বিশ্বায়নৰ প্ৰভাৱ আৰু আমাৰ কৰ্তব্য (মৌচুমী বৰুৱা)

প্ৰত্যেক ৰাষ্ট তথা সমাজৰ মূল উপাদান হ'ল মানৱ । প্ৰাকৃতিক পৰিবেশ অনুযায়ী নিজ ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি অত্যাধুনিক সা-সুবিধা সম্পন্ন এখন সুস্থ সবল আৰু উন্নত মানৰ সমাজ গঢ়াৰ সৎ প্ৰয়াস মানুহে অহৰহ কৰি আহিছে । তৎসত্বেও আজিৰ সমাজে নানান সমস্যা তথা প্ৰত্যাহবানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি বিশ্বৰ দেশ সমূহৰ লগত সমানে খোজ মিলাবলৈ সুবিধা পাইছো যদিও প্ৰতিযোগিতা মূলক মনোবৃত্তিৰ প্ৰভাৱে আমাক যন্ত্ৰসদৃশ হ'বলৈ বাধ্য কৰিছে । অভিভাৱকৰ সময়ৰ অভাৱে আমাক যন্ত্ৰ সদৃশ হ'বলৈ বাধ্য কৰিছে । অভিভাৱকৰ সময়ৰ অভাৱে সন্তানক মৰমৰ পৰা বঞ্চিত কৰিছে । মৰমৰ অভাবতে হতাশ হৈ নিসংগতা বোধেৰে নৱ প্ৰজন্মই পাশ্চাত্যৰ সংস্কৃতিক অন্ধ অনুকৰণ কৰি উশৃংখল হৈ নিজকে ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো দৃষ্টি গোচৰ হৈছে । বিশ্বায়নৰ প্ৰভাৱত হাবু ডুবু খাই নিজৰ সংস্কৃতিক পাহৰি যোৱাটো আমাৰ সমাজৰ মাৰষত্মক ভুল হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে আমি অভিভাৱক সকলেই বিশেষকৈ জগৰীয়া । যাৰ ফলত নবপ্ৰজন্ম পথভ্ৰষ্ট হ'ব ধৰিছে । মান, যশ, ক্ষমতা আৰু অৰ্থৰ পিছে পিছে দৌৰি থাকোতে আমি কেৱল এটা কৃত্ৰিম জীৱন যাপন কৰিব লগা হৈছে । ফল স্বৰূপে ঘৰ তথা সমাজখনো কৃত্ৰিমতাৰে ভৰি পৰিছে । ব্যক্তি সকলৰ দয়া, ক্ষমা, ত্যাগ, সহিষ্ণুতা, আচাৰ - ব্যৱহাৰ, নীতি - ­নিয়ম আদি মানবীয় গুণৰ অৱক্ষয় হোৱাৰ বাবে নৱ প্ৰজন্মৰ নৈতিক অৱক্ষয় ঘটিছে । সাধাৰণতে বাল্যকাল আৰু কৈশোৰ কালৰ ল'ৰা - ছোৱালীৰ মাজত এনে প্ৰভাৱ বেছিকৈ পৰা দেখা যায় । এই বয়সৰ শিশুসকলে স্বাভাবিকতে বাহিৰত খেলা - ধূলা, ফুৰা - চকা কৰি ভালপোৱাৰ উপৰিও জ্যেষ্ঠ জনক অনুকৰণ কৰা, আনৰ আগত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা, সৃজনাত্মক কল্পনা কৰি ভালপোৱা, আৱেগ - অনুভূতি­ নিয়ন্ত্ৰণ কৰিব নোৱাৰি অস্বাভাবিক আচৰণ প্ৰদৰ্শন কৰা আদি কামবোৰ কৰিবলৈ লয় । দ্ৰুত মনো দৈহিক পৰিবৰ্তনৰ ফলত ল'ৰা - ছোৱালীৰ মনত অপূৰণ আশা আকাংক্ষা পূৰণৰ প্ৰৱণতা জাগি উঠে । যাৰ ফলত তেওঁলোকে অভিভাৱকৰ অজ্ঞাতেই বিভিন্ন অপৰাধজনিত কামো সাধন কৰে । বৰ্তমান সময়ত প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ন আৰু প্ৰয়োগে কৰ্ম নিযুক্তিৰ সম্ভাৱনীয়তাক সংকুচিত কৰি অনাৰ ফলতো বহুতো ল'ৰা - ছোৱালী কৰ্ম হীন হৈ সময় কটাবলগীয়া হোৱাত তেওঁলোকৰ মাজত অৱসৰৰ সময়ৰ উপযুক্ত ব্যৱহাৰৰ সমস্যাই দেখা দিছে । অৱসৰৰ সময়ৰ উপযুক্ত ব্যৱহাৰৰ অভাৱে তেওঁলোকক বিপথগামী কৰি তোলে । তাতে এই স্তৰৰ ল'ৰা - ছোৱালীয়ে মনোৰঞ্জনৰ মাজেৰে সময় কটাবলৈ ভাল পায় । ইয়াৰ ফলতেই বহুতে টি.