এই মাহৰ সাহিত্যিক অনুৰাগ শইকীয়া
সাক্ষাৎগ্ৰহণকাৰী- সন্তোষ ফুকন, সচিব প্ৰধান ( সাময়িকী)
আমাৰ প্ৰশ্ন আৰু তেওঁৰ উত্তৰ--
১) আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা ?
উঃ মোৰ নাম অনুৰাগ শইকীয়া ৷
লখিমপুৰ নাওবৈচাত ঘৰ ৷
২) কেতিয়াৰ পৰা আপুনি কাব্য - সাহিত্যৰ সৈতে জড়িত ?
উঃ ২০১৪ চনৰ মাজ ভাগৰ পৰা । তেতিয়া মই হায়দৰাবাদত আছিলো ।
৩) বৰ্তমান সময়ত কবি -অকবিকলৈ এটা বিতৰ্ক চলি আছে , সেই বিষয়ে আপোনাৰ মন্তব্য ?
উঃ কবিতাৰ ভাষাত আমি যদি অনুভৱবোৰক সাগৰৰ সৈতে ৰিজাব পাৰো ( এসাগৰ অনুভৱ ) তেন্তে কবিতা লিখিবলৈ আগ্ৰহেৰে আগবাঢ়ি অহা সকলক আমি কিয় কবি বুলি ক'ব নোৱাৰোঁ ?
মোৰ বোধেৰে কবিতা লিখা সকলোৱেই কবি আৰু তাৰ ভিতৰত কিছুমান চৰকাৰী ভাৱে স্বীকৃতি পোৱা , কিছুমান বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা স্বীকৃতি পোৱা আৰু কিছুমানে লিখিছে যদিও সামুহিক ভাবে স্বীকৃতি প্ৰাপ্ত নহয় । বিতৰ্কবাদীসকলে এই ব্যৱধানটোকে লৈ বিতৰ্ক কৰিছে । মই এই বিতৰ্কত একমত নহয় । আৰু এষাৰ কথা কওঁ -- এইয়া উদিয়মান কবি সকলক পৰাস্ত কৰা এক নৱ প্ৰচেষ্টা । কিন্তু কবি কাৰো বান্ধোনত আবদ্ধ নহয় ।
৪) আপুনিও এজন নৱপ্ৰজন্মৰ লেখক আমাৰ দৃষ্টিত । আপুনি এই বিষয়ে নতুন লেখক লেখিকাৰ সামাজিক দ্বায়বদ্ধতাৰ সম্পৰ্কে আপোনাৰ ক'বলগীয়া ?
উঃ মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহৰ শিকিব লগীয়া থাকে । কবিবোৰ সদায় সংবেদনশীল । কোনো নোযোৱা বাটেৰে কবি গতি কৰে । সমাজ হওঁক বা মানুহ হওঁক বা ৰাজনৈতিক দিশেই হওঁক , কবিসকল তাৰ বাহিৰত নাথাকে । যিমান পাৰে ভিতৰত সোমাব চেষ্টা কৰে । অন্ধজনৰ দুচকুত জ্যোতি বিলাব পৰাটো কবিৰ মনোশক্তিৰ ভিতৰতে পৰে ।
নতুন লেখক লেখিকা সকলক ক'ব খোজো যে -- সমাজৰ ক্ষেত্ৰত কবিৰ অন্য মানুহতকে অলপ বেছি দায়িত্ব থাকে । সমাজৰ ইতিবাচক আৰু নিতিবাচক উভয়কে কবিসকলে বিচক্ষণ কৰাটো অতি প্ৰয়োজন । গতিকে তেওঁলোকে সমাজখনক সমালোচনা কৰক , অধ্যয়ন কৰক ।
৫) আপুনি বৰ্তমান কি কৰে ? কেতিয়া আৰু কেনেকৈ সময় উলিয়াই সাহিত্য চৰ্চা কৰে আৰু পঢ়ে ?
উঃ বৰ্তমান মই vintage academy of it & managment আৰু KKHSOU ত ডিগ্ৰী কৰি আছো ।
তাৰওপৰি " অনিৰ্বাণ" আৰু " কাব্যাঞ্জলি" নামেৰে দুখন আলোচনীৰ সহঃ সম্পাদকৰ দায়িত্বত আছো ।
সকলো মানুহৰ দৰে মইও দিনটো ব্যস্ততাৰ মাজত পাৰ কৰো । কিন্তু মোৰ ব্যস্ততা কিতাপৰ সৈতে , সেয়ে সাহিত্য চৰ্চাৰ বাবে বেলেগে সময় উলিওৱাৰ প্ৰয়োজন নাথাকে । আৰু মই দিনতকৈ ৰাতি ১১ বজা মানৰ পৰাহে পঢ়ি বা লিখি ভাল পাওঁ ।
৬) আজিলৈকে আপুনি কিমান কবিতা লিখিলে আৰু ক'ত ক'ত আপোনাৰ কবিতা বা লেখনি প্ৰকাশ পাইছে ? নিজৰ কিবা কিতাপ প্ৰকাশ কৰিছে নেকি ?
উঃ আজিলৈকে কিমান কবিতা লিখিলো সেইটো সঠিককৈ ক'ব নোৱাৰো । কাৰণ মোৰ প্ৰতিটো কবিতা কবিতা হোৱা বুলি মই নাভাবো ।
বৰ্তমানলৈকে মোৰ আমাৰ অসমত প্ৰবন্ধ, সাদিন, জনসাধাৰণ, আমি অসমৰ জনগণ, তৃষ্ণাতুৰ, প্ৰতিশ্ৰুতি, অনিৰ্বান, কাব্যাঞ্জলি, হিয়াৰ ৰামধেনু (শিশু আলোচনী), জোনাকৰ এমুঠি মিঠা হাঁহি (সংকলন), বৰ্ণিল আৰু জোনাক ই-আলোচনীত কবিতা আৰু উত্পল তালুকদাৰ দেৱৰ "নাজানো কি" নামৰ কবিতা আৰু গল্প সংকলনখনত এটা সৰু সমালোচনা প্ৰকাশ পাইছে ।
নিজাকৈ মোৰ কোনো সংকলন নাই ।
৭) সাময়িকী গোটৰ পৰা প্ৰকাশিত বৰ্ণিল ই আলোচনী বাবে আজিৰ এই আলোচনাৰ অনুভৱ কেনে ?
উঃ বৰ্ণিল ই আলোচনীখনে বৰ্তমান উদিয়মান লেখক লেখিকা সকলক যিদৰে সমাজলৈ উলিয়াই আনিছে সেয়া সঁচাকৈ প্ৰসংশনীয় । বৰ্তমান কবি সকলক খুব কম আলোচনীয়ে গুৰুত্ব দিয়া প্ৰায়ে আমাৰ দৃষ্টিত পৰে । এই আলোচনীখনৰ জৰিয়তে বহুতো লেখক লেখিকাই নিজকে পৰিচয় কৰাবলৈ সুবিধা পাব বুলি ভাবো ।
৮) আপোনাৰ প্ৰিয় কবি কোন ? আৰু প্ৰিয় কবিতা কোনটো ?
উঃ মোৰ প্ৰিয় কবি হীৰুদা । তেওঁৰ কোনটো কবিতা মোৰ প্ৰিয় সেইটো ক'ব নোৱাৰিম । কাৰণ তেওঁৰ প্ৰতিখন পুথিয়ে মোৰ খুব প্ৰিয় ।
৯) আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু নতুন চিন্তা ?
উঃ নিজক সমাজলৈ উলিয়াই নিব পৰাকৈ এটা সৰু চাকৰী আৰু সমাজখন সংশোধন কৰি সুকলমে পৰিচালনা কৰিবলৈ সাহিত্য চৰ্চা কৰাটোৱেই মোৰ পৰিকল্পনা ।
১০) শেষত আপোনাৰ নিজৰ প্ৰিয় কবিতা এটা জনাব আৰু সেই কবিতাটো কিয় প্ৰিয় জনাব ৷
উঃ মোৰ প্ৰিয় কবিতাটো হৈছে " চকুলো আৰু আই " । এইটো কবিতা লিখোতে মই হায়দৰাবাদত আছিলো । বিহুৰ বতৰত ঘৰলৈ আহিব নোৱাৰা বাবদ এই কবিতাটো লিখিছিলো । সেয়ে কবিতাটো মোৰ প্ৰিয় বুলি ভাবো । তাত অতীত আৰু তেতিয়াৰ বৰ্তমান সকলো সোমাই আছিল । কবিতাটোৰ এটা স্তৱক আপোনালোকলৈও আগবঢ়াই দিছো ....
আই তোমাৰ চাদৰৰ আঁচলত
ৰাখিছানে মোৰ বাবে
মৰমবোৰ সাঁচি
নে তুমি নোহোৱা কৰিছা
দুখৰ চকুলো মচি
দুখ নকৰিবা আই
তুমি দুখ কৰিলে
মোৰ সময়বোৰো
দুখী হৈয়ে যায় ...
বৰ্ণিলৰ পৰিয়ালৰ ফালৰ পৰা সাহিত্যিকজনাৰ উত্তৰণ কামনা কৰিলোঁ ৷








