সুৰা আৰু সুন্দৰীৰ প্ৰতি হৰেণৰ অত্যাধিক আসক্তি । হৰেণৰ ফেচবুক একাউণ্টৰ ৩০০০ বন্ধুৰ ভিতৰত ২৮৫০ জনেই মহিলা বন্ধু । সুন্দৰী মহিলাৰ প্ৰফাইল পিকচাৰ দেখিলেই হৰেণে লগে লগে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াই । হৰেণৰ ফেচবুক একাউণ্টত ১৫০ জন পুৰুষ বন্ধু আছে যদিও কেতিয়াও কোনো কাৰণত এতিয়ালৈ কাকো এটাও লাইক, কমেণ্ট দি পোৱা নাই । কিন্তু মহিলাৰ ফটো, আপডেট দেখা পালেই লাইক, কমেণ্টৰ বৰষুণ আৰম্ভ কৰি দিয়ে ।
ৰমেনে হৰেণৰ স্বভাৱটো ভালদৰে জানে । এদিন ৰমেনে হৰেণক এটা ফেচবুক একাউণ্ট দেখুৱাই ক'লে- এইজনী Angel Porishmita . মোৰ চিনাকী ছোৱালী । তই ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াব পাৰিবি । বৰ ধুনীয়া ছোৱালী । টেট মাষ্টৰণী । বিয়াও এতিয়ালৈ পতা নাই ।
হৰেণে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে । আধা ঘণ্টাৰ ভিতৰত Angel Porishmita ই ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে ।
ৰমেনে হৰেণক বুদ্ধি দিলে - তই তাইৰ লগত ইনবক্সত যোগাযোগ ৰাখ । তাইৰ ফোন নম্বৰটো মোৰ ওচৰত আছে । পিছত তোক দি দিম । তই কথা পাতিব পাৰিবি ।
হৰেণৰ লগত Angel Porishmita ৰ ইনবক্সত নিয়মীয়া বাৰ্তালাপ আৰম্ভ হ'ল ।
কেইদিনমান পিছত ৰমেনে হৰেণক পৰিস্মিতাৰ ফোন নম্বৰটো দি ক'লে - এটা কাম কৰিবি । প্ৰথমতে তই তাইক এশ টকাৰ ৰিচাৰ্জ ভৰাই দিবি । তাৰ পিছতহে ফোন কৰিবি । নম্বৰটো কোনে দিলে বুলি সুধিলে মই দিয়া বুলি কবি । তাই মোক ভালদৰে চিনি পায় ।
পিছদিনা হৰেণে পকেটত টকা কম থকাৰ বাবে দহ টকাৰ ৰিচাৰ্জ ভৰাই দি পৰিস্মিতালৈ ফোন কৰিলে - হেল্ল ! পৰিস্মিতা । মই হৰেণ । তোমাৰ ফেচবুক বন্ধু । তোমাৰ নম্বৰটো ৰমেনৰ পৰা পাই তোমালৈ ফোন কৰিলো আৰু শুনা । তোমাৰ নম্বৰত মই মৰমতে দহ টকাৰ ৰিচাৰ্জ ভৰাই দিছো । বেয়া নাপাবা কিন্তু ।
পৰিস্মিতা - কিন্তু আপুনি মোক এশ টকাৰহে ৰিচাৰ্জ ভৰাই দিয়াৰ কথা আছিল ?
হৰেণে আচৰিত হৈ সুধিলে - কিন্তু তুমি কেনেকৈ গম পালা ?
পৰিস্মিতা - আচলতে মই ৰমেনৰ পত্নী জোনালীহে হয় । Angel Porishmita মোৰেই ফেক একাউণ্ট ।
জোনালীৰ কথা শুনি হৰেণ ঠাইতে অচেতন হৈ পৰিল ।








