"জাতীয় জীৱনৰ সংগল মন্দিৰৰ সিংহ দুৱাৰ হৈছে জাতীয় সাহিত্য" - সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই বহুমূলীয়া উক্তিয়ে জাতীয় জীৱনত সামগ্ৰিকভাৱে সাহিত্যৰ প্ৰভাৱৰ কথাকে প্ৰতীয়মান কৰিছে ৷ অন্যহাতে সাহিত্যক 'সমাজৰ দাপোন' বুলি ব্যক্ত কৰা কথাষাৰেও সাহিত্যত সমাজ জীৱন প্ৰতিফলিত হৈ থকা কথাকে সূচাইছে ৷ একোটা জাতিৰ জাতীয় সাহিত্য যিমান চহকী সেই জাতিৰ সামগ্ৰিক জাতীয় জীৱনো সিমানেই উন্নত আৰু গতিশীল বুলি বিবেচিত হৈ আহিছে ৷
অসমৰ ভাষা-সাহিত্যই হৈছে বৃহৎ অসমীয়া সমাজখনৰ সামগ্ৰিক ধাৰাটোৰ জাতীয় জীৱনৰ বাবে জাতীয় সাহিত্য ৷ অন্যান্য ভাষা-সাহিত্যৰ দৰে অসমীয়া ভাষা-সাহিত্যৰো ইতিহাস আছে, ইয়াৰ গতি প্ৰকৃতিও আছে ৷ ইতিহাসৰ ভিন্ন সময়ত বৰেণ্য সাহিত্যিক সকলে বিভিন্ন ধাৰা সংযোজিত কৰি ভাষা সাহিত্যৰ ভঁৰাল টনকীয়াল কৰাত ইন্ধন যোগাই আহিছে ৷ লোক জীৱনত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা কাহিনী, উপ-কাহিনী আৰু সাধুকথা সমূহেও সাহিত্যৰ অন্যান্য বিভাগ সমূহৰ দৰেই প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ লগতে বয়সস্থলোকসকলৰ বাবেও প্ৰয়োজনীয় শিক্ষাৰ সমল নিহিত হৈ থকা 'সাধু কথা' বোৰ বিশ্বৰ সকলো প্ৰান্ততে জনপ্ৰিয় সাহিত্য হিচাপে বিবেচিত হৈ আহিছে ৷ অসমীয়া সাহিত্যৰ এই ধাৰাটোৰ বাটকটীয়া তথা পুৰোধা ব্যক্তি গৰাকী নিঃসন্দেহে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৷ "ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা বিংশ শতিকাৰ প্ৰথমৰ্ধলৈ বিয়পা মুঠ তিনিকুৰি পোন্ধৰটা বছৰ অসমীয়া ভাষা সাহিত্য, সমাজ আৰু সংস্কৃতিৰ ধাৰাটো যেন প্ৰৱাহিত হৈছে- বেজবৰুৱাৰ জীৱন আৰু প্ৰতিভাৰ মাজেদিয়েই ৷" ড• যোগেন্দ্ৰ নাৰায়ণ ভূঞাদেৱে সঠিকভাৱেই এই মন্তব্য ব্যক্ত কৰি গৈছে ৷
উচ্চ শিক্ষা লাভ কৰিবৰ বাবে কলিকতা (বৰ্তমান কলকাতা)ত থকা সময়ছোৱাতে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গভীৰভাৱে পৰিচয় ঘটিছিল বংগৰ ভাষা-সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বৰ্ণাঢ্যৰূপটোৰ লগত ৷ বিশেষকৈ ১৮৯১ চনত তাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত বৈবাহিক সূত্ৰে আৱদ্ধ হোৱাৰ ফলস্বৰূপে সেই পৰিচয়ৰ গভীৰতা আৰু বাঢ়িছিল ৷ এই কালছোৱাৰ ভিতৰতে ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতৰ 'গীতাঞ্জলি' নামৰ কাব্য সংকলনটিৰ বাবে সাহিত্যৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই গৰাকী বিশ্ব বিয়পা খ্যাতিৰ আধিকাৰী হোৱা মহা মনীষাৰ সান্নিধ্য লভিছিল বেজবৰুৱা দেৱে ৷ গতিকে, স্বাভাৱিকতেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন আৰু আদৰ্শই বেজবৰুৱাকো যে প্ৰভাৱিত কৰিছিল ইয়াত সন্দেহ নাই ৷ এই প্ৰভাৱৰ ফলতো কিন্তু বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ গতিধাৰা অন্যফালে ঢাল খোৱা নাছিল ৷ এই প্ৰভাৱক তেখেতে অনুপ্ৰেৰণা বুলি