মৰমৰ "মনি"
আজি বহু দিনৰ পিচত শীতৰ হাঁড় কঁপোৱা ৰাতি এটি সাবটি তোমালৈ একলম লিখিবলৈ বহিছো । কুঁৱলীৰ আঁচল ফালি শীত অহাৰ বাটেৰেই মোৰ দুখৰ দেশলৈ ফাগুন আহিছে । তোমাৰ সুখৰ কৃষ্ণচূড়া ