মোৰো মন স্কুললৈ যাবলৈ (পাপৰি মেধী)

অ, আ, ক, খ,...
দেউতা ময়ো স্কুললৈ যাম !
মোৰো পঢ়িবলৈ বহুত মন আছে !
অ দেউতা কিয় নুবুজা ?
মই যেতিয়া চাহৰ দোকানত
টেবুল চাফা কৰি থাকোঁ,
তেতিয়া মই ওচৰতে থকা
এল.পি.স্কুলখনৰপৰা
শব্দ নিগৰি আহে
ল'ৰা ছোৱালীৰ.......
দৌৰি গৈ
সিহঁতৰ সংগী হ'বলৈ মোৰো মন যায়,
হঠাতে ঘৰখনৰ কথা মনত পৰে মোৰ !
মাৰ ৰুগ্ন মুখলৈ মনত পৰে..
তোমাৰ হুইল চকীখনৰ কথা
মনত পৰে মোৰ !
আকৌ খৰধৰকৈ কামত লাগো...
চাহ খাবলৈ অহা কোনোবাই মোক সোধে
"অই ল'ৰা তোৰ ঘৰ ক'ত ?
বয়স কিমান ?
কি পঢ়ি আছা ?
"মই উত্তৰত কওঁ-
মোৰ বয়স আঠ বছৰ
স্কুলৰ চোতাল গচকি পোৱা নাই ।
"বেছিকৈ কথা পতা দেখিলে মালিকে চিঞৰে..
"অই আপা !
বাচন বহুত আছে ধো গৈ যা"
দৌৰি গৈ কামত লাগো !
নিৰুপায় মই দেউতা !
আঠ বছৰত মই আঠাইছ বছৰৰ কাম কৰো..
দেউতা মনটো বান্ধিব নোৱাৰো অ
'বহুত মন যায় মোৰ পঢ়িবলৈ
মই নিৰৱে চকুলো টোকোঁ !
জীৱনৰ বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰোঁ ।