানী দেৱী) ক বিবাহ কৰাই নিজৰ পিতৃপ্ৰদত্ত ঘৰ ত্যাগ কৰি বেলেগ এখন সুখৰ ঘৰ পাতে ৷ মেঘদুত, ওমৰ খৈয়াম , হাফিজৰ বাংলা অনুবাদ কৰা পিতৃৰ গৌৰৱময়ী সন্তান এই নৱনীতা দেবসেন ৷ ১৯৫৮ চনত যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি প্ৰখ্যাত নবেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ লগত বিবাহ পাশত আবদ্ধ হয় ৷ অনিশ্চিত কাৰণত স্বামীৰ সৈতে ১৯৭৬ চনত বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁ পিতৃ প্ৰদত্ত ঘৰ "ভালবাসা" লৈ ঘূৰি আহি নতুন জীৱনৰ পাতনি মেলে ৷
১৯৫৯ চনত তেওঁৰ প্ৰথম কবিতাৰ কিতাপ "প্ৰথম প্ৰত্যয়" প্ৰকাশ হয় ৷ সাহিত্য ক্ষেত্ৰত তেওঁৰ পদাৰ্পণ কবিতাৰ যোগেদি হ'লেও তেওঁৰ বিচৰণ গল্প আৰু ভ্ৰমণ কাহিনীতো সমান পৰিমানে আছিল ৷ তেওঁৰ ভ্ৰমণ কাহিনী বোৰ আছিল ব্যংগ, কৌতুক আৰু ধীশক্তিৰ এক অপূৰ্ব সমাহাৰ ৷ ব্যংগ, কৌতুকৰ অন্তৰালত তেওঁৰ ৰচনা সম্পূৰ্ণ ৰাজনৈতিক যিয়ে সমাজৰ অন্যায়, অবিচাৰ আৰু সাংস্কৃতিক মূল্যবোধ অবক্ষয়ৰ বিৰুদ্ধে সচেতনতা গঢ়ি তোলে ৷
মুলত কবি হ'লেও নৱনীতা দেবসেনৰ সাৱলীল বাংলা গল্প পাঠক সকলক মোহিত কৰাৰ কাৰণে যথেষ্ট ৷ কেৱল মাত্ৰ বাংলা নহয় সমান্তৰাল ভাবে ইংৰাজী, উৰিয়া, সংস্কৃত, ফ্ৰেঞ্চ, জাৰ্মান আৰু হিব্ৰু সহ বেছ কিছু সংখ্যক ভাষাত ৰচনা কৰিছে ৷ বাংলা ভাষাত প্ৰকাশিত মুঠ ৮০ খনতকৈ অধিক গ্ৰন্থই তেওঁলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু পুৰষ্কাৰ কঢ়িযাই আনিছে ৷
নৱনীতা দেবসেনৰ কবিতা ৰোমেন্টিক বা আবেগ সৰ্বস্ব হ'লেও তেওঁৰ উপন্যাসৰ বিষয়বস্তু কিন্তু সম্পূৰ্ণ ভিন্ন প্ৰকৃতিৰ ৷ প্ৰবাসী জীৱন, নিজৰ মাতৃভুমি ত্যাগ কৰি বিভিন্ন কাৰণত বিদেশত বসবাস কৰাৰ যন্ত্ৰণা, মাতৃভূমিৰ বাবে প্ৰতিটো শিৰা উপশিৰাৰ টান, প্ৰতিজন প্ৰবাসী ভাৰতীয়ৰ চিন্তাত ফুটি উঠা অসহায় বোধ, প্ৰবাসী দ্বিতীয় প্ৰজন্মৰ শিশু সকলৰ নিজৰ শিপাৰ প্ৰতি থকা মৰ্মবোধ এইবোৰেই আছিল তেওঁৰ উপন্যাসৰ মুল