স্থিতি (অঞ্জলি গগৈ বৰগোহাঞি)

আজি দিনত ফ্ৰী আছানে প্ৰিয়া ? অতনুয়ে ফোনত সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মই ৰৈ গলোঁ । কালি আবেলি লগ পোৱা এহাল বৃদ্ধ-বৃদ্ধাৰ কথাবোৰে ওৰে ৰাতি মোক শুবলৈ দিয়া নাছিল । অতনু নামৰ উচ্চস্তৰীয় চাকৰি কৰা পুত্ৰ থাকোতেও তেওঁলোকৰ আৰ্থিক অনাটন । কিন্তু সেই পুত্ৰই প্ৰেয়সীৰ বাবে প্ৰতিদিনে খৰচ কৰে হাজাৰ পৰ্যন্ত টকা । মইও সম্ভ্ৰান্ত পিতৃ-মাতৃৰ একমাত্র কন্যা যেনেকৈ, মানসিকতাও তেনেকৈ বহল । সেয়ে অতনুক কলোঁ - "মই ফ্ৰী নাই আৰু কোনোদিনেই নহওঁ কিজানি !”

ঠিকনাঃ আনন্দ নগৰ, ছয়মাইল,
গুৱাহাটী-২২
৯৭০৬৫১২৯৪৯