আধুনিক অসমীয়া কবিতাত কেইগৰাকী মান কবিৰ কাব্য চিন্তা (সুৰজিতা সন্দিকৈ গগৈ)

উদগ্ৰ ধ্বংস নিচা, লোভৰ কুটিল দুঃসাহস ছলনাৰ জীৱন্ত ধেমালী আৰু পাপৰ কুৎসিৎ অভিসাৰ তাৰো সৌন্দৰ্য্যই মোক দিছিল স্বপ্নৰ জাল ৰচি কাৰণ, মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ সৰ্যদা, সিও বন্ধী সূৰ্যকণা, আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু ৷
এই স্তৱকটিক পৃথিৱীৰ কঠিন জৰায়ু ভাঙি-ছিঙি ওলাই অহা বন্দী সূৰ্যকণাই ধ্বংসৰ মাজত লুকাই থকা সৃষ্টি শক্তিৰ আৰু আশাৰ সুমধুৰ ব্যঞ্জনা কঢ়িয়াই আনিছে ৷ ন-সষ্টিৰ বাবে সূৰ্যকণা জাগ্ৰত হৈ থকা চিৰদিন-চিৰকাল ৷


'কিন্তু মৰুভূমি আহে,
লাহে-লাহে মাহে-মাহে বছৰে-বছৰে
আঁহতৰ খোৰোঙত এপাহি কপৌ ফুল
সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে-লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং, সেউজ সোণালী
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাই বৰণৰ এখন পৃথিৱী ৷'


এই কবিতাৰ স্তৱকটিত আধুনিক সভ্যতাই অৱক্ষয়ৰ বাট মোকলাই দিয়া বিপন্ন বিপদৰ ৰূপ মৰুভূমিৰ চিত্ৰকল্পৰ মাজেৰে প্ৰকাশ পাইছে ৷ সাধাৰণতে নৈয়ে কৰা ধ্বংসকাৰ্যত পুনৰ সৃষ্টিৰ সম্ভাবনা লুকাই থাকে ৷ কিন্তু মৰুভূমিয়ে লাহে লাহে প্ৰাণৰ সকলো সেউজ ৰস শুহি কৃতাৰ পৰিবৰ্তে অৱক্ষয়ৰ দুৱাৰ খুলি দিয়ে ৷ গোপন ৰোগ যিদৰে বাহ্যিক দৃষ্টিত প্ৰথমে দেখা নাযায় ঠিক তেনেদৰে এই অৱক্ষয়ত অতি লাহে-লাহে আৰু অৱশেষত দীৰ্ঘস্থায়ী বিষত্ৰিয়াৰ যি যন্ত্ৰণা তাৰ দৰে সি দৃশ্যমান হৈ উঠে ৷ 'তামৰঙী আকাশ', 'ফুটছাই বৰণৰ পৃথিৱী' আদিৰ জৰিয়তে কবিয়ে সম্ভাৱনা শূণ্য জীৱন আৰু নিষ্প্ৰাণ নিৰস পৰিৱেশৰ চিত্ৰ অংকণ কৰিছে ৷
'নদীন নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ'লেৰে গঢ়ে গছ লতা ফুলৰ সমাধি,
ছঁয়াময়া জিঁয়া এটি বালিয়ে উৰি,
পানীৰ কাৰণে ঘূৰি
কৰবাত বাট হেৰুৱায় ৷'


এই স্তৱকটিত স্ৰোতস্বিনী নদী একোখন লাহে-লাহে মৰা সুঁতিত পৰিণত হোৱা, জুৰিয়ে শিলনিৰ ৰূপ লোৱা ইত্যাদিবোৰ মৰুভূমিৰে আন এক ৰূপ ৷ মৰুভূমিত পানীৰ অভাৱৰ বাবে জীৱনে বাট হেৰুৱায় ৷ আধুনিক সভ্যতাই অনা সংকটৰ বাবে মানুহৰ জীৱনবোৰো ক্ৰমাৎ মৰুময় হৈ উঠিছে ৷ ঠিক তেনেদৰে হেৰাই গৈছে দয়া, মমতা, ভালপোৱা আদি মানৱীয় প্ৰমূল্য সমূহ ৷
'মৰুভূমি এইদৰে আহে,
লাহে-লাহে মাহে-মাহে বছৰে-বছৰে ৷
দূৰণিৰ নীলা সেই গাওঁখনলৈ
এইবেলি সোনকালে আঘোণ আহিল- আহিনতে,
এইবাৰ ব'হাগৰ ঢল নাহে নেকি ?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা ?
আহাৰৰ ক'লা মেঘ পাহাৰৰ সিপাৰে থাকিল ৷
পাহাৰ ইমান ওখ ! ওখ নে মেঘতকৈয়ো
ওখ নে প্ৰেমতকৈয়ো ? '


এই স্তৱকত কবিয়ে বুজাইছে যে- ''ব'হাগৰ ঢল", "উজানৰ বগা মাছ", "আহাৰৰ ক'লা মেঘ" আদি সৃষ্টিৰ শক্তবোৰক মৰুভূমি ক্ৰম আগ্ৰাসনে আধুনিক পৃথিৱীৰ বুকুৰ পৰা দূৰ কৰি পেলাইছে ৷ "আঘোণ" মাহ সৃষ্টি সম্ভাৰেৰে পয়োভৰাৰ প্ৰতীক যদিও আহিনত তাৰ উপস্থিতিয়ে ভৱিষ্যত অনিশ্চয়তাৰহে ইংগিত বহন কৰিছে ৷ ভৱিষ্যতৰ সম্ভাৱনা থকা আহিনৰ শ্যামলী পথাৰৰ পৰিৱৰ্তে আঘোণৰ সোণালী বৰণে ভৱিষ্যতৰ সকলো সম্ভাৱনা বিনষ্ট হোৱাৰহে ইংগিত কঢ়িয়াই আনিছে ৷ সৃষ্টি ক্ষমতাৰ প্ৰতীক স্বৰূপ আহাৰৰ ক'লা মেঘ, প্ৰেম এতিয়া সভ্যতাৰ সুউচ্চ পাহাৰ অতিক্ৰম কৰি আহিব নোৱাৰাৰ বাবেই জীৱনবোৰ হৈ উঠিছে প্ৰাণহীন, নিৰস আৰু ৰুক্ষ ৷