বিষয়বস্তু ৷ নৱনীতা দেবসেনৰ বহুতো গ্ৰন্থৰ মাজত বিশেষ উল্লেখনীয় গ্ৰন্থ হ'ল "স্বজন সকাশ" ৷ এই খন গ্ৰন্থক যদিও বা তেওঁৰ আত্মজীৱনী বুলি কোৱা হয় প্ৰকৃতপক্ষে এই গ্ৰন্থখনত তেওঁৰ শৈশৱ কালত লগ পোৱা নমস্য ব্যক্তি সকলৰ বিভিন্ন গদ্যৰ সন্নিবেশত কৰা এক স্মৃতি চাৰণ মাত্ৰ ৷
এই নমস্য ব্যক্তি সকল হ'ল তেওঁলোকৰ কলিকতা বাসগৃহৰ ওচৰৰ প্ৰতিবেশী বুদ্ধদেৱ বসু, যতীন্দ্ৰমোহন বাগচী, সুনীতিকুমাৰ চট্টোপাধ্যায়, জ্যোতি বসু ৷ সহপাঠী হিচাপে লাভ কৰিছিল শ্যামল গংগোপাধ্যায়, প্ৰনবেন্দু দাশগুপ্ত, তৰুন ঘোষ ৷ শিক্ষক হিচাপে পাইছিলে বুদ্ধদেৱ বসু, সুধীন্দ্ৰ নাথ দত্ত, আলেক ৰঞ্জন দাশগুপ্ত, সুকুমাৰী ভট্টাচাৰ্য, বন্ধু হিচাপে সুনীল গংগোপাধ্যায়, আলোকৰঞ্জন, প্ৰনবেন্দু, পুৰ্ণেন্দু পত্ৰী আদিক ৷ পৰক আপোন কৰি লোৱাৰ প্ৰৱণতা নৱনীতা দেৱসেনৰ গাত চাগে অলপ বেছি পৰিমানেই আছে ৷ নিজৰ মানুহৰ কথাতো আছেই স্বল্প পৰিচয়ৰ মানুহৰ প্ৰতিও তেওঁৰ ভাবনা চিন্তাৰ অন্ত নাই ৷ তেওঁ বহুল ভাবে আলোচিত গ্ৰন্থ কেইটা হ'ল-  পাঁচটি উপন্যাস, ইচ্ছামতী, ট্ৰাকবাহেন, ম্যাকমাহান, স্বজন সকাশ, পলাশপুৰেৰ পিকনিক, সীতা থেকে শুৰু আদি ৷
"ভাষা তো এক বুনো ঘোড়া, তাকে পোষ মানিযে জলন্ত আগুনেৰ মধ্যে দিয়ে বাজনাৰ তালে তালে লাফ দেওয়ানোৰ নাম কবিতা"-
কবিতা সম্পৰ্কে দিয়া এই উক্তিটিৰ দ্বাৰা আমি সহজতে ক'ব পাৰো যে কবিৰ ভাবনা চিন্তাৰ বিশালতা, ব্যপকতা কিমান ৷ সেই কবিতা নামৰ জংঘলী ঘোঁৰাক তেওঁ সহজতেই পোহ মনাব পাৰিছিল ৷ ১৯৫৯ চনত প্ৰকাশিত তেওঁৰ "প্ৰথম প্ৰত্যয়" নামক কাব্যগ্ৰন্থৰ কবিতাই পাঠকৰ হৃদয় চুইছিল ৷ তেওঁৰ কলমৰ আগেৰে নিগৰি আহিছিল-
"আমিতো চাই কঠিন অসিধাৰা
দৃশ্যাতীতে অতনু প্ৰশ্ৰয়
হলুধ হ'লে লোহিতে দিশেহাৰা
দীঘিৰ জলে নয়ন ঢাকে ভয়
হয়তো ছকে তোমাৰ চেনা ঘুটি
এবং খেলা তোমাৰ স্থিৰ জয়
তবুও আমি চতুৰতৰ জুটি
আমাৰ হাৰে তোমাৰ জিৎ নয় —"

