পিতাইক এৰি থৈ গুছি আহিলো ৷ যিদিনা কান্দি কান্দি জন্ম গ্রহণ কৰিছিলো আই-পিতাইৰ সমান কোনো সুখী নাছিল চাগে ৷ আই-পিতাইৰ হাতৰ আঙুলিত ধৰি জীৱনৰ প্রথম খোজ পেলাইছিলো আৰু তেতিয়া পিতাইৰ মুখত এক উজ্জ্বল হাঁহি বিৰিঙি থকা দেখা পাইছিলো । তেতিয়াৰ পৰা ত্রিছ বছৰ বয়সলৈকে এক দীঘলীয়া যাত্রা । মোৰ পিতাই অজলা, খাটি গাঁৱলীয়া মানুহ ৷ তেঁও ৰ’দ, মাটি আৰু বৰষুণক লৈ সেউজীয়া সপোন দেখিছিল । এইবোৰক লৈ পিতাই সিঁচে বীজৰ সপোন আৰু চহকী কৰে হৃদয়ৰ ভঁৰাল । পিতাই বৰ সুখী আছিল । যেতিয়া আঘোনৰ পথাৰ পকাবৰণীয় হৈছিল তেতিয়া যেন পিতাইৰ সমান সুখী কোনোৱেই নাছিল । খৰাং বতৰত মেঘ আৰু ডাৱৰৰ নামত পিতাই উজাগৰী নিশা কটাইছিল । পিতাই ভাবিছিল যে তেওঁৰ দৰে এঠালতীয়া বোকা গছকি ধানৰ নৰাই হৃদয় আঁচোৰা-আঁচৰি কৰিলে পুতেকৰ কি অৱস্থা হ’ব । এইয়ে পিতাই খেতি পথাৰৰ সকলো মাটি বন্ধকত দি খেদি পঠিয়াইছিল মোক বহু দূৰলৈ । পিতাইৰ এটাই সপোন আছিল পুতেকৰ তেওঁৰ দৰে জীৱন নহওঁক । মইও পিতাইৰ সপোন পূৰণ কৰিম বুলি হৃদয়ৰ বহু দুখ লৈ গুছি আহিছিলো যান্ত্রিক চহৰখনলৈ । পিতাই, সময় যে পৰিৱর্তনশীল.........সময় সলনি হৈছিল । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই ক’ব নোৱাৰাকৈ বহুখিনি অগ্ৰগতি লাভ কৰিলে । একৈশ শতিকাৰ আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলতে ইণ্টাৰনেটৰ নিচিনা মাধ্যম সৃষ্টি হ'ল ৷ আধুনিক প্রযুক্তি বিদ্যাৰ ফলত সৃষ্টি হোৱা মাধ্যম যেনে- ইণ্টাৰনেট, ফেচবুক, হোৱাটচ্ এপ, লেপটপ, টুইটাৰ, ই-মেইল, এছ এম এছ, ম’বাইল ফোন আদিবোৰৰ যোগেদি নিজৰ মাজতে এখন জগত সৃষ্টি কৰিছে । আৰ্তজনৰ কান্দোন আৰু দুখ-বেদনা আদিয়ে আজিকালি আমাৰ অন্তৰা আত্মা কঁপাই নোতোলে । কোনেও কাৰো কথা ভাবিবলৈ আজি কাৰো হাতত সময় আৰু মৰম নাই । পিতাই তোৰ সেই সময় আৰু এই সময় যে বহুত পৰিৱর্তন হ’ল । পিতাই এই চহৰবোৰ যান্ত্রিক হৈ পৰিছে । এই সময়ৰ মানুহবোৰ মানুহ হৈ থকা নাই ক’বলৈ গ'লে সকলো ৰবটিক হৈ পৰিছে । এতিয়া মানুহে মানুহক হত্যা কৰাটো সাধাৰণ কথা হৈ পৰিছে । মানুহৰ সংজ্ঞা হিচাপে ফুটপাথৰ ডাষ্টবিনত পৰি ৰয় মৃত নৱজাতক। ৰাতিৰ অন্ধকাৰত বাঘে হৰিণ চিকাৰ কৰা জন্তুৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে । ঘোপমৰা আন্ধাৰৰ সুযোগ লৈ ছোৱালীৰ সতীত্ব নাইকিয়া কৰিব পাৰে । দিনক দিনে বলাৎকাৰ, কন্যা শিশু নিৰ্যাতন, যৌতুক জনিত নাৰী নিৰ্যাতন, ডাইনীৰ নামত নাৰী নির্যাতন আদি দৰে ঘৃণনীয় কাণ্ডবোৰ সংঘটিত হয় । পিতাই এতিয়া চহৰখন বিষাদ হৈ পৰিছে । আধুনিকতাৰ পোচাক পিন্ধি নিজকে একৈশ শতিকাৰ সভ্য মানৱ বুলি চিনাকি দিয়াৰ পৰিচয় হেৰুৱাই পেলাইছে, কাৰণ এখন ৰুটিৰ নামত বিষাদ চহৰৰ ফুটপাথত মানুহ আৰু কুকুৰৰ মাজত তুমুল যুদ্ধ হ’বলৈ ধৰিছে । এই যুদ্ধত মানুহ মৰিছে কুকুৰৰ দৰে আৰু কুকুৰ মৰিছে মানুহৰ দৰে । পিতাই, সঁচাই সময় বহু পৰিৱর্তন হৈছে... ।
