সম্পাদকীয়

ক্ৰমান্নয়ে সেউজীয়া ধৰণী সোণোৱালী হ'ল ৷ শীতৰ আগমনৰ লগে লগে ইংৰাজী নৱবৰ্ষৰ লগতে আগমন মাঘ বিহুৰ আৰু মাঘ বিহুৰ আগমনত গাঁৱৰ সকলো ঘৰে ঘৰে নতুন চাউলৰ সুগন্ধিৰ অনুভৱ ৷ হাঁহৰ মাংস, কুকুৰাৰ মাংস, বৰা চাউলেৰে তৈয়াৰী ভিন্নধৰণৰ পিঠাৰ সুগন্ধিৰে গাঁৱৰ পৰিৱেশ আমোল-মোল ৷ গাঁৱৰ ডেকা-গাভৰু, বোৱাৰী আদি সকলোৱে মিলি আনন্দত তৃপ্তীৰে এসাজ খোৱাৰ ইচ্ছাৰে ভোগালীৰ মেলাৰ আয়োজন চলাইছে ৷
অসমীয়া বাপতি সাহোন ভোগালী বিহু অাৰু সাম্প্ৰতিক এনাজৰী ডাল ৰক্ষা কৰা স্বাৰ্থত গাঁৱৰ ডেকা গাভৰু, বোৱাৰী, বয়োজ্যেষ্ঠ সকলকে আদি কৰি সকলো ব্যস্ত হৈ পৰিছে ভোগালীক আদৰিবলৈ ৷ কিছুৱে নতুন চিন্তাৰে আৰু আন কিছুৱে  অতীতৰ ৰীতি-নীতিৰ মাজেৰে ৷ 

প্ৰত্যেক গাঁৱৰ ডেকা সকলে বাঁহ, খেৰ আদিৰে ভেলা ঘৰ নিৰ্মাণ কৰিছে । আনকি  গাঁৱৰ কণ কণ ল'ৰা-ছোৱালী কেইটাও এনে থকা নাই ভেলা ঘৰৰ বাবে নৰা উঘলাত ব্যস্ত হৈ আছে ৷ বৰ্তমান সময়ত অসমীয়াৰ সংস্কৃতিৰ ক্ষেত্ৰত আধুনিকতাৰ প্ৰভাৱ পৰিছে যদিও পূৰ্বৰ ৰীতি অনুসৰি পুহৰ শেষৰ দিনটোত বুঢ়া ডেকা সকলে ভেলা ঘৰ ৰখি দোমাহী দিনা গাঁৱৰ সকলো লোক একত্ৰিত হৈ আনন্দৰে ভোজ খোৱা দেখা যায়  ৷

সদৌ শেষত বৰ্ণিলৰ সকলো পঢ়ুৱৈ আৰু সাহিত্যিকলৈ বৰ্ণিলৰ পৰিয়ালৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ আৰু শুভকামনা জনালোঁ ৷

ধন্যবাদেৰে-
ডিম্পল গগৈ ।
দূৰভাষঃ ৮৮৭৬৬৩১১২৬