চ্যালেঞ্জ আছিল তেওঁৰ কলমত ৷ ভাষাৰ তেজস্বীয়তা, হাৰ নমনা ভংগী, হৃদয় আৰু মগজুৰ এক আশ্চৰ্য মেলাবন্ধন ৷ 
কবিতাৰ লগত তেওঁ নাড়ীৰ সম্পৰ্ক ৷ গৰ্ভধাৰিনী কবি, কবিতাক দৰ্পন কৰিয়েই তেওঁৰ চক্ষুদান ৷ কবিতা হ'ল তেওঁৰ প্ৰেম আৰু প্ৰত্যয় ৷ প্ৰাণ শক্তিৰে ভৰপুৰ এই গৰাকী নাৰীয়ে নিজৰ জীৱন চিত্ৰৰ তলত অন্তঃসলিলা কবিতাৰ ফল্গুধাৰা আলফুলে সাঁচি ৰাখিছে তেওঁৰ হৃদয়ৰ অভ্যন্তৰত ৷ তেওঁৰ বিশ্বাস সৎ কবিতা হ'ল একো একোটি টাইম ক্যাপসুল ৷ এই ক্যাপসুলৰ মাজত কবি হৃদয়ৰ ভাবাবেগ সামৰি থব পাৰি ৷ কিন্তু যেতিয়া অন্তৰ আক্ৰান্ত হয় ভাবাবেগ উপচি পৰে তেতিয়া মাত্ৰ কবিতা ইয়াক ধাৰণ কৰি ৰাখিব নোৱাৰে ৷ সেই আবেগে তেতিয়া ঠাই লয় গল্প উপন্যাসৰ কঠিন মজিয়াত ৷

যাদব পুৰ বিশ্ববিদ্যালয়ৰ এই অসীম প্ৰতিভাধৰ ছাত্ৰী প্ৰৱল অনুসন্ধিৎসা মন এটি লৈ লোভীৰ দৰে আজুৰি অানিব বিচাৰে পৃথিৱীৰ সকলো ঐশ্বৰ্য ৷ সকলোতে বিস্ময়, উচ্ছ্বাস ৷ জীৱনানন্দ দাশৰ দৰে প্ৰকৃতিৰ প্ৰতি অসীম অনুৰাগ ৷ সামান্য ঘাঁহবনৰ ওপৰত পৰা নিয়ঁৰ কণিকা ও তেওঁৰ স্বপ্নৰ বীজ ৰোপন কৰে ৷ প্ৰতিদিন নতুন বিস্ময়, নতুন আবিষ্কাৰ ৷ সেই সময়তেই ভালপোৱাৰ হাতত হাত ধৰি সপোনবোৰক বাস্তৱ ৰুপ দিবলৈ নিচেই কাষ চাপি আহে অৰ্থনীতিৰ এজন নবীন আধ্যাপক ৷ তেতিয়া মাথো প্ৰেম আৰু কবিতা ৷
"যখনই তুমি আমাকে ভালবাসো
এমন কি কপালের উৰো চুলো প্রনয় কাতর
ফ্রয়েডীয় তালিকাৰ নিৰ্দেন ছাপিয়ে 
যৌনতা তীব্ৰতৰ হয়ে উঠে কামনা কুলীন —"

এনেকুৱা পৰিবেশত যেতিয়া প্ৰেমত দেহ মন আক্ৰান্ত তেওঁ পি এইচ ডি কৰিবলৈ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত যাব লগিয়াত পৰে ৷ প্ৰেমিক অমৰ্ত্য সেনৰ লগত নতুন ঘৰ সংসাৰ, ইযয়াৰ মাজতেই কবিতা-
"কোথাও যদি হঠাৎ অসময়ে
অবোধ কোনো চড়ুই ডেকে ওঠে
অমনি তুমি ব্ৰুমিংটনে নেই -- - -"

প্ৰথম মাতৃত্বৰ মধুৰ বিহ্বলতা, নৱজাত সন্তান, প্ৰেমিক স্বামীক লৈ ভৰপুৰ এখন সংসাৰৰ গৃহীনি ৷ হঠাৎ এক ধুমুহা আহিল, সপোনৰ চাংঘৰত জুই লাগিল ৷ ভাগি গ'ল, সৰি পৰিল সকলো ফুল ৷ কিন্তু তেওঁ মৰহি যাৱলৈ নিদিলে ৷ বুকুৰ ভিতৰত পোহা কবিতাৰ চৰাইটি, দুৰন্ত তেজাল ঘোঁৰাটি ছটফটাই উঠিল— 