ভি, ইণ্টাৰনেট আদিৰ লগত অধিক সময় অতিবাহিত কৰা পৰিলক্ষিত হয় । যাৰ প্ৰভাৱ তেওঁঁলোকৰ ব্যক্তিত্যৰ ওপৰতো পৰা দেখা যায় । তেওঁলোকে বয়সৰ অনুপযোগী প্ৰচাৰ সমূহো বিবেচনাহীন ভাবে উপভোগ কৰাৰ লগতে নিজ জীৱনত তাক প্ৰয়োগ কৰাৰো প্ৰয়াস কৰে।তাৰ প্ৰভাৱতে পশ্চিমীয়া সাজ-সজ্জা পৰিধান, অখাদ্য (ফাষ্ট ফুড, মাদক দ্ৰব্য আদি) গ্ৰহণৰ ৰুচি বোধৰ কবলত পৰে । আজিকালি চলন্ত দূৰভাষ (ম'বাইল), লেপটপ­, ইণ্টাৰনেট আদিৰ অধিক প্ৰচলনে এহাতে যিদৰে সকলোকে সহায় কৰিছে, আনহাতে তেনেকৈ তাৰ সুপ্ৰয়োগ নকৰাৰ ফলত বিপদহে ঘটিছে । ম'বাইলৰ সহষয়ত ইণ্টাৰনেটৰ সুবিধা প্ৰাপ্তি বৰ্তমষন সহজ হৈ পৰাত ছাত্ৰ - ছাত্ৰী সকলে বিদ্যালয়ৰ সময়তো তাক ব্যৱহাৰৰ প্ৰয়াস কৰা মাজে সময়ে দৃষ্টি গোচৰ হয় । যিটো বিদ্যাৰ্থীৰ বাবে এক অনুচিত কাৰ্য ।সময়ৰ অগ্ৰগতিৰ লগে লগে ইলেক্ট্ৰনিক মাধ্যম সমূহৰ ব্যৱহাৰে আমাৰ জীৱন ধাৰণ সহজ কৰি তুলিছৰ যদিও এইবোৰৰ সদ প্ৰয়োগৰ বিষয়ে অভিভাৱক তথা শিক্ষক সকলে লৰা - ছোৱালীক ভালদৰে বুজাই দিয়াৰ লগতে দৃষ্টি ৰখা উচিত । নহ'লে যান্ত্ৰিকতাৰ প্ৰভাৱে যে নৈতিকতাৰ স্খলন ঘটাব সি ধুৰূপ । চৰিত্ৰ নিৰ্মাণৰ মূল আধাৰ হৈছে শিক্ষা । মানৱ জীৱনক সফল আৰু সুন্দৰ কৰাত শিক্ষাৰ স্থান অত্যন্ত গুৰুত্ব পূৰ্ণ । শিক্ষাৰ­ অৰ্থ কেৱল স্বাক্ষৰ কৰাই নহয়, সদ গুণ শিকোৱাহে । সেয়েহে মহাত্মা গান্ধীয়ে কৈছিল- "যি শিক্ষাৰ প্ৰভাৱ চৰিত্ৰৰ ওপৰত নপৰে সেই শিক্ষা কোনো কামৰে নহয় ।" উঠি অহা ল'ৰা - ছোৱালীয়ে সদায় নতুনত্ব বিচৰাৰ লগতে তেওঁলোকৰ ৰুচিবোধ অনুসৰি কাম কৰি ভালপায় । একঘেমীয়া আৰু বিৰক্তিকৰ পাঠ্যক্ৰম আৰু পাঠদানৰ গতানুগতিক শিক্ষা প্ৰণালীয়ে তেওঁলোকক বিদ্যালয়ৰ প্ৰতি আগ্ৰহহীন কৰি তোলে । সেয়েহে বিদ্যালয়ৰ ৰুচি - অভিৰুচি, আশা - আকা­ংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা ব্যৱস্থা প্ৰস্তত কৰিব লাগে  ।তেওঁলোকৰ বহুমুখী সম্ভাৱনীয়তা পূৰণৰ বাবে এই স্তৰত বহুমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে, যাতে বিদ্যাৰ্থী সকলে এটা সুন্দৰ আৰু উপযুক্ত জীৱন গঢ়ি ল'ব পাৰে তাৰ বাবে শিক্ষক - শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ বৰ্তমান জটিলতা পূৰ্ণ আৰু সম্পূৰ্ণ প্ৰতিযোগিতা মূলক সামাজিক পৰিস্থিতিত বিদ্যাৰ্থীৰ সুস্থ জীৱন - যাপনৰ বাবে শিক্ষক তথা অভিভাৱকৰ নিৰ্দেশনা আৰু পৰামৰ্শ অত্যন্ত জৰুৰী ৷
