বহুদিন বকুলৰ ফুল ফুলা নাই (অনিতা গগৈ)

খুট্ খুট্ খুট্, খুট্ খুট্; খুট্উস !
দুদিনমানৰ পৰা একেৰাহে খুটিয়াই আছে বুকুত ৷ জহি-খহি যোৱা মোৰ শুকান বুকুখনত খুটিয়াই পাবই বা কি ? হয়তো জুখি চাব বিচাৰিছে দহিকতৰাটোৱে নিৰস বুকুৰ গভীৰতা কি ? যেন খুটিয়াই চাব খুজিছে তৰপে তৰপে পুঞ্জীভূত যন্ত্রণাৰ স্তুপত মৰুদ্যানৰ দৰে সঞ্জীৱিত হৈ থকা সঞ্চিত কিছু সেউজীয়া । ওপৰত বালিৰ চামনিৰ দৰে শুকান ঘাঁৰ আঁৰত আছেইবা কিজানি নিৰলে প্রৱাহিত এটি অন্তঃসলিলা স্রোত আৰু ধৰা পৰি যোৱাৰ অজান আশংকাৰে শিহৰিত মই মই থক্ থককৈ কঁপিছোঁ বতাহত কঁপা আগলি কলপাত খিলাৰ দৰে । অথচ প্রানেপণে তাকবাৰণ কৰিব খুজিও এক অবোধ জড়তা নে পুনৰ এবাৰ সেউজীয়া হোৱাৰ গোপন বাসনাই ক্রমশঃ সংকোচিত কৰি আনিছে মোৰ সমগ্র সত্বা । খুট্ খুট্ খুট আস ! ধীৰে ধীৰে সি কুটি খাইছে মোৰ সকলো বিমৰ্ষতা । শুহি নিছে মোৰ সকলো দহন ।যেন প্রচণ্ড গৰমৰ এদিন হঠাৎ অহা বৰষুণজাক ।এজনী ষোড়শী হৈ মই ঢপলিয়াইছোঁ চোতাললৈ । চকু মুদি দুহাত মেলি ভিজিছোঁ বৰষুণজাকত । মূৰৰ চুলিৰ পৰা বাগৰি বৰষুণৰ পানীবোৰ নামি গৈছে কঁপাল, দুচকু, দুগাল, ডিঙি, কান্ধৰ পৰা নামি ৰিহাৰ ভাঁজে ভাঁজে ঢৌ তুলি শৰীৰৰ অংগে অংগে বৈ গৈ জগাই তুলিছে এক অনিবৰ্চণীয় সুৰৰ পুলকিত ছন্দ । সেই সুৰত বিভোৰ হৈ দুভৰিৰে জলতৰংগ তুলি মই নাচিছোঁ কিন্তু হঠাৎ যেন এযুৰি চকুৰ ঠিৰ পলকত ভাঙিছে মোৰ তন্দ্রা আৰু দুপদুপাই ভিজা ভিজা সাজেৰে মই দৌৰিছোঁ দৃষ্টিৰ আঁৰলৈ । কিন্তু সেই তাতে যেন এৰি আহিছোঁ মোৰ পিছলা মন । তাৰ পিছত মোৰ অচিন ৰোগ ।সপোনে-সচিতে কেৱল সেই চকুযুৰি । মই জানো যে তেওঁ দূৰ আকাশৰ নক্ষত ্র। তেওঁক মই চাবহে পাৰোঁ, চুব যে নোৱাৰো.. সপোনতো ! আৰু..মই ?মই কোন ? ওম.. তুমি ? তুমি মোৰ সপোন কুঁৱৰী মোৰ কলিজাৰ সোণ আস ! কোনে কয় ? কোনে কয় ? যেন সপোনতে নে দিঠকতে মোৰ বুকুলৈ হাউলি অহা আকাশখনেৰে নামি আহিছে সেই দেৱকুমাৰ । সংগোপনে আহি হৃদয়ৰ আকূতিৰে, আকুল দুহাতেৰে আঁকোৱালি লৈছে মোৰ শৰীৰ ।লজ্জাত অৱনত.. দুচকু­ৰ পলকত আঁকি দিছে দুটি ওঁঠৰ উষ্ম পৰশসিক্ত প্রথম চুম্বন । আবেগৰ জোঁৱাৰত যেন জৰজৰাই সৰিছে তৰা ফুল । মোৰ কলিজাৰ নব প্র্ষ্ফুতিত সুগন্ধি বকুল ।

প্রথম মিলনৰ সেই মধুক্ষণ । সাক্ষী হৈ ৰ’ল প্রতিপদৰ জোন । দুটি দেহৰ উত্তাল তৰংগেৰে পুলকিত বতাহত বিয়পি পৰিছিল সুবাসিত এটি সুৰ । চকুত চকু থৈ ওৰে ৰাতি সাৰে আছিল দুখন হৃদয় । যেন স্তব্ধ হৈ পৰিছিল পৃথিৱী । স্থবিৰ হৈ ৰৈছিল সময় । তাৰপিছত প্রতিটো সন্ধ্যাই দচকুত অঞ্জন বোলাই । হৃদয়ত এগছি বন্তি জ্বলাই মই বাট চাই ৰৈছিলোঁ তেওঁৰ । হাতত সাৰে আহিছিল তেওঁ ৷ পুৱতি নিশালৈ নুবুজা ভাষাৰে পতা বহু নোকোৱা কথাৰ গুন গুন মধুগুঞ্জনেৰে উপচি পৰিছিল আমাৰ চৌপাশৰ বতাহ । সাৰে আছিল আমাৰ সৈতে তৰাৱলী আকাশখন । পিছবাৰীৰ পুখুৰীটোৰ পানীত চমকা জোনাকত খল্ খলাই সাৰে আছিল ৰূপোৱালী ফিছাৰ মাছবোৰ । মোৰ কোলাত মূৰ থৈ সপোন পিয়াসী কন্ঠৰে তেওঁ কৈ যায় হৃদয়ৰ বহু গোপন কথা । কথাবোৰ শব্দ হয় । শব্দবোৰ সুৰ । আৰোহ অৱৰোহেৰে আঙুলিত আঙুলি থৈ বুকুৱে বুকুৱে বৈ যায় সপ্তসুৰৰ মন্দাকিনী । ৰাগ অহিৰ-ভৈৰৱ । এদিন আহি তেওঁ ক’লেহি ‘কুঁৱৰী, মোৰ গানবোৰে শ্রোতাৰ মাজত বিপুল জনপ্রিয়তা পাইছে । মানুহৰ মুখে মুখে হেনো ভাঁহিছে সেই গীতবোৰ । জানা নে তুমি ? এই সকলোবোৰ সম্ভৱ হৈছে মাথোঁ তোমাৰ বাবে ।পোতাশ্ৰয়ৰ দৰে মোৰ জীৱনক গন্ধে-বৰ্ণে, সুৰৰ ছন্দেৰে বিকশিত কমলপাহিৰ দৰে ফুলাই তুলিলা তোমাৰ প্রেমেৰে । সুবাসেৰে পূৰ্ণ কৰিলা মোৰ মুমুৰ্ষু শূন্যতা । আহ ! আজি এই পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন মই । কুঁৱৰী, জনমে জন্মান্তৰে যেন মোৰেই হৈ ৰোৱা তুমি । কুঁৱৰী…কুঁৱৰী !’­’ মোৰ বুকুত মুখ গুজি শেষ নিশালৈ টোপনিত ঢলি পৰিছিল তেওঁ । ৰিব্ ৰিব্এচাটি মৃদু সমীৰণে লুকাই চুৰকৈ জোকাই আছিল আমাক । জিৰ্ জিৰকৈ সৰি আছিল থুপিতৰা যেন বকুল ফুলবোৰ । তেওঁৰ ক্লান্ত দুচকুত বহুযুগৰ ঘূমতি । আলফুল আঙুলিৰে লিৰিকি আছিলোঁ তেওঁৰ ঢৌ তোলা এমূৰ কেঁকোৰা চুলি, শোৱক নিচিন্তে । তেওঁক বুকুত সাৱতি কেতিয়া জানো চিলমিলকৈ টোপনিত পৰিছিলোঁ মই..। ওৰে ৰাতি আন্ধাৰত গলিগলি জ্বলি জোনাক চটিয়াই শেঁতা পৰা জোনটো আকাশৰ বুকুত বিলীন হৈ পৰাৰ পুৱাৰ পোহৰত মোৰ দৃষ্টিৰ সুদূৰলৈ আঁতৰি তেওঁৰ ধূসৰ অবয়ব ।