শুভ নৱবৰ্ষ (নিৰুপমা ডেকা)

"ঐ ছোৱালী, আগফালৰ তলাটো লগাই থৈ যাম ৷ পিছফালেৰে অহা যোৱা কৰিবি বাহিৰলৈ ৷ গেটত তলা লগাই যাম, নহ'লে বৰানীহঁতৰ আপীৰ লগত দিনটো আড্ডা মাৰিবি নহয়, সিহঁতো নাথাকে আজি ৷ ফ্ৰীজতে কালি খানাৰ পৰা লৈ অহা ৰৈ যোৱা কিবাকিবি আছে, তাকে উলিয়াই ৰ'দত বহি খাই ল'বি ৷ গা ধোৱা কাপোৰবোৰ বাথৰূমে বাথৰূমে পৰি আছে, গোটাই লৈ ধুই পেলাবি ৷ বছৰৰ প্ৰথম দিনাই এলাহতে ঘৰখন নোমোচাকৈ নাথাকিবি ৷ আজি তোৰ আৰামেই আৰাম....

""হেৰা হ'ল নে নাই তোমাৰ ? ইহঁত গাড়ীত বহিলেই ৷ দুয়োজনীৰে কথা কি শুনাহিচোন ৷ বছৰৰ প্ৰথম দিনটোত ঘৰত আৰু অলপ সময়ো সোমাই থকাৰ ইচ্ছা নাই হেনো ৷ "বৰুৱাৰ মাতত বৰুৱানীয়ে খৰধৰ কৈ ওলাই গ'ল ৷ যোৱাৰ সময়ত কৈ গ'ল- "দিনটো তই এনেইহে থাকিবি ৷ ফুলনিখনৰ বনবোৰ বাঢ়িছে তাকে চিকুনাই থবি ৷"