(এক)
ভাইবাৰ, হাইক, হোৱাটছ্ এপ আৰু মেচেঞ্জাৰ টেবুলত
কিতাপ মেলি ৰাতি দিন একাকাৰ।
বাপেকৰ আশা
বৰমাকে দিয়ে নিশা পৰ,
ৰিজাল্টশ্বিটত নম্বৰ নাই
লাগিল হাঁহাকাৰ ।
কিতাপ মেলি ৰাতি দিন একাকাৰ।
বাপেকৰ আশা
বৰমাকে দিয়ে নিশা পৰ,
ৰিজাল্টশ্বিটত নম্বৰ নাই
লাগিল হাঁহাকাৰ ।
(দুই)
মিচকলৰ চিনাকীত হ'ল
'হিয়া দিয়া নিয়া'
ফেচবুকৰ ফটো চাই
পাতি পেলালে বিয়া।
হোমৰ গুৰিত পৰিল ধৰা
পূৰ্বৰে আছে হেনো দৰা,
পুলিচে লৈ গ'ল
লগাই হাতকেৰেয়া ।
'হিয়া দিয়া নিয়া'
ফেচবুকৰ ফটো চাই
পাতি পেলালে বিয়া।
হোমৰ গুৰিত পৰিল ধৰা
পূৰ্বৰে আছে হেনো দৰা,
পুলিচে লৈ গ'ল
লগাই হাতকেৰেয়া ।
(তিনি)
'মিড দে মিল' খাই ল হেৰৌ অসমীয়া
ভতুৱা কিতাপ নাই বজাৰত
বেগত আন কলপটুৱা ।
চৰকাৰী আঁচনি
নকৰিবি আমনি,
পোঁকলগা তুঁহ চাউল আৰু দাইলৰ পনীয়া ।
ভতুৱা কিতাপ নাই বজাৰত
বেগত আন কলপটুৱা ।
চৰকাৰী আঁচনি
নকৰিবি আমনি,
পোঁকলগা তুঁহ চাউল আৰু দাইলৰ পনীয়া ।
ঠিকনাঃ জামুগুৰি ,নগাঁও