" অন্যেৰ চৌকাঠে বসে গৃহস্থালি খেলা 
সাঙ্গ হলো,
এবাৰ নিজেৰ ঘৰ গড়ো 
এবাৰ নিজেৰ হাতে নিজেকে নিৰ্মাণ 
সদৰ্পে হৰণ কৰোঁ নিয়তিৰ শাড়ী——"

দাম্পত্য সম্পৰ্ক ছিন্ন হলেও বন্ধুত্ব সম্পৰ্ক ভাঙি যোৱা নাছিল, হৈছিল সমাপন ৷ কবিতা লগত আছিল বাবেই তেওঁ লিখিব পাৰিছিল- "বৰ, শ্বশুৰ বাড়ী এসবেৰ শ্ৰীছাঁদেৰ সংগে বৰনডালায় সাঁজিয়ে, সিদুঁৰেৰ লক্ষীৰ ঝাঁপিতে লুকিয়ে থাকা শব্দগুলিৰ সাথে কখন যে তীক্ষ তৰোৱালেৰ মতোন ডিৰ্ভোচ শব্দটি লুকিয়ে বসেছিল কোনোদিনও ভাবিনি ৷"
ডিৰ্ভোচ শব্দটি মুক্ত তৰোৱালৰ দৰে যিয়ে মাথো ৰক্তপাত কৰিব জানে ৷ কিন্তু নৱনীতা দেবসেন এই শব্দটিক আৰু পাঁচটা শব্দৰ দৰেই নিপুন দক্ষতাৰে বেলেগ কৰি নিজৰ এক অন্য পৃথিৱী ৰচনা কৰিলে ৷ এই কঠিন শব্দটি তেওঁৰ বাবে এক চেলেঞ্জ আছিল ৷ তেওঁৰ ভিতৰত যে ইমান শক্তিশালী এক নাৰী লুকাই আছিল তেওঁ নিজেও গম পোৱা নাছিল ৷ মাতৃস্নেহই তেওঁক সদায় আগুৰি ৰখাৰ বাবে তেওঁ অন্তৰত সদায় এক কোমলমতি বালিকাক দেখা পাইছিল ৷ তেওঁ নিজেই এক নিবন্ধত লিখিছে- " তোমাৰ মেয়েটাকে তুমি বাড়তে দাওনি, এবাৰ আমাকেই আমাৰ মা হতে হবে"—
ভাগি যোৱা হেঁপাহৰ চাৰিবেৰৰ ঘৰ এৰি সমগ্ৰ পৃথিৱী খনক নিজৰ ঘৰ কৰি তুলিলে ৷ তেওঁৰ কলমেদি নিগৰি ওলালে- "এৰপৰ আৰ কিছু ভাৰ নেই, বিষ নেই, ভয় বা উদ্বেগ নেই আৰ কোনো সৰ্বনাশ নেই" ৷
আনন্দ, উচ্ছ্বলতা, হাঁহিৰ মাজত যেতিয়া দুখৰ দুই এক বিন্দু অশ্ৰু নিগৰি আহে এনে লাগে যেন সেয়া নিয়ৰৰ মাজৰ মুকুতা মণি এধাৰি ৷ জীৱনত বহুতো পোৱাৰ মাজত অলপ নোপোৱা, অলপ হেৰুৱা ই অন্য এক জগৎ মুকলি দিয়ে ৷ যাৰ নাম অশ্ৰু তাৰ অন্য এক নাম আনন্দ নিৰ্ঝৰ ৷ সুখতো অশ্ৰু নিগৰে আৰু দুখতো ৷ জীৱনৰ সুখ দুখ, হতাশা, ব্যৰ্থতা আদিক অন্য এক ৰুপ প্ৰদান কৰাৰ নামেই হ'ল নৱনীতা দেবসেন ৷ জীৱনৰ অন্ধকাৰক অন্ধকাৰ ৰূপে নাচাই তাৰ মাজতেই পোহৰৰ সন্ধান কৰাৰ নামেই নৱনীতা দেবসেন ৷