চক্ মককৈ সাৰ পাই নিজক সামৰি লৈ ভাবিছিলোঁ যে হয়তো টোপনিত থকা বাবেই মাত নলগোৱাকৈ আঁতৰি গৈছে তেওঁ । সেই যে তেওঁ আঁতৰি গৈছিল..তাৰ পিছৰ দিনা সন্ধ্যা তেওঁ নাহিল । দ্বিতীয় দিনাও নাহিল । দিন বাগৰি মাহ, মাহ বাগৰি সলনি হ’ল ঋতু ৷ ঋতুৱে ঋতুৱে গৈ বাগৰিল বছৰ । কিন্তু তেওঁ নাহিল । জহি-খহি গ’ল মোৰ যৌৱনা দেহ । মই হেৰুৱাই পেলাইছোঁ ধীৰে ধীৰে হেৰুৱাই পেলাইছোঁ মোৰ সেউজীয়া । তেওঁৰে বিচ্ছেদৰ বিৰহ যন্ত্রণাই ভিতৰি ভিতৰি খুলি খুলি খাই মোক জুৰুলা কৰিছে । আজি দহোটা বছৰে তেওঁৰ কোনো উৱাদিহ নাই । তহচিলদাৰৰ বিশাল হাউলীটোৰ দৰেই জঁহি যোৱা মোক এতিয়া জানো তেওঁ চিনি পাব ? মাতিবহি জানো তেওঁৰ লিগিৰীৰো লায়েকৰ নোহোৱা মোক কুঁৱৰী বুলি ?তেওঁৰ কোঠাৰ সেই খিৰিকীখনৰ দৰেই পিছবাৰীৰ পুখুৰীটোও পিতনি হ’ল ।
কিন্তু হঠাৎ জানো ক’ৰ পৰা আহিল এই এটি দহিকতৰা ? খুটিয়াই খুটিয়াই কুটি আছেহি মোৰ বুকুখন । দহিকতৰাটো উৰি অহা কোণৰ পৰাই এদিন আবেলি সময়ত ভাঁহি আহিল কাৰোবাৰ খোজৰ শব্দ । চকুৰে মনিব পৰালৈ চাই দেখিলোঁ দুজন মানুহৰ সৈতে পদূলিৰে সোমাই আহিছে তেওঁ । আস সেই একেই গৌৰবদন কান্তিময় শৰীৰ ৷ একেই আছে সুন্দৰ চেহেৰা । কিছুপৰ হাউলীত কটাই মানুহ দুজন আলধৰা ৰঘুকাইৰ সৈতে পিছবাৰীলৈ সোমাই অহাৰ উমান পালো । ঘূৰি পকি বাৰীৰ পোতাপুখুৰীটোৰ পাৰৰ বকুলজোপাৰ তলত ৰৈ ৰুগীয়া গছজোপালৈ চাই ৷ মানুহ দুজনে নিজৰ মাজতে কথা পাতিলে- ‘বাৰীখনৰ বহু অংশ আগুৰি থোৱা বকুল জোপা ৰাখি লাভ নাই ।পুখুৰীটো পুতি গছজোপা কটালে শ্বপিং কমপ্লেক্স আৰু ৰেষ্টুৰেণ্টৰ বাবে সুবিধা হ’ব । মফচলিয় চহৰখনৰ এইডোখৰ ঠাই আটাইতকৈ সুবিধাজনক।
- ‘তুমি ঠিকেই কৈছা আমাৰ ভাগ্যই ভাল বুলিব পাৰি । তহচিলদাৰৰ অহৌবলীয়া পুতেকটো গীতৰ ৰেৰকৰ্ডিংৰ বাবে মুম্বাইলৈ গৈ দেৱলীয়া নোহোৱাহেঁতেন এই বিশাল সম্পত্তি ক’ত বেচিলেহেঁতেন ? শুনিছোঁ বোলে তেওঁৰ গীতবোৰো সম্বন্ধীয় ককায়েকজনে নিজৰ নামতহে প্রচাৰ কৰিলে।’
- ‘বাদ দিয়াহে আমাৰ কি আহে যায় ? আজিকালি এইবোৰ সাধাৰণ কথা । আমি মূৰ ঘমাই কি লাভ ?