গ্ৰাহ্য কৰি নিজৰ মাতৃভাষা আৰু সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে নিৰন্তৰ সাধনাত ৰত হৈছিল ৷ এই প্ৰসংগতে ড• যোগেন্দ্ৰ নাৰায়ন ভূঞাদেৱে মন্তব্য কৰিছে এনেদৰে, "অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ চাৰিসীমাৰ বাহিৰত থাকিও লক্ষ্মীনাথ বেজবৰুৱাই অসম আৰু অসমীয়াৰ মংগলৰ হকে যেনেদৰে আত্মোৎসৰ্গ কৰি গ'ল, আধুনিক অসমৰ জাতীয় জীৱনৰ ইতিহাসত তাৰ তুলনা পাবলৈ নাই ৷" স্বদেশ আৰু স্ব-জাতিৰ প্ৰতি থকা গভীৰ ভাব-অনুভূতি আৰু অনুৰাগৰ মূৰ্ত প্ৰকাশ ঘটিছিল বেজবৰুৱাদেৱৰ জীৱন আৰু কৰ্মৰ মাজেদি ৷ বিশেষকৈ সাহিত্য সাধনাৰ মাজেদি সেয়া অধিকৰূপত প্ৰকট হৈ উঠিছিল ৷
শিশুসকলক পৰিয়াল, সমাজ, দেশ আৰু জাতিৰ ভৱিষ্যত বুলি গণ্য কৰা হয় ৷ অন্যকথাত দেশ এখনৰ সম্পদো হৈছে- শিশুসকলেই ৷ কথা হ'ল সংশ্লিষ্ট সকলো পক্ষই সন্মিলিত প্ৰচেষ্টাৰে উপযুক্তভাৱে গঢ় দিব পৰিলেহে তেওঁলোক সম্পদ হিচাপে বিবেচিত হ'ব আৰু তেতিয়াহে তেওঁলোকে পৰিয়াল, সমাজ, দেশ আৰু জাতীয় জীৱনৰ উত্তৰণৰ গতিত যথোচিত ৰূপত ইন্ধন যোগাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি ৷ এই কাৰ্যত অন্যান্য ক্ষেত্ৰ সমূহৰ লগতে জাতীয় সাহিত্যৰ প্ৰভাৱ আৰু বৰঙণি কেতিয়াও নুই কৰিব নোৱাৰি ৷ শিশুৰ মনোজগতত স্বভাৱগতভাৱে উদ্ভূত ভাব-অনুভূতি আৰু আৱেগবোৰ সম্যকভাৱে উপলব্ধি কৰি সেইমতে যুগুতোৱা লেখা-মেলাবোৰ অৰ্থাৎ 'শিশু সাহিত্য' ৰাজ উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷ অসমীয়া শিশু সাহিত্যৰ ভঁৰালটোও নিশকটীয় নহয় ৷ বৰণ্যে অসমীয়া সাহিত্যৰ সাধকসকলে তেখেতসকলৰ অমৰ সৃষ্টিৰাজৰ জৰিয়তে অসমীয়া শিশু সাহিত্যৰ পথাৰখন ৰসাল আৰু জীপাল কৰি আহিছে ৷ সেই সমূহে অন্যান্য ভাষাৰ শিশু সাহিত্যৰ লগতো সমানে ফেৰ মাৰিব পৰা হৈছে বুলি নিঃসন্দেহে ক'ব পাৰি ৷
অসমীয়া শিশু সাহিত্যৰ এক বিশেষ অংগ হৈছে সাধুকথাবোৰ ৷ শিশু কালত সাধুকথা নুশুনা বা শুনি ভাল নোপোৱা ব্যক্তি বোধহয় নোলাব ৷ মূলতঃ গাওঁ আৰু কৃষি কেন্দ্ৰিক জাতীয় জীৱনক সাধুকথাৰ প্ৰভাৱে মোহাচ্ছন্ন কৰি অহাৰ কথা আজি আৰু দোহৰাৰ প্ৰয়োজন নাই ৷ গৰমকালি জোনাক নিশা চোতালত শীতল পাটি পাৰি বহি আৰু জাৰকালি জুশালৰ পকা অঙঠাৰ কাষত বহি ককাক, আইতাক আৰু জ্যেষ্ঠজনৰ মুখৰ পৰা সাধুকথা শুনাৰ আমেজেই সুকীয়া ৷ ইয়াৰ সোৱাদ লভিবলৈ সৌভাগ্য ঘটা সকলে কেতিয়াও এই কথা পাহৰিব নোৱাৰে ৷ দুৰম্ত সময় প্ৰৱাহে অনা পৰিৱৰ্তন আৰু বিভিন্ন কাৰকৰ ফলত এই ধাৰাত কিছু পৰালি পৰিলেও এতিয়াও আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা নাই ৷ সাধুকথাক লিখিত ৰূপত প্ৰকাশ কৰি এক সুকীয়া মাত্ৰা দি গ'ল- অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৷ ১৯১২ চনত পোন প্ৰথমে প্ৰকাশৰ মুখ দেখা 'বুঢ়ী আই সাধু' য়ে সম্প্ৰতি শতবৰ্ষত ভৰি দিলেহি ৷ এই দীঘলীয়া পৰিক্ৰমাতো ইয়াৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা কমা নাই ৷
(সমাপ্ত)








