তাই মোৰ প্ৰেমিকা আছিল (মইনুল হক)
মই কৈছিলো ৰাখিবানে হৃদয়ত,
তাই ৰঙাকৈ তুলি ল'লে শিৰত ।
কবিতা বুলি অকবিতা লিখা
অকবি মই হৈ পৰিলো গৃহস্থ ।
ভগা পঁজা আৰু ফটা চোলাৰ
তাপলি মাৰোতেই ব্যস্ত ।
তাহানিৰ পাৰ্ক, ৰেস্তোৰা,
জোনাক ৰাতি মোৰ কাতিৰ কলিজাত
জ্বলি থকা এগচি বন্তি ।
দূৰভাষঃ ৯৯৫৭৮৬০৮৮০