কথা পাতি পাতি ৰঘুকাইৰ সৈ'তে উভটি গ’ল মানুহকেইজন । কিন্তু কথোপকথনৰ এটা এটা শব্দ শেল হৈ আহি বিন্ধিছেহি মোৰ বুকু । মই যেন বাউলী হৈ লৱৰি যাম তেওঁৰ বুকুলৈ । কিন্তু বহু কষ্টৰে নিজক সম্বৰণ কৰি বাট চাই ৰ'লোঁ তেওঁৰ বাবে । সাঁজ লাগি ভগাৰ পিছত আহিল তেওঁ । ওচৰৰ পৰা দেখিহে বুজিছোঁ কেনে এজাক বা মাৰলীয়ে বিধ্বস্ত কৰি গৈছে তেওঁক । আমি দুয়ো দুয়োলৈ চাই ৰ'লোঁ বহুক্ষণ । তেওঁৰ কাতৰ দুচকুত উলমি আছিল অনুনয়ৰ মৌন স্তৱক । মোৰ বুকুত হাঁহাকাৰ । ঠিৰেৰে নোৱাৰিমই উচুপি উঠিলোঁ । ‘কুঁৱৰী’ ! প্রথমে মাতিলে তেওঁক । আহ ! সমূদ্রৰ অতল তলিৰ পৰা নিনাদিত হোৱা যেন গুৰু গম্ভীৰ শংখনাদ । যি প্রচণ্ড জোঁৱাৰেৰে ঢৌৱাই নিয়ে দাম্ভিক পৃথিৱীৰ সকলো অভিমান । আকুলতাৰে মোক সাবতি ধৰি উপৰ্যুপৰি চুম্বনেৰে তেওঁ শিহৰিত কৰি তুলিলে মোক । শেষ প্রহৰত তেওঁৰ নিশাহৰ ছন্দে ছন্দে মোৰ বুকুত ফুলিলঅতদিনে পাহ নেমেলা বহু বকুল । জিৰ জিৰাই সৰি সুবাসিত কৰিলোঁ বতাহ । শিহৰিত সেই সুবাসৰ পুলকত আমি দুয়ো হেৰাই গলোঁ যেন এখন অলৌকিক সুৰৰ পৃথিৱীত ।

পুৱা বহু মানুহৰ মাত শুনি ভঙা টোপনিৰ দুচকু মোহাৰি দেখিছোঁ বকুলতলত বহু মানুহৰ ভিৰ ।ৰঘুকায়ে হুকহুকাই কান্দি কান্দি কৈছে— ‘আন দিনাৰ দৰেই গধূলিতে পিছবাৰীৰ বকুলজোপাৰ তললৈ ওলাই অহা কোঁৱৰৰ বাবে সজা ভাত ধাকি মই বিচনাত পৰিলোগৈ । পুৱতি নিশা অহা প্রচণ্ড ধুমুহাজাকত ধমহ্ কৈ শব্দ শুনি পিছবাৰীৰ বকুলজোপা উভালি পৰাৰ খবৰটো কোঁৱৰক দিবলৈ আহি দেখো তেওঁ কোঠাত নাই । ঢাকি থোৱা ভাত একে ভাগেই আছে । ভালকৈ পোহৰ হোৱাত গাটো চেবালত বাৰীলৈ আহি দেখোঁ যে গছজোপাই হেঁচামাৰি ধৰা কোঁৱৰ প্রাণবায়ু ইতিমধ্যে উৰি গৈছে । উস ! উস ! বিয়া বাৰু নকৰোৱা কোঁৱৰৰ লগতে তহছিলদাৰৰ বংশৰ শেষগচি প্রদীপো নুমাল' মানুহবোৰে কি কৈ আছে আমি শুনিছো যদিওঁ বুজি পোৱা নাই । পিছবাৰীৰ পুখুৰীটোৰ পাৰতে বকুলজোপাৰ খৰিৰে চিতা সাজি কোঁৱৰৰ দাহ-সংস্কাৰ কৰা হ’ল । ধোঁৱাবোৰে কুণ্ডলী পকাই উৰি গৈছে আকাশলৈ । কোঁৱৰৰ বুকুত মুখ গুজি সেয়া মই…যেন এটি সুৰ হৈ কোনেও নেদেখা নজনা এখন পৃথিৱীলৈ গৈ আছোঁ আমি… ।
(সমাপ্ত)