লৃগাং (বিষ্ণু বড়া)

আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ,
আমাৰ প্ৰেমৰ চিনাকি দিম জংকি পানৈ হৈ,
আপংৰ ৰাগিত সকলোৱে গোমৰাগ নাচিব,
চৌদিশ কঁপাই দুদুমাৰি বাজিব ।

তবগ্ গালুগ পিন্ধিমে মই,
এগে গাছৰ গেৰ কেপৰেক পিন্ধিবি তই,
দীঘলীপুখুৰী পাৰত পলাশ জুপি ফুলিব
হেঙুলীয়া হৈ 
তাৰে তলত থাকিবি ৰৈ
তই দিয়া ৰঙা ৰিবিগাচেং খনি
ডিঙিতে লম মেৰিয়াই,
কাঞ্চন শাৰীৰ তলেৰেই
তোৰে হাতত ধৰি লৰ দিম লৃগাঙৰ তলিলৈ ।

আমাক দেখিলে জুকাব নাহৰৰ পাতে সুহুৰিয়াই
ঐনিতমৰ সুৰ তুলিব ফাগুনৰ পচোৱাই,
মতলীয়া কুৰুলি পুলি বজামে মই,
কঁকাল ভাঙি নাচিবি কনেং তই ।

আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ......।

ঠিকনাঃ নেমুপথাৰ গোঁহাই গাঁও (ডিব্ৰুগড়)