পিতাই, এইখন দুর্নীতি আৰু নিৱনুৱাৰ ৰাজ্য......অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা মীন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্রী লৈ বহু সপোন বুকুত কঢ়িয়াই ওলাই আহিছিলো । কলেজীয়া শিক্ষা সমাপ্ত কৰি কাৰনো সপোন নাথাকে । সকলোৱে বিচাৰে চৰকাৰী চাকৰিত সোমাই বাইক, গাড়ী, এটি দামী ফ্লেট আৰু এগৰাকী প্রেমিকা লৈ জীৱনটো সুখ-দুখৰে জীয়াবলৈ মন যায়। কলেজৰপৰা ওলাই আহি যেতিয়া কৃত্রিম চহৰত ভৰি দিছিলো তেতিয়া দেখিলো মোৰ দৰে বাইচ লাখ যুৱক-যুৱতী দৌৰ প্রতিযোগিতাত নামি পৰিছে । আমি এনেকৈয়ে দৌৰিছো যে আমাৰ চাৰিওফালে কি হৈ আছে তাকো জানিবলৈ আমাৰ সময় নাই । মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ অফিচে অফিচে যেতিয়া খট-খটাইছিলো সকলোৱে ভেকেঞ্চি নাই বুলি দুৱাৰ বন্ধ কৰি দিছিল । তেতিয়াৰ পৰা মইও হৈ পৰিছো এইখন ৰাজ্যৰ বেকাৰ নিৱনুৱা যুৱক । অসম লোকসেৱা আয়োগৰ পৰা আদি কৰি বিভিন্ন বিভাগত ইণ্টাৰভিউ দি ভাগৰি ফুৰিছো । মীন সম্প্রসাৰণ বিষয়া হোৱাৰ বহু সপোন আছিল । পিতাই তইটো গাওঁৰ অজলা মানুহ গতিকে তই কথাবোৰ বুজি নাপাবি । এতিয়া এটা পদৰ চাকৰিৰ বাবে লাখ লাখ টকা ঘোচ দিব লাগে। কিন্তু পিতাই মই ইমান বোৰ পইচা ক'ৰ পৰা আৰু কেনেকৈ দিম । চাকৰিৰ বাট চাওঁতে চাওঁতে বয়সৰ সীমা পাৰ হ'বলৈ ধৰিছে । চাকৰিৰ নামত ক’ত নিশা উজাগৰী গৈছে তাৰ হিচাপ নাই । কেতিয়াবা বৰ দুখ লাগে । মাজনিশা সাৰপাই উচুপিছো আৰু কান্দিছো । পিতাই এইখন ৰাজ্যত দুখীয়াৰ কোনো স্থান নাই । দুখীয়া বুলি মানুহে কুকুৰৰ দৰে খেদি পঠিয়ায় । দেশে স্বাধীন পালে। কাৰ বাবে এইস্বাধীনতা? কিহৰ বাবে স্বাধীনতাৰ নামত আমাৰ পূর্বপুরুষসকল প্রাণ বিসর্জন দিলে?স্বাধীন হোৱাৰ পিছৰপৰাই গাদীৰ বাবে প্রতিযোগিতা চলিবলৈ ধৰে। ৰাজনৈতিক নেতা আৰু ৰাজ্যৰ দালালবোৰ দুর্নীতিৰ পইচাৰে কংক্রীটৰ দালান সাজিছে। দুখীয়া মানুহবোৰ দিনক দিনে দুখীয়া আরু ধনীবোৰ অধিক ধনী হৈ পৰিছে। য’ত নেকি এটি চাকৰিৰ নামতদিনে-ৰাতিয়ে দৌৰি ফুৰিছো এইখন ৰাজ্যত সাধাৰণ বিষয়াৰ ঘৰত কোটি কোটি টকা উদ্ধাৰ হয়। চাকৰিৰ নামত কেইটামান পইচা দিব নোৱৰাৰ বিনিময়ত আমাৰ দৰে দুখীয়া ল’ৰা-ছোৱালীৰ সপোন সপোন হৈয়ে থাকি যায় আৰু এইখন ৰাজ্যত এক ৰাতিৰ ভিতৰত পইচা থকা মানুহৰ সপোনবোৰ ফলিয়াইছে। ৰাজ্যৰ দুর্নীতিৰ সীমা সহিব নোৱাৰো হৈছে আৰু কেতিয়াবাটো এনেকুৱা লাগে কলম এৰি হাতত বন্ধুক উঠাই লম। সকলোকে যেন গুলীয়াই থৈ যাম। পিতাই মই তথাপিও হাৰ মনা নাই। কিবা বোলে ৰাজ্যত এতিয়া পৰিৱর্তন আহিছে।চাগে আমাৰ দৰে নিৱনুৱা যুৱক-যুৱতীৰ সপোন পুৰাবৰ বাবে পৰিৱর্তন হৈছে। পিতাই এইবাৰ চাকৰিটো হ’লে ৰামু মহাজানৰ ওচৰত বন্ধকত দিয়া মাটি পুৰা মোকোলাই আনিম।বহু কথাই আছিল পিতাই ক’বলৈ কিন্তু দুর্নীতিৰ ৰাজ্যত আমি দেখিও নেদেখাহৈ পৰিছো আৰু ক’বলৈ জানিও বোবা হৈ পৰিছো। এই বয়সটো অলপ মান টকাৰ বাবে তোৰ ওচৰত হাত পাতিবলগীয়া হয়। মোৰ বৰ দুখ লাগে। কিন্তু মই কি কৰিম কাৰণ মই যে উপাইবিহীন।কেতিয়াবা নিজকে ধিক্কাৰ লাগে কিয়নো এনে বয়সত কোনেনো পিতাইৰ হাত বিচাৰে। কিমানদিন এনেকৈ থাকিম পিতাই। পিতাই এনেকৈয়ে বাৰু ভাগেনে সপোন...?








