দুটা যুগৰ দুজন কবি (ড• আনন্দ বৰমুদৈ)

গোটেইবোৰ কবিতা মালিতা নহয়, কিন্তু সামগ্ৰিকভাৱে কবিতাবোৰত মালিকাৰ গুণ আছে ৷ বৰুৱাৰ কাব্যভাবনা আৰু কৌশল সুকীয়া, কিন্তু কাহিনীধৰ্মিতাই বৰুৱাৰ কবিতাক নৈৰ্ব্যক্তিকতা দান কৰিছে ৷ আধুনিকতাবাদী কবিতাত বিষয় কাব্যিক অভিজ্ঞতা উপলব্ধিৰ অজুহাত বুলি অনেক কবিয়ে বিশ্বাস কৰি থকাৰ সময়তে এই শতিকাৰ আৰম্ভণিতে যিকেইগৰাকী তৰুণ কবিয়ে কবিতাক বিষয় কেন্দ্ৰিক উক্তি কৰিবলৈ বিচাৰিছিল সেইকেইগৰাকীৰ মাজৰে এজন ৰাজীৱ বৰুৱা ৷ যিকোনো ভাল কবিতাতে চিন্তা, ভাব-অনুভূতি, দ্বন্দ্ব-বিৰোধ আৰু আততিৰ মাজেৰে আগবাঢ়ে ৷ বৰুৱাৰ শেহতীয়া কবিতাত এই দ্বন্দ্ব-বৈপৰীতা মূলতো পাৰ্থিৱ/অপাৰ্থিৱ, দেহ/মন, কালসাপেক্ষ/কালাতীত, আকাংক্ষা/অপ্ৰাপ্তি আদিৰ মাজত উপস্থিত হৈ আততিৰ সৃষ্টি কৰে ৷ দাৰ্শনিক চিন্তাই তেওঁৰ কবিতাৰ গঢ় বহু পৰিমাণে নিৰ্ণয় কৰে ৷ সাম্প্ৰতিক তৰুণ কবিসকলৰ ভিতৰত বৰুৱাই আটাইতকৈ বেছি দাৰ্শনিক চিন্তা কৰা কবি ৷ তেওঁৰ কবিতা কোনো প্ৰণালীবদ্ধ দৰ্শন নহয়, কিন্তু জীৱন আৰু জগতৰ অৰ্থৰ অনুসন্ধান কৰোঁতে দাৰ্শনিক চিন্তাৰ মাজেদি নিজা দৃষ্টিভংগী প্ৰকাশ পায় ৷ শব্দৰ আভিধানিক অৰ্থৰ লগতে সাংগীতিক লয়ৰ প্ৰতি সচেতন বৰুৱাই স্পন্দিত গদ্যৰ সহায়ত কৰা উক্তিসমূহেও একোখন চিত্ৰকল্প, একোটা প্ৰতীক অথবা ৰূপকেই তেওঁৰ দৃষ্টি আৰু দৰ্শনৰ কথা পাঠকক কয় ৷ বিশেষ পৰিৱেশ-পৰিস্থিতিত নিজা দৃষ্টিকোণ পৰিষ্কাৰ কৰিবলৈ ভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰ পৰা অনা ধ্যান-ধাৰণাক শ্লেষৰ সহায়ত তেওঁ একত্ৰিত কৰে ৷
ৰাজীৱ বৰুৱাৰ কবিতাত শব্দই নিজা জগত এখন সৃষ্টি কৰি লয় আৰু সেই জগতখন হুবহু আমাৰ দৈনন্দিন অভিজ্ঞতাৰ জগত এখন নহ'বও পাৰে ৷ সেই জগতৰ ঘটনা-পৰিঘটনা সদায় ন্যায়শাস্ত্ৰীয় নীতিৰে পৰিচালিত নহ'বও পাৰে ৷ সময়ত সেইখন জগতত সপোন আৰু বাস্তৱৰ সীমাৰেখাও অস্পষ্ট ৷ কিন্তু কবিতাবোৰ উক্তি হওঁতে আমাৰ সমাজ জীৱনৰ প্ৰসংগতে উক্তি হয় ৷
ৰাজীৱ বৰুৱাৰ কবিতাৰ নিৰ্মাণ কৌশলৰ ফালে মন কৰিলে দেখা যায় যে- তেওঁ উপমান আৰু উপমেয়ৰ মাজত খেলিমেলি লগাই পৰিস্থিতি একোটাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে ৷ 'খালি বটলৰ মালিতা- ১'ৰ পৰা উদাহৰণ এটা ল'ব পাৰিঃ 'কেৰাচিন তেলৰ বটলটোলৈকে চাওঁক/গাত ক'লা ক'লা দাগ/ঘাট মাউৰাৰ দৰে অকালতে/পকে তাৰ সংসাৰ জ্ঞান ৷' ঘাট-মাউৰা শ্ৰমিক শিশু এটাই অকালতে জীৱনৰ কঠোৰ সত্যৰ মুখামুখি হয়, সিহঁতৰ কোমল মুখত ক'লা দাগ বহে ৷ সিহঁতৰ মলিয়ন মুখবোৰ কেৰাচিন তেলৰ লেটেৰা বটলৰ লগত তুলনীয় ৷ উপমেয় আৰু উপমানৰ খেলিমেলি লগাই চিনাকী পৰিস্থিতিক আচহুৱা কৰা হৈছে ৷ এই আচহুৱা কৰণৰ অভিঘাত বিচ্ছিন্নতাবোধে আৱেগৰ বাধা দি পৰিস্থিতিক লৈ চিন্তা কৰিবলৈ পাঠকক আহ্বান জনায় ৷ নাতিদীৰ্ঘ কবিতাটোৰ আৰম্ভণিৰ পৰাই খেলিমেলি লগোৱা হৈছেঃ মানুহ বটলৰ নিচিনা নে বটল মানুহৰ নিচিনা ?
আৰম্ভণি স্তৱকত কোৱা হৈছে যে- ৰাতিপুৱা খোৱাপানী ভৰোৱা বটলবোৰত সন্ধিয়া পানী ভৰাব নোৱাৰি, কাৰণ বটলবোৰ ডিঙিলৈকে স্মৃতিৰে ভৰি থাকে ৷ এই স্মৃতি কাৰ ? খালী বটলটোৰ স্মৃতি নে বটলৰ পানী খোৱাজনৰ ? বটলৰ স্মৃতি থাকিব পাৰে জানো ? বটলৰ পৰা পানী খোৱাজনৰনো কি বিশেষ স্মৃতি বটলত লাগি থাকিব ? কিবা স্মৃতি থাকিলেও স্মৃতি কিবা জুলীয়া পদাৰ্থ নেকি যে সি বটলৰ ডিঙিলৈকে দাগ কাটিব ? পাঠকৰ সন্দহ হ'ব যে কবিয়ে বটল আৰু পানীৰ কথাৰে আন কিবা কথাহে ক'ব বিচাৰিছে ৷ ' স্মৃতি' শব্দটোৰ পৰা আঁত এডাল বিচাৰিছে ৷ 'স্মৃতি' শব্দটোৰ পৰা আঁত এডাল উলিয়াই ল'ব পাৰি ৷ আমি মুহূৰ্তৰ পৰা মুহূৰ্তলৈ জীয়াই থাকোতে অবিৰাম মুহূৰ্তবোৰ অতীত হৈ গৈ থাকে ৷ অতীত হোৱা মুহূৰ্তবোৰ স্মৃতি হয়, সিবিলাক ঘূৰাই পাব নোৱাৰি ৷ বটলৰ পৰা পানী খোৱাৰ দৰে জীৱনৰ মুহূৰ্তবোৰ জীয়াই থকাৰ পাছত কেৱল স্মৃতি ৰৈ যায়, বটলত আকৌ পানী ভৰোৱাৰ প্ৰশ্ন নুঠে ৷ এই দাৰ্শনিক চিন্তা 'হাতখড়ি' কবিতাত সৰল ৰূপত প্ৰকাশ পাইছেঃ 'লিখি পেলোৱা কথাবোৰ আৰু / আজিৰ দৰে মোহাৰিব নোৱাৰিব ৷' শিশুৰ সৰল, নিষ্পাপ আৰু সংহত জগতখন প্ৰাপ্তবয়স্কৰ অভিজ্ঞতাৰ জগতখনৰ বৈসাদৃশ্যত উপস্থাপন কৰা হৈছে ৷ কবি বৰুৱাৰ দাৰ্শনিক চিন্তা পাঠকৰ পৰিচিত আৰু চিনাকিক আচহুৱা কৰাৰ কৌশল আন সাহিত্যিকেও সাহিত্যত খটুৱাইছে, কিন্তু পাঠকৰ আৱেগ অনুভূতিক আলোড়িত কৰিবলৈ নিবিচাৰি চিন্তা উদ্ৰেককাৰী নাতিদীৰ্ঘ গীতি কবিতা ৰচনাৰে ৰাজীৱ বৰুৱাৰ কবি কল্পনাই জীৱন আৰু জগতৰ অখণ্ড ৰূপ এটাৰ অন্বেষণ কৰে ৷ অখণ্ড ৰূপৰ অন্বেষণে সমাজ আৰু ব্যক্তি জীৱনৰ সকলো পৰিৱেশ আৰু পৰিস্থিতিক চিৰন্তনৰ অপৰিৱৰ্তনীয় ৰূপৰ মাজত প্ৰতিষ্ঠা কৰে ৷ কাৰুণ্য আৰু আনন্দৰ নাটকখনৰ নিৰপেক্ষ দৰ্শক হ'ব খোজা কবি অথবা কণ্ঠস্বৰৰ গৰাকীজন আধুনিকতাবাদী নিঃসংগতা, বিচ্ছিন্নতাবোধ আদিৰ পৰা মুক্ত ৷ জীৱনৰ খণ্ডিত চিত্ৰবোৰক একক ৰূপত সংহত কৰাটো কবিৰ আকাংক্ষা ৷
ৰাজীৱ বৰুৱাৰ কবিতা আধুনিকতাবাদৰ পাছৰ পৰ্যায়ৰ কবিতা ৷ আধুনিকতাবাদীয়ে ব্যৱহাৰ কৰা কলা-কৌশল বৰুৱায়ো ব্যৱহাৰ কৰিছে, কিন্তু বিশেষ একোটা চিন্তা বা ধাৰণাক লৈ আধুনিকতাবাদীয়ে সাধাৰণতে কবিতা নিলিখে ৷ বৰুৱাই একোটা চিন্তাৰ ছাপ পাঠকৰ মনত গাঢ় কৰিবলৈ সময়ত এলানি উপমাৰ সহায় লয় ৷ চন্দ্ৰকুমাৰৰ দৰে ৰোমাণ্টিক কবিৰ তেনে কৌশল প্ৰিয় আছিল ৷ তীৰ্থনাথ শৰ্মাৰ কবিতাৰ মাজেদি যি ঐতিহ্য-পৰম্পৰাৰ শক্তি প্ৰবাহিত, সেই ঐতিহ্য-পৰম্পৰাই কিছু পৰিমাণে হ'লেও তৰুণ কবি ৰাজীৱ বৰুৱাৰ কবিতাকো প্ৰাণ-প্ৰাচুৰ্যৰ যোগান ধৰিছে ৷ (সমাপ্ত)