আজিৰ পৰা দুবছৰ আগলৈকে জীৱন আছিল বন্ধ কোঠাৰ দৰে যেন নিজৰ মাজতে আবদ্ধ এখন সংকীৰ্ণ পৃথিৱী ৷ কিন্তু যোৱা দুবছৰে বহু শুভাকাংক্ষী, বৰেণ্য অগ্রজ তথা সুহৃদ বন্ধুৰ সান্নিধ্যই এনেদৰে সমৃদ্ধ কৰিছে মোক যে এতিয়াহে অনুভৱ কৰিছোঁ জীৱনৰ অমল স্বাদ । যিসকলক কোনোদিনেই লগ পোৱাৰ সম্ভাৱনা নাছিল অথচ আজি অনুভৱ কৰোঁ এফ বিৰ জৰিয়তেই চিনাকি এখেতসকল মোৰ হৃদয়ৰ নিচেই কাষৰ ।তেনেদৰেই বহু ''কবি আৰু কবিতা'' ৰ সৈ'তেও মোৰ সংযোগ ঘটিছে ফেচবুকৰ জৰিয়তে । অন্যথা হয়তো মই বঞ্চিত হ'লোহেঁতেন তেখেতসকলৰ সৃষ্টিৰ সুধা পান কৰাৰ এই সুযোগৰ পৰা । নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ এগৰাকী কবিতা প্রেমী হিচাপে । সেয়েহে, মোৰ বন্ধু তালিকাৰ অন্তৰ্ভুক্ত কবিসকলৰ বিষয়ে কিছু কথা লিখাৰ এক বিনম্র প্রয়াস কৰিছোঁ । সহজ সৰল প্রাঞ্জল ভাষাৰে কবিতা ৰচা এগৰাকী কবি 'ৰীণা বুঢ়াগোহাঞি' ।গভীৰ সংবেদনশীলতা তথা সামাজিক দায়বদ্ধতা সম্পন্ন দৃষ্টিয়ে নিয়ন্ত্রণ কৰে এইগৰাকী কবিৰ কলম । সময়, সমাজ জীৱনৰ অৱলোকন তথা ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰে সমৃদ্ধ তেখেতৰ কবিতাৰ বিষয় । ''জাৰজ'' '' বাৰাঙ্গনা'' আদি শ্লেষ তথা ক্ষোভপ্রধান ভাবৰ শক্তিশালী এমুঠি কবিতাৰে পাঠকৰ হৃদয়ত খোপনি পোতা কবি গৰাকীৰো আছে সৰ্ব সাধাৰণ চিৰন্তনী নাৰীৰ দৰেই স্বপ্নভংগৰ আৰ্তি যি তেওঁৰ কবিতাৰ মাজেৰে প্রকাশিত হৈ বেদনাৰ্ত কৰি তোলে পাঠকৰ হৃদয় ---''তন্দ্ৰালসা গাভৰুৰ কপট চাতুৰীৰে ঢৌ খেলাইছিল মোৰ সত্বাক । কুচিমুচি আকাংক্ষাৰ বুকুত সোমাই লেটা বান্ধিছিল মোৰ পঞ্চেন্দ্ৰিয় । স্বপ্নভঙ্গৰ বেদনাত এতিয়া আহত মইএজনী ক্ৰৌঞ্চ পক্ষী ।''
স্বনামধন্যা কবি 'বিনীতা বৰা দেৱ চৌধুৰী'ৰ খুওব কম কবিতা পঢ়াৰ সৌভাগ্য হৈছে বৰ্তমানলৈ । তথাপিও তেখেতৰ কবিতাৰ সামগ্রিক আবেদনে সততে জোকাৰি যায় হৃদয় । প্রতীক, ৰূপক, চিত্রকল্প আদি আংগিকেৰে সমৃদ্ধ কবিগৰাকীৰ কবিতাৰ কাব্যিক ব্যঞ্জনাইও পাঠকক ৰসাল্পুত কৰে । তেখেতৰ ৰচিত এটি অনবদ্য কবিতা ''ৰূপান্তৰ''ৰ এটি স্তৱকৰ উদ্ধৃতি---''কফিনত গজাল মাৰি শুৱাই থৈছিলো সুখৰ মৃতদেহ বৰফেৰে ঢাকি থৈছিলো সেউজীয়া সময় ৰ'দৰ জলঙা বিচাৰি ফুৰা সুঁহুৰি এটা কোন সুৰুঙাৰে জানো আহি বুকুতে পৰিলহি !দুচকুত তাৰ অনায়াস মুগ্ধতা সুঁহুৰিটোৱে লাহেকৈ সুধিলে বৰফেৰে কিয় ঢাকি থৈছা দুচকুৰ জোনাক ?
কবি 'বিনু ফুকন'ৰ কবিতাৰ ভাষা খুবেই কোমল কিন্তু অত্যধিক কল্পনা বা আবেগিকতাৰ বিপৰীতে তেখেতৰ কবিতাত পোৱা যায় সুগভীৰ আস্থাৰে দীপ্ত সহজ জীৱনবোধ । তেখেতৰ কবিতাৰ প্রকাশভংগী মনোৰম । ''হেন্দোলনি '' নামৰ চুটি অথচ হৃদয়স্পৰ্শী কবিতাটো ---এয়া চোৱা .......দৃষ্টি ? যিমান দূৰলৈ চকুৰে মণিব পাৰি । দুহাত ? যিমান খিনি লৈকে হাতেৰে পাই ঢুকি । মন ? যাৰ দৌৰ সীমাহীন পাৰ ভাঙি হাকুটিয়াই ৰাখিব খোজোনাই নোৱাৰিই যে তীব্ৰ বেগীযাত্ৰা ছেদেলি ভেদেলি ৷
(আগলৈ )








