অনন্ত বৰুৱা অফিচৰ পৰা আহি ঘৰ সোমালগৈ ।এনেতে বৰুৱাৰ একমাত্ৰ পুত্ৰ ৰাজুৱো ঘৰ সোমালগৈ । বৰুৱা আজি বহু চিন্তিত অৱস্থাত থকা অনুভৱ কৰিলে ৰাজুৱে । কাৰণ বৰুৱাই আজি ঘৰ সোমাইয়েই বিচনাত শুই পৰিল । বৰুৱাৰ এনেকুৱা পৰিৱৰ্তনে ৰাজুৰ মনত বহুতো প্ৰশ্ন উত্থাপিত কৰিলে । “আজি দেউতাকৰ কি হৈছে ? কোনোবাই কিবা কৈছে নেকি ?” এনেকুৱা প্ৰশ্নই যেন ৰাজুৰ মনক বহু আঘাট কৰিছে । ৰাজুৱে দেউতাকৰ এনেকুৱা পৰিৱৰ্তন দেখি ৰ’ব নোৱাৰি দেউতাকৰ ওচৰলৈ গৈ দেউতাকক সুধিলে “দেউতা কি হৈছে তোমাৰ ? কিয় এনেকৈ আছা আজি অফিচৰ পৰা আহিয়েই ? কোনোবাই কিবা কৈছে নেকি ?” বৰুৱাই ৰাজুৰ উত্তৰত এটা সৰুকৈ হাঁহি মাৰি ক’লে “কিনো হোৱা দেখিলি তই, মোৰ একো হোৱা নাই । গৰমত অফিচৰ পৰা অহাৰ কাৰণে অলপ জিৰাইছো ।” ৰাজু দেউতাকৰ উত্তৰ পাই নিজৰ ৰুমলৈ আগবাঢ়িলে । বৰুৱাক যে আজি নানান চিন্তাই আৱৰি ধৰিছে সেয়া বৰুৱাই ৰাজুক জানিবলৈ নিদিলে । এনেকৈয়ে সময় পাৰ হৈ ৰাতি হ’লগৈ । ৰাজু, বৰুৱা একেলগেই বহি ডাইনিংত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে । খোৱা হোৱাৰ পিছতেই বৰুৱা বাহিৰত অলপ বহিল ।বৰুৱাক প্ৰতিটো সময়তেই অচিনাকী এটা ফোন কলৰ কথাই বাৰে বাৰে আমনি কৰিছে । কিন্তু সেই ফোন কলত কোনে কি কৈছিল বৰুৱাই কাকো জানিবলৈ দিয়া নাছিল, নিজৰ মাজতেই ৰাখিছিল । অনন্ত বৰুৱা এজন ইঞ্জিনীয়াৰ হয় । তেওঁ কামবোৰ সততাৰে কৰে, কোনো দুই নম্বৰী কামত সহায় নকৰে । পিছদিনা ৰাতিপুৱা বৰুৱা অফিচলৈ গ’ল । অফিচত গৈয়েই বৰুৱাই অফি়চৰ কাম কৰাত ব্যস্ত হ’ল । এনেতে বৰুৱাৰ টেলিফোনটো বাজি উঠিল । বৰুৱাই টেলিফোনৰ ৰিচিভাৰটো কাণত লোৱাৰ লগে লগেই কোনোবাই হঠাতে ক’লে “আপোনাক কি বাৰে বাৰে কৈ থাকিব লাগিব নেকি বিল খন পাছ কৰি দিবলৈ ।আপোনাকটো ১০% দিম বুলি কৈছোৱেই ।” তেতিয়া বৰুৱাই ক’লে-
- মই আগতেও কৈছো এতিয়াও সেয়াই কম যে মই আপোনাৰ বিল পাছ কৰি দিব নোৱাৰিম । কাৰণ সেই বিলখনত বহুখিনিয়েই ভুল তথ্য আগবঢ়োৱা হৈছে ।” বৰুৱাৰ কথা শুনি সেইপিনৰ পৰা ক’লে-
- “অকে, আপোনাক চাই ল'ম । আপুনি না কৰাৰ উপহাৰ এটা আপোনাক সোনকালেই দিম ।” এনেকৈ কৈয়েই ফোনটো কাটি দিলে । বৰুৱাই ফোন কলৰ কথাখিনিত এইবাৰ আকৌ বেছিকৈ ভয়হে খালে । মানে বৰুৱাৰ চিন্তাৰ কাৰণ এখন বিল পাছ কৰাহে । কিন্তু বৰুৱাই মনতে ভাবি লৈছিল যে যিমান যি ক’লেও সিহঁতক এই বিল পাছ কৰি নিদিয়ে । এনেকৈ কাম কৰি কৰিয়েই বৰুৱা ঘৰমুৱা হ’ল ৷ ঘৰ আহিয়েই বৰুৱাই অলপ জিৰণি ল’লে ৷ বৰুৱাই ৰাজু অহালৈ বাট চালে ।কাৰণ বৰুৱাই ভাবিলে যে আজি দুপৰীয়াৰ আহাৰ ৰাজুৰ সতেই একেলগে বহি গ্ৰহণ কৰিব । ৰাজুক বহু সময় ৰৈয়েই থাকিলে কিন্তু ৰাজু আহি নেপালে ঘৰ ৷ এনেতে বৰুৱা তালৈ এটা ফোন আহিল ।বৰুৱাই ৰিচিভ কৰাৰ লগে লগেই এজন ল’ৰা খৰ-ধৰকৈ ক’লে-
