ৰুম নং ১৬ (বি এন ৰূপম)

গুৱাহাটীৰ পৰা গাঁওৰ ঘৰ গৈ পাওঁতে সন্ধিয়াই হ'ল ।গৈয়ে গম পালোঁ যে মনোজৰ কালিৰে পৰা জ্বৰ ।শান্ত, নিলয়ৰ লগত খবৰ ল'বলৈ যাওঁতে মনোজে ক'লে কালি ৰাতি সি ভূত দেখিছে ।মনোজহঁতৰ ঘৰৰ সন্মুখতে স্থানীয় ভেঞ্চাৰ কলেজখন ।নতুনকৈ প্রেমিকা লোৱা মনোজে ৰাতি দেৰি লৈকে কলেজতগৈ ফোন কৰি কৰি প্রেয়সীৰ স'তে সপোন ৰ'চে ।কালি ৰাতি সি ভাত খাই উঠি কলেজৰ ১৫নং ৰূমটোত ফোন কৰি বহি আছিল । কিন্তু হঠাতে বতৰ সলনি হৈ ধুমুহা আহিল । মনোজ আহিব নোৱৰা হ'ল ঘৰলৈ , ম'বাইলত নেটৱ'ৰও কটা গ'ল।বতাহে কলেজৰ দুৱাৰ-খিৰিকীবোৰ কোবাই আছিল,ওপৰৰ টিনবোৰত ফুটা আছিল বাবে বৰষুণৰপানী পৰি অলপ তিতিছিল মনোজ ৷মনোজৰ মনত এক আজান ভয়ে আহি লগ দিছিল ।"হে কৃষ্ণ " বুলি মনতে আওৰাই কাষৰ ১৬ নং ৰুমলৈ গ'ল সি । ৰুমত সোমাই দেখিলে এগৰাকী বগা সাজ পিন্ধা নাৰীয়ে হাতত কিবা এটা লৈ চুলি মেলি ৰৈ আছে ৷ মনোজে বগা ছবিতো দেখিয়ে ঘৰলৈ দৌৰ দিলে । ৰাতিৰ পৰাই তাৰ ভীষণ জ্বৰ । ঘৰত ভাবিছে বৰষুণত তিতাৰ বাবে তাৰ জ্বৰ উঠিছে । কিন্তু আচল কথাটো সি আমাকহে ক'লে ।আমি নিলয়, মই আৰু শান্তই ঠিক কৰিলোঁ যে আজি ৰাতি আমি তিনিওজনকলেজলৈ যাম । সঁচাকৈ ভুত আছে নেকি পৰীক্ষা কৰোঁ ।ৰাতি ৯টা মানৰ পৰা ১ ঘণ্টা বৰষুণ আহিল । ১০টা মানত তিনিওজন লগ হৈ কলেজৰ ১৬নং ৰুমলৈ ওলালোঁ ।বৰষুণ পাই ভেকুলীবোৰে টোৰটোৰাই আছে,চাৰিওঁফালে এন্ধাৰ । শান্তৰ হাতত এটি টর্চ ।তিনিওজনৰে মনত এক ভয় ক'ব নোৱাৰাকৈ সোমালে । নিলয়ে এনেই এটা গান গুণগুণাই আছে ।কলেজত সোমালোঁহে হুৰ হুৰ কৈ আহিলআকৌ বৰষুণ এজাক ।বিজুলীও মাৰিছে ৷তিনিওজনে দৌৰি গৈ ১৫ নং ৰুমৰ বাৰেণ্ডাত থিয় হ'লোঁ ।মিছন ৰুম নং ১৬ বুলি কৈ তিনিওজনে গ'লোঁ সাহস কৰি সোমাই । দর্জখন মেলি দিয়াৰসময়তে ডাঙৰকৈ ঢেৰেকণি আহিল আৰু তাৰেই পোহৰতদেখিলোঁ যে ৰুমৰ ভিতৰত বগা সাজত,চুলি মেলি হাতত কিবা লৈ আছে এগৰাকী নাৰী । ":- মৰিলোঁ ঐ... "

এনেকে তিনিওজনে একেলগে চিঞৰি ৰুমৰ পৰা ওলাই দৌৰিলোঁ ।
দৌৰি গৈ মনোজহতৰ ঘৰত সমালোঁ । শান্ত আৰু মইহে , নিলয় নাই ! মনোজহতৰ ঘৰৰ মানুহ ওলাই আহিল । আমি ক'লোঁ কথাবোৰ । কাষৰ দুঘৰৰ মানুহবোৰো আহিল । গোটেইখিনি কলেজলৈ ওলালোঁ ।গৈ দেখিলোঁ যে ১৬ নং ৰুমৰ সন্মুখত নিলয় বেহুচহৈ পৰি আছে । তাক জগাই থাকোতে দুজনে লেমলৈ ১৬ নং ৰুমত সোমালে । তেওঁলোকে ৰুমত সোমাইখিলখিলিয়া হাঁহি দিলে !!আমিও গ'লোঁ সোমাই । ধুৰ চাল্লা...সেইটো বগা সাজৰ ভুত নহয়, সৰস্বতী পূজাৰ প্রতিমা হে.....ধুৰ... ধুৰ... ধুৰ....