তেওঁৰ অনুভুতিৰ পাগলা ঘোঁৰাই তেওঁক লৈ ফুৰিলে বিশ্বৰ প্ৰান্তে প্ৰান্তে, পাহাৰ ভৈয়াম, নদী সাগৰ, মৰুভুমিত তুচ্ছাতিতুচ্ছ ঘটনাৰ পৰা ৰত্ন বুটলি ফুৰিলে ৷ অনুভুতিৰ তীব্ৰতা ই তেওঁক হেঁচি ধৰিলে তেওঁ সেই অনুভুতিক গদ্যৰ কঠোৰ ভুমিত ঠাই দিছিলে ৷ টোপনিৰ আমেজ জাগৰণৰ স্বস্তিত আছিল তেওঁ কবিতা ৷ তেওঁৰ বুকুৰ অতলত সুপ্ত হৈ থকা অনুভুতিয়ে শিপা বিচাৰি ফুৰিছিল ৷ তেওঁ কৈছিল- "ভ্ৰমণ মানেই ঘৰবসত, শেকড় খোজা ৷ ভ্ৰমন চলে যাওয়া নয় ফিৰে আসা ৷ প্ৰতিদিন এই যে চলে যাওয়া, এই যে হাৰিয়ে যাওয়া, ফুৰিয়ে যাওয়া প্ৰতিদিনকাৰ এই খৰচ হয়ে যাওয়া থেকে নিজেকে একটু একটু কৰে বাচাঁনো, জমাৰ ঘৰে একটু খানি তোলা, দুচামুচ আমি" (বুঝি কালান্তৰে যাবে ?)
ভ্ৰমনৰ মাজেদি তেওঁ নিজক হেৰাই যোৱাৰ পৰা জীয়াই তোলে ৷ ভ্ৰমন মানে গুচি যোৱা নহয়, ঘুৰি অহা ৷ নিজৰ স্বত্বাৰ ওচৰত, নিজৰ অন্তৰাত্মাৰ ওচৰত ৷ ভ্ৰমনৰ মাজেদি তেওঁ উৎসৰ ওচৰত ঘুৰি আহে ৷ দেশ - দেশান্তৰত উৰি ফুৰা সপোনবোৰ সামৰিব, বগা উকা কাগজত নীলা চিয়াঁহিৰে আখৰৰ মালা গাঁথিব, ইচ্ছা আৰু কল্পনাৰ মাজত থকা সীমাৰেখাডাল ভাঙিব তেওঁ ওলাই গৈছিল তেওঁৰ অনুভুতিৰ মাতাল পক্ষীৰাজ ঘোঁৰাক সংগী কৰি ৷
"এই যাদু অশ্ব ৷ মৰু পথ সেই হয় উট
আকাশে পুষ্পক আৰ সপ্তডিঙা সাজে সিন্ধজলে"

কবিতা ভালপোৱাৰ বীজমন্ত্ৰ বিশ্বাস আৰু ভাল লগা ৷ সেইবাবেই তেওঁ দ্বিধাহীন ভাবে কয়— " কি পাইনি দেখতে গেলেই দুঃখ, কি দিইনি সেটা দেখতে হয়, সেইখানেই সুখ ৷ যে কোনো মানবিক সম্পৰ্কেৰ গোড়া কথা এবং শেষকথা, পাওয়াটা নিজেৰ হাতেৰ মধ্যে নয়, দেওয়াটা নিজেৰ ক্ষমতাৰ মধ্যে-"
