অফিছৰ পিছৰ সেই নিদিষ্ট সময়কণত নদীখনৰ পাৰত বহি সি সদায় ডুবি যোৱা বেলিটোক চাই । চেষ্টা কৰে বিশ্লেষণ কৰিবলৈ যে সূৰ্য্যটোৰ দিনটোৰ আৰম্ভণি আনৰ বাবে আৰু শেষও আনৰ বাবেই হয় নেকি? কেতিয়াবা তাৰ নিজৰ ওপৰতে হাঁহি উঠে । কিযে অকৰাৰ দৰে কথাবোৰ ভাবে সি । সেয়ে চাগৈ পাহিয়ে কোনোদিন তাৰ মাজত সেইজন পুৰুষক বিচাৰি নাপালে । সেয়ে কিজানি এদিন ভালপাম তোমাক আজীৱন বুলি কৈও দুদিনৰ ভালপোৱা দি এৰি গুছি গ'ল । কেতিয়াবা দুখবোৰে হেঁচা মাৰি ধৰে । তাইক লৈ দেখা সপোনটো ধুৱঁলি-কুঁৱলি হ'ল। ভাল নালাগে । তাই মনৰ পৰা আঁতৰি যোৱাটো নিবিচাৰে সি । সেইয়ে এই ঠাইত বহি নাভূত-নাশ্ৰুত কথা ভাবি থাকে । সেই কথাবোৰৰ মাজেদিয়েই পাহি আহি তাক মৰমেৰে সাৱটি ধৰে ।
তাই বেলিটোক ডুবি যোৱা চাবলৈ আহে সদায় সেই নদীৰ পাৰলৈ । তাই ৰ বাঢ়ি অহা বয়সে তাইক নিজৰ পৰা আঁতৰাই নিয়াৰ পৰিৱৰ্তে তাই নিজক চিনি পাবলৈ লৈছে । ঘৰৰ মানুহে আজিকালি একো নকয় সেই বাঢ়ি যোৱা বয়স আৰু বয়সৰ লগে লগে বাঢ়ি অহা জেদটোৰ কথা । তাই হাঁহি মাৰি দিয়ে কেতিয়াবা । জীৱনটো যেন অকলে কটাব লগা হোৱাটো আনৰ বাবে এক বোজা । এক মহা পাপ । তাই ভাবে জীৱনটো ডুবি যোৱা সূৰ্য্যটো হ'ব নোৱাৰে কেতিয়াও । ই সদায় ৰজনী কটাই পূৱৰ পৰা ভুমুকি মৰা আশাৰ এখন পৈণত থাল হিচাপে দেখা দিয়ে তাইৰ সন্মুখত । তাইক অস্তগামী সূৰ্য্যই শক্তি দিয়ে এৰি অহা আৰু আহিব লগীয়া সময়খিনিৰ হিচাপ কৰিবলৈ ।
সেই একেই নদীৰ ঘাট, নদীৰ মোহনা, নদীৰ পাৰ, সেই একেই সূৰ্য্য, সেই একেই দুয়োৰে চকু অস্তমিত ৰাঙলী পশ্চিম আকাশত । দুয়ো নদীৰ পাৰৰ শিলচটাৰ ওপৰত বহি একে সময়তে ডুবিব ধৰা বেলিটোক চায় । এদিন নাটকীয় ভাৱে চাৰি চকুৰ মিলন। প্ৰথম হাঁহিৰ বিনিময় ।
তাৰ ভাৱ, সদায় দেখো এই ছোৱালীজনীক । নিশ্চয় মোৰ দৰেই ভাগি যোৱা হৃদয়ৰ টুকুৰা বিচাৰি নদীৰ পাৰত বহেহি তাই ।
তাইৰ ভাৱ, অস্ত যোৱা সূৰ্য্যই অকল তাইকে নহয় আন কাৰোবাকো উৎসাহ জগাব পাৰে । হওক তেওঁ সকলোৱেই নিজক বুজক আৰু আগবাঢ়ি যাওক ।
গোমা হৈ থকা আকাশখনৰ লুকাই থকা বেলিটোক নেদেখিলে দুয়ো অস্থিৰ হৈ পৰে । যেন ঘেৰি ধৰিব ধৰা এই এন্ধাৰ বোৰে দুয়োৰে বাট হেৰুৱাই লৈ যাব কোনাবা অচিনা দেশলৈ । সেইদিনাও থিক এনেকুৱাই হৈছিল দুয়োৰে । শিলচটাৰ দুটা মূৰত যেন সদ্য মাতৃহাৰা দুই পক্ষী । যি পৃথিৱীৰ নিষ্ঠুৰতাক আকোৱালী লোৱাৰ আগতেই বুকুৰ উম হেৰুৱাই পেলালে । উচপিচ মন ।
"আহ আজি কি দেখা নিদিবই নেকি মোৰ পাহিয়ে ?" অস্পষ্ট সুৰত সি বিৰবিৰাই উঠিল । কিন্তু তাই থিক শুনিলে ।
তাই ক'লে, "তাকেহে চোৱা । আজি মোৰো উৎসাহৰ টোপোলাটো খালি যেন লাগিছে ।"
সি ঘূৰি চালে তাইলৈ । তাই এতিয়াও শেষ হ'ব ধৰা দিনটোক সাৱটি বেলিৰ শেষবিন্দু মৰমক নিজৰ মাজত সুমুৱাই লোৱাৰ আপ্ৰাণ চেষ্টা কৰিছে। সি চাই থাকিল তাইক । তাই চাই থাকিল সেইদিনা ডাৱৰৰ মাজত সোমাই হেৰাই যোৱা বেলিটোলৈ ।
"বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব
অভিমানী প্ৰতি ওঁঠে নিয়ৰ কণা সৰাব ।"
তিতিল দুয়ো সেইদিনা । সন্ধিয়া লাগি ভাগি যোৱালৈকে ।
পিছদিনাও সি অফিছৰ শেষত আহিল । সেইদিনাও দেখিলে তাই আগৰে পৰাই তাত বহি আছে। এখন নীলা দুপত্তা তাইৰ ডিঙিত । থিক আনকালে তাই কি পিন্ধে কোনোদিন মন কৰা নাই সি ।
ওচৰৰ পৰাই চৰ্দি লাগি নাকেৰে পানী উজাই থকাৰ শব্দ ।
"বৰষুণে তোমাক নামানে ।"
"হা" ?