- খুড়া আপুনি অতি সোনকালে হাস্পতাললৈ আহক । ৰাজুক কোনোবাই মাৰপিট কৰি ৰাস্তাৰ কিনাৰত পেলাই থৈছে । আমি উঠাই আনি হাস্পতালত ভৰ্তি কৰিলো ৷
বৰুৱাই খবৰ পাইয়েই হাস্পতাললৈ আগবাঢ়িলে ।হাস্পতাল গৈ দেখিলে যে ৰাজুৰ দেহৰ পৰা বহু তেজ গৈছে ৷ ৰাজুক তেজ দিয়াত ব্যস্ত হৈছে ডক্টৰ, নাৰ্ছবোৰে ৷ বৰুৱাই হাস্পতালতেই গোটেই ৰাতি ৰাজুৰ সৈতে কটালে ৷ পিছদিনা ৰাজুৰ লগত ৰাজুৰ বন্ধুসকলক থাকিবলৈ দি বৰুৱাই অফিচলৈ আগবাঢ়িলে । বৰুৱাই অফিচত গৈয়েই ভাবিলে যে কোনে এনেকুৱা কৰ্ম কৰিলে ? ৰাজুৰটো তেনেকুৱা কোনো শত্ৰুও নাই তেন্তে এনেকুৱা কৰ্ম কাৰ হ’ব পাৰে ? এনেকৈ ভাবি থাকোতেই বৰুৱাৰ টেলিফোনটো বাজি উঠিলে । ৰিচিভাৰটো হাতত লোৱাৰ পাছতেই কোনোবাই ক’ব আৰম্ভ কৰিলে
- কেনেকুৱা লাগিল মোৰ উপহাৰটো ? তোৰ পুত্ৰক বেলেগ কোনেও মাৰপিট কৰোৱা নাই মইয়েই কৰাইছো । এইয়া আৰম্ভণিহে, যদি বিল পাছ নকৰে তেতিয়া হ’লে এইবাৰ নিজ পুত্ৰৰ মৃতদেহ পাবি ৷
বৰুৱাৰ সেই মানুহজনৰ কথা শুনি বহুত খং উঠিল আৰু খঙতে ক’লে-
- বহু সহ্য কৰিলো, মই পুলিচৰ সহায় লৈ জেলৰ ভাত খুৱাব নোৱাৰো যদি তহঁতক মোৰো নাম অনন্ত বৰুৱা নহয় । মই এই বিল কেতিয়াও পাছ নকৰো ৷
বৰুৱাৰ কথা শুনি সেই ব্যক্তি জনে ফোনটো কাটি দিলে । বৰুৱাইও পুলিচ থানালৈ আগবাঢ়িল ।বৰুৱাই পুলিচৰ আগত সকলো কথা ক’লে ।পুলিচৰ তদন্ত কৰা আৰম্ভ হ’ল । পুলিচে তদন্ত কৰি গম পালে যে সেই বিলখন সেই অঞ্চলৰ বিধায়কৰ ল’ৰা কুলদ্বীপ মহন্তৰ আৰু সেই অচিনাকী ফোন নম্বৰ, যিটো নম্বৰেৰে বৰুৱাক ধমকি দিয়া আছিল সেইটোও কুলদ্বীপ মহন্তৰ ঘৰৰ নম্বৰেই হয় । এনেকুৱা প্ৰমাণ পাই বৰুৱাৰ গোচৰটো ৰেজিষ্টাৰ কৰি কুলদ্বীপ মহন্তক পুলিচে গ্ৰেপ্তাৰ কৰিলে । আদালততো বৰুৱাৰ কথা-বতৰাই আৰু প্ৰমাণে কুলদ্বীপ মহন্তৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয় । যেতিয়া বৰুৱাই আদালতৰ বাহিৰত ওলায় আহে তেতিয়া কুলদ্বীপ মহন্তই বৰুৱাৰ ওচৰত ৰৈ বৰুৱাক কৈ যায়-
- মোক জেলত পঠোৱাৰ প্ৰতিশোধ তোক অতি সোনকালে লৈ আছো । অপেক্ষা কৰি থাক তই সেইদিনটোলৈ ৷ কুলদ্বীপ মহন্তৰ কথাক গুৰুত্ব নিদি বৰুৱাই ঘৰমুৱা হ’ল ৷ এইপিনে ৰাজুকো ঘৰলৈ অনাৰ ব্যৱস্থা কৰিলে বৰুৱাই লগৰ বন্ধু কেইজনৰ লগত ৷ এনেকৈ সেই দিনটো পাৰ হ’ল । তাৰ পিছৰ দিনা বৰুৱাই যেতিয়া ৰাস্তাৰে খোজ কাঢ়ি অফিচলৈ গৈ থাকে তেতিয়া বৰুৱাক কোনোবা মুখা পিন্ধি অহা মানুহ এজনে বাইকেৰে আহি মাজ ৰাস্তাতেই গুলিয়াই গুছি যায় । বৰুৱাই সেই সময়তেই নিজৰ প্ৰাণ হেৰুৱাই পেলাই ।পুলিচেও হত্যাকাৰীক বিচাৰি উলিওৱাৰ বহু চেষ্টা কৰিলে কিন্তু হত্যাকাৰীক বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল।
-সঞ্জীৱ সাগৰ দাস,
ঠিকনাঃ ভৱানীপুৰ,
দূৰভাষঃ ৮৭২১৯৫৭৫১৭








