ৰমেন এজন শিক্ষিত ডেকা । বেছ্ অমায়িকো । পিছে জীৱন যুদ্ধখনত বৰ বেয়াকৈ যেন হাৰি গৈছিল সি । এক প্ৰকাৰ ভাগি পৰিছিল সি । কলেজীয়া জীৱন সমাপ্ত কৰাৰ পিছৰে পৰা দুটামান টিউচন কৰি কোনো মতে ঘৰখন চলাই আহিছে সি । দেউতাক নথকা ঘৰখনত সিয়েই একমাত্ৰ উপাৰ্জন কৰোঁতা । যৎসামান্য যিখিনি উপাৰ্জন হয় তাৰে পৰিয়ালটো চলোৱাত বৰ অসুবিধা হয় । চহৰৰ দৰে গাঁৱত টিউচনৰ দৰ নাই । ইফালে শয্যাগত ৰোগীয়া মাক আৰু বিবাহোপযুক্ত দুজনী ভনীয়েক । তথাপি কোনোৰকম চলাই গৈছে সি । কেতিয়াবা হতাশ হ'লেও মাক আৰু ভনীয়েকহঁতৰ মুখকেইখন মনত পৰিলেই সি দুগুণ সাহসেৰে আগুৱাই যাবলৈ বুকুখন ডাঠ কৰি লয় ।অৱশেষত যেন তাৰ জীৱনলৈ অলপ আশাৰ ৰেঙনি নামি আহিল । যোৱা বছৰেই বেংকত সি এটা ঋণৰ বাবে আবেদন কৰিছিল । সিদিনা সকলো চুক্তি পত্ৰত চহী কৰি ঋণৰ ধন লৈ এখন মাল কঢ়িওৱা টেম্প' আনিলে । ঘৰৰ গাইজনী, দমৰাটো আৰু ভনীয়েকহঁতৰ অতিকৈ মৰমৰ ছাগলী দুজনীও পোৱালিৰ সৈতে যোৱা সপ্তাহত বিক্ৰী কৰি দিছিল । উদ্দেশ্য অঞ্চলটোৰ বজাৰকেইখনত এখন দোকান দিয়া । আজিকালি বজাৰে বজাৰে দিয়া পাইকাৰী দৰৰ দোকানবোৰ বৰ ভাল চলে । সিদিনা ঘৰখনত আনন্দোৎসৱৰ পৰিৱেশ বিৰাজ কৰিছিল । ৰোগীয়া মাকৰ দুচকু তলবলীয়া হৈছিল । ভনীয়েক দুজনীৰ আনন্দ দেখি সিও কিছু আৱেগিক হৈছিল । এজনীয়ে ধূপ বন্তি জ্বলাইছে যদি আনজনীয়ে বাকচটো খুলি নতুন গামোচা এখন আনি গাড়ীখনত বান্ধি দিছিল । মুঠতে সিদিনা সিঁহতৰ বাবে এক ভাষাৰে বুজাব নোৱাৰা আনন্দৰ দিন আছিল ।আজিও সিঁহতৰ বাবে এটা বিশেষ দিন । আজি দুজনী ভনীৰ একমাত্ৰ ককায়েক আৰু এগৰাকী মাতৃৰ পুত্ৰই প্ৰথমবাৰৰ বাবে এটা নতুন খোজ দিব । সেয়ে ৰাতিপুৱা সোনকালে উঠি ভনীয়েকহঁতে চাহ- ভাতৰ যোগাৰ কৰাত ব্যস্ত । মাকেও বিচনাৰ পৰাই সিহঁতক ইটো সিটোকৈ আছে যাতে তাৰ একো অসুবিধা নহয় । এইয়াই মাতৃৰ স্নেহ । নিজে একো কৰিবলৈ অপাৰগ যদিও প্ৰতিটো দিশেই নজৰ দি থাকে । সেয়ে হয়তো আইৰ সমান এই পৃথিৱীত কোনো হ'ব নোৱাৰে চাগে - কথাখিনি ভাবি ভাবি সি ভনীয়েকহঁতে দিয়া ভাতকেইটা খাই উঠিল । এসময়ত মাকক সেৱা এটা কৰি ভনীয়েকে দিয়া তামোলখন মুখত ভৰাই সি ভালদৰে আকৌ এবাৰ বস্তুবোৰ চাই গাড়ীত বহি বজাৰলৈ বুলি গুচি গ'ল । ভনীয়েক দুজনীয়ে আৰ নোহোৱালৈকে ককায়েকৰ গাড়ীখন চাই থাকিল । এটা সময়ত সি গৈ পালে । বাকী বেপাৰীবোৰো ইতিমধ্যে বহিছেহি । সিও নিৰ্দ্দিষ্ট ঠাইখিনি চাফা কৰি ধূপ জ্বলাই বস্তুবোৰ লাহে লাহে সজাই গৈছে । কিন্তু দুখীয়াৰ দুখ জানো কেতিয়াবা গুচে.... হঠাৎ বজাৰত হুলস্থুল লাগি গ'ল । কেইটামান ডেকাই সিহঁতৰ ফালে আহি বন্ধ বুলি জাননে নাজান ? দোকান দিব আহিছ ? ঐ লৈ আহ পেট্ৰলৰ গেল'নটো লৈ আহ বুলি বস্তুবোৰ দলিয়াব ধৰিলে । ঘটনাটো ইমান আচম্বিতে হ'ল যে সি একো তলকিবই নোৱাৰিলে । উপায় নাপাই সি কাকূতি- মিনতি কৰি আগভেটি ধৰিলে । কিন্তু কোনফালৰ পৰা আহি এটাই তাৰ মূৰত টাঙোনেৰে মাৰিলে সি ধৰিবই নোৱাৰিলে । লগে লগে সি বাগৰি পৰিল । দুটামানে গাড়ীখনৰ গ্লাছ ভাঙিব ধৰিলে । তাকে দেখি সি চিঞৰি উঠিলে । কিন্তু তাৰ কথা শুনিবই বা কোনে ! চকুৰ আগতে তাৰ গাড়ীখন দপ্ দপাই জ্বলি উঠিল । সি মাথোঁ চিঞৰি আছিল । বাৰে বাৰে তাৰ মাক আৰু ভনীয়েকহঁতৰ মুখকেইখন ভাঁহি আহিল । এটা সময়ত সি অজ্ঞান হৈ পৰিল ৷