জীৱনত যিমান বাৰ আঘাত পাইছে, যিমান ৰক্তক্ষৰণ হৈছে, যিমান বাৰ ডুবি গৈছে অন্ধকাৰত কবিতাই তেওঁক হাতত ধৰি টানি তুলি আনিছে গদ্যৰ কঠিন মজিয়াত জীৱনত যিমান বাৰ আঘাত পাইছে, যিমান ৰক্তক্ষৰণ হৈছে, যিমান বাৰ ডুবি গৈছে অন্ধকাৰত কবিতাই তেওঁক হাতত ধৰি টানি তুলি আনিছে গদ্যৰ কঠিন মজিয়াত ৷ পোহৰ দিছে, উষ্ণতা দিছে ৷ তেওঁৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কবিতা ৷ কবিতা তেওঁৰ ছায়া, তেওঁ মাতিলেই কবিতা আহি ধৰা দিয়ে হাতৰ মুঠিত "প্ৰতিদিন ৰাত্ৰি নেমে এলে আমি তাকে খুজে আনি আমি তাৰ চোখে চোখ ৰাখি সকাল হ'লেই ফেৰ দুচোখে সংসাৰ জড়ায় উড়ে যায় অন্ধকাৰেৰ পাখি- "তেওঁৰ কবিতাত আত্মস্থ থাকে আবেগ ৷ কেন্দ্ৰীভুত, স্থিৰ, স্থিতপ্ৰজ্ঞ কবিতাত নৱনীতা ৷ তেওঁৰ "তুমি মনস্থিৰ কৰো" কাব্যগ্ৰন্থটিৰ প্ৰতিটো কবিতা ইয়াকে প্ৰমান কৰে যে, তেওঁ প্ৰসিদ্ধ গল্পকাৰ হ'ব পাৰে কিন্তু কবিতা তেওঁৰ স্থায়ী প্ৰেম, যি প্ৰেমে তেওঁক কেতিয়াও এৰি থৈ যোৱা নাই ৷ "কাছে থাকো, ভয় কৰছে ৷ মনে হচ্ছে এই মুহূৰ্ত বুঝি সত্য নয়, ছুঁয়ে থাকো ৷ শ্মশানে যেমন ছুঁয়ে থাকে একান্ত স্বজন এই হাত, এই নাও হাত ৷ এইহাত ছুয়েঁ থাক, যতক্ষন কাছাকাছি আছ, অস্ফুষ্ট ৰেখো না ভয় কৰে, মনে হয়, এই মুহুৰ্ত বুঝি সত্য নয় যেমন অসত্য ছিল দীৰ্ঘ গতকাল, যেমন অসত্য হবে অনন্ত আগামী-" (পাণিগ্ৰহন) এলিয়েটৰ মতে, "কবিতা হল তেজক চিঞাহী লৈ ৰুপান্তৰ কৰাৰ যন্ত্ৰণা" ৷ সকলোৱে কবি হ'ব নোৱাৰে যাৰ অন্তৰৰ নিভৃতিতম কোণত ভাবাবেগৰ প্ৰৱল উচ্চ্বাস লুক্কায়িত হৈ থাকে তেওঁহে সেই ভাবাবেগক কবিতাৰ ৰুপ প্ৰদান কৰিব পাৰে ৷ কবি হোৱাৰ আগত এজন স্ৰষ্টাৰ অন্তদৃষ্টিও থাকিব লাগে ৷ নৱনীতা দেবসেন এনে এজন কবি যিয়ে নিজৰ অতনু অনুভুতিৰ গাঢ়্যতাৰ দিব্যস্তৰত নিজকে প্ৰতিষ্ঠিত কৰিছে ৷ তেওঁৰ ৰচনাত হৃদয় আৰু মনন, বাস্তৱ আৰু কল্পনা মিশ্ৰিত যুগল অনুভুতিৰ এক অপূৰ্ব সমাহাৰ ঘটিছে ৷ তেওঁ স্ব - মেধা আৰু স্ব - প্ৰতিভাৰে বিশ্ব সাহিত্যত নিজক প্ৰতিষ্টিত কৰিছে ৷ নৱনীতা দেবসেন এক প্ৰেৰণাৰ স্ৰোত হৈ ন - শিকাৰু সকলক সংগ্ৰামী, বাস্তৱবাদী দৃষ্টিকোণেৰে ৰচনা কাৰ্য্যত সদায় উৎসাহিত কৰি ৰাখিব ৷


ঠিকনাঃ বৰপেটা ৰোড,

দূৰভাষঃ ৮৭৫১০০১৪০০