মানৱ জীৱনৰ জটিল তথা গুৰুত্বপূৰ্ণ সমস্যাসমূহ তেওঁলোকৰ লগত আলোচনী কৰি এটা সহজ বাৰ্তাবৰণ সৃষ্টি কৰিব লাগে ৷ পিতৃ - মাতৃ, শিক্ষাগুৰু তথা জ্যেষ্ঠ জনে ল'ৰা - ছোৱালীৰ আকস্মিক শাৰীৰিক পৰিৱৰ্তন সমূহক সহজভাবে গ্ৰহণ কৰিবলৈ শিকোৱাৰ লগতে তেওঁলোকৰ প্ৰতি সহানুভূতিৰ ভাব প্ৰকাশ কৰা উচিত ৷ বিভিন্ন সামাজিক কামত অংশ গ্ৰহণৰ পৰামৰ্শ দিয়াৰ লগতে কঠোৰ ভাবে দমন নীতি পৰিহাৰ কৰি তেওঁলোকক স্বাধীনভাবে আৰু মুক্ত পৰিৱেশত কাম কৰাৰ দায়িত্ব দিব লাগে ৷ সৰুৰে পৰা অৱসৰ সময়ত সদ্- ব্যৱহাৰ কৰিবলৈ শিকাব লাগে ৷ দৈহিক সঞ্চালন মূলক খেলা - ধূলা অথবা সাহিত্য - কলা সংগীতৰ কোনো এক দিশত তেওঁলোকৰ অভিৰুচি অনুসৰি প্ৰয়োজনী ক্ৰিয়া তৎপৰতা দেখুৱাৰ সুবিধা কৰি দিলে বিপদগামী হোৱাৰ পৰা বিৰত থাকে ৷ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বৃত্তি বা ব্যৱসায় আদিও ই নিৰ্ধাৰণ কৰি তুলিব পাৰে ৷ ক্ৰীড়াৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰিলে তেওঁলোকে সংযত আচৰণ, অন্তৰ্জাত শৃংখল, নিয়মানুৱৰ্তিতা ইত্যাদি শিকিবলৈ সূচল পায় ৷ লগতে তেওঁলোকৰ আত্মবিশ্বাস, চৰিত্ৰৰ দৃঢ়তা আৰু ব্যক্তিত্ববোধ জাগ্ৰত হয় ৷
পৰিয়ালৰ চাল - চলন, ধৰণ-কৰণ, ৰীতি - নীতি, আচাৰ - ব্যৱহাৰ, অনুশাসন ব্যৱস্থা আদিয়ে শিশুৰ ব্যক্তিত্বৰ বাহ্যিক আচৰণৰ দিশটো সামাজিক গ্ৰহণযোগ্যতাৰ ৰূপত গঢ় দি তোলে ৷ সেয়েহে, আমি জ্যেষ্ঠ জনে বন্ধুত্ব ভাবেৰে সজাগতা পূৰ্ণ আচৰণৰ মাজেৰে নিজ সন্তান সকলক সংস্কৃতিবান, কষ্টসহিষ্ণু, ত্যাগী, পৰোপকাৰী, সহনশীল ব্যক্তিত্বৰ গৰাকী ৰূপত গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগে ৷ এইক্ষেত্ৰত তেওঁলোকৰ সাজ - সজ্জা, খাদ্য ৰীতি, বন্ধু - বান্ধৱী নিৰ্বাচন আদিত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন ৷
শ্ৰদ্ধাই হৈছে উন্নতিৰ মূল ৷ গতিকে তেওঁলোকক সৰুৰে পৰা আমি সকলোৱে ভগৱান, মাতৃভূমি আৰু জ্যেষ্ঠ জনৰ প্ৰতি শ্ৰদ্ধাৱান হ'বলৈ শিকাই এক সু - ব্যক্তিত্বৰ গৰাকী কৰি তুলিব লাগে ৷
এনেধৰণে পৰিয়াল তথা শিক্ষানুষ্ঠান সমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ যোগেদি বালক - বালিকাৰ সুস্থ ব্যক্তিত্ব গ্ৰহণ তথা স্বাভাৱিক বিকাশত সহায় কৰিব পাৰে ৷ অৱশ্যে এই ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তিৰে দায়বদ্ধতা অনস্বীকাৰ্য ৷ সেয়েহে আহক- আমি সকলোৱে বালক - বালিকাসকলক সঠিক আৰু প্ৰয়োজনীয় শিক্ষা প্ৰদানৰ যোগেদি তেওঁলোকৰ লগতে দেশ আৰু জাতিৰ বিকাশৰ বাবে যত্নপৰ হওঁ ৷