যেন এখন বেলেগ পৃথিৱীৰ পৰা তাইক সি টানি আনিলে ।
"নাই নাই । তেনে কথা নহয় । ইমান ধূলি হৈছে গোটেইখন । নহয় নে ?"
"থিক। ধূলিটো হৈছে । পিছে পাহৰি গ'লা নেকি কালি তুমি এই ঠাইতে বৰষুণতো তিতিছিলা !"
তাই হাঁহি দিয়ে । আস্ যেন পাহি । সি চকু দুটা ঘূৰাই আনে তাইৰ পৰা । পাহি নহয় এইয়া । এইয়া আন কোনোবা । যি তাৰ দৰেই নদীৰ পাৰত ডুব যোৱা বেলি চাবলৈ আহে । যি বৰষুণত তিতি থাকিও আশা কৰে বেলিটোৱে পিছ মুহূৰ্ততে দেখা দিব । তাই অস্তমিত সূৰ্য্যক আশাৰে চাই । তাই নিজৰ নামৰ সৈতে কিজানি সামৰিবলৈ ধৰে সেই আভা । কিন্তু সি চোন তাইৰ নামেই নাজানে । নাজানে তাইৰ কি দুখ । নাজানে সদায় ডুবি যোৱা বেলিটোক ইমান আকুলতাৰে কিয় চাই তাই ! থিক তাইৰ নাম কি বাৰু ? সুধিব নেকি তাইক। নাই নাই কি বুলি বা ভাবে তাই ! পিছে নজনাকৈ থাকিবলৈও যেন পৰা নাই সি। সুধিম, নুসুধিম যুঁজৰ পিছত অৱশেষত…
"তোমাৰ নাম কি ?"
তাই আচৰিত হৈ চালে তালৈ । যেন তাইৰ অজানিতে এক বেলেগ গ্ৰহৰ প্ৰাণী আহি ৰ'লহি তাইৰ সন্মুখত ।
চেহ সিও যে হঠাৎ বাৰু একো কথাৰ অৱতাৰণা নকৰাকৈ তাইক কিয় নামটো সুধিব লাগে ! লাজ লাগিল তাৰ নিজৰ অসাৱধানতা খিনিত ।
"শেৱালি" ।
তাইৰ চমু অথচ দৃঢ় কণ্ঠস্বৰ। তাৰ মনটোত ধুমুহাৰ আৰম্ভণি । পাহি, শেৱালী দুয়োটা নাম তাৰ মগজুত ঘুৰিব ধৰিছে । যেন তাক এইমাত্ৰ ক'ৰবালৈ উৰুৱাই লৈ যাব ।
তাই মন কৰিলে আনকালে থকাৰ দৰে অন্যমনস্ক হৈ অহা নাই আজি ল'ৰাটো । সি কালিৰে পৰা যেন তাইক লক্ষ্য কৰিছে । কালিও তাই মন কৰিলে কথাটো, আজিও । তাইৰ মন গৈছে জানিবলৈ তাৰ আচলতে বাৰু কি দুখ ? সি বাৰু কিয় মাজে মাজে অকলে হাঁহি থাকে । কালি বাৰু সি যে বিৰবিৰাই নাম লৈছিল পাহি নামৰ ছোৱালীজনী তাই চাগে তাক বৰ কষ্ট দিলে। নহ'লে নো এই ডেকা ল'ৰাটো এনেকৈ আহি নদীৰ পাৰত বহে নে ! তাৰ নামটো জনা হ'লে ! কথা পাতিলো হেঁতেন । তেনেতে তাৰ মাত ।
"তোমাৰ নাম কি ?"
তাই যে আচৰিত হৈ গ'ল । সি বাৰু তাইৰ মুখখন পঢ়িব পাৰিলে নেকি ? তাই ক'লে, "শেৱালি" ।
অহ সি চোন তাইৰ নামটো শুনি পুনৰ চিন্তাত বিভোৰ হৈ গ'ল । এইবাৰ সুধিব নে তাই ওলোটাই তোমাৰ নাম কি বুলি ? ভাবি নাথাকি তাই সুধি পেলালে ।
"শুনা । তোমাৰ নামটো কি ?"
সি ঘুৰি চালে ।
"তন্ময়" ।
চকু দুটা বিস্ময়ত ডাঙৰ হৈ গ'ল তাইৰ । তাই যেন নামটো শুনি ক'ৰবাত সঁচাই তন্ময় হৈ যাব । কেনেকৈ মানুহৰ লগত মিলাই নাম হ'ব পাৰে ? নে সৰুতেই মাক দেউতাকে পঢ়ি পেলাইছিল তাৰ তন্ময়তাৰ ৰহস্য ।
"বৰ সুন্দৰ নাম ।"
"হা ? সঁচাই ! তোমাৰ নামটোও বৰ ধুনীয়া ।"
"নাই । মোৰটো এনেই আৰু ফুলৰ নাম ।"
"অ', আৰু শেৱালি ফুলৰ পাহিবোৰো বৰ ধুনীয়া ।"
"তুমি পাহি নামটো বৰ পচন্দ কৰা ? ন' ?
"অ' মোৰ পচন্দৰ । মোৰ এসময়ৰ প্ৰেমিকা ।"
একো নভবাকৈ কৈ দিলে সি । তাই কি ক'ব ভাবি নাপালে উত্তৰত । মনে মনে থকাই ভাল । যাবলৈ উঠে তাই । বেলিও ইতিমধ্যে হেৰাই যায় ।
সদায় আহে দুয়ো । সদায় লগ হয় । সদায় কথা পাতে । সূৰ্য্যক বুকুত সুমুৱাই শেৱালি তন্ময় হৈ পৰে মাজে মাজে আৰু তন্ময়ে মাজে মাজে শেৱালিৰ পাহি ক চুই চায় ।
দিনবোৰ গৈ থাকে । অস্তমিত বেলি সদায় একে সময়তেই মেলানি মাগে । দুয়ো লগ হয় একে সময়তে । ঘৰঘৰি হয় । তাইৰ বাঢ়ি যোৱা বয়সবোৰ ৰৈ যায় । জেদ ভাৱ বোৰ হেৰাবলৈ ধৰে । সি পাহিৰ গোন্ধ আৰু শেৱালিৰ চুলিৰ ঢৌবোৰৰ মাজত নিজক উটাই দিয়ে । এদিন দুয়ো প্ৰেমত পৰে ।
তাই সোধে এদিন তাক,
"তোমাৰ বয়স কিমান ?"
সি কয়, "চৌবিশ" ।
তাই কঁপি উঠে । নদীৰ পানীৰ দৰে বৈ গুছি যোৱা তাইৰ জীৱনটোত ওভতনি যাত্ৰা নাথাকে । বোবা হৈ যায় তাই । সৰল ৰেখাৰ দৰে বিশ্লেষণ কৰিব নোৱাৰে বয়সৰ নেওঁতাখন । তাই পুনৰ মনে মনে থাকে । যেন সঁচাই জীৱনটো অকলেশৰে কটাই দিয়াৰেই যোগ্য তাই । আজিও কিজানি ধুমুহা, বৰষুণ, গৰ্জন, অন্ধকাৰ এই বোৰৰ লগতে জ্বলি মৰিবলৈ মুখস্থ কৰিছে তাই মুখাগ্নিৰ মন্ত্ৰ । তাই তাৰ প্ৰেমত পৰাটো পুনৰ ব্যৰ্থ ।
সি চাই তাইৰ চকুলৈ । তাইৰ চকুত অনুকম্পা । বিষ, দুখ, হতাশা । সি যেন সাৰ পাই উঠে। যেন সপোনটোক সাৱটি জীৱনটোক আগুৱাই নিনিলে আজি ইয়াতেই দুয়োৰে সমাপ্তি হ'ব । সি প্ৰশ্ন কৰে তাইক ।
"তোমাৰ বয়স কিমান ?"
"পইত্ৰিশ" ।
যেন সূদুৰৰ পৰা ভাঁহি আহে তাইৰ কণ্ঠস্বৰ ।
সি হঠাৎ থিয় হয় । তাইলৈ হাতখন আগবঢ়াই দিয়ে ।
"মোৰ কোনো বয়স নাই । মাত্ৰ তুমি কোৱা ৰৈ যাবা এই ঠাইতে, নে আগুৱাই যাম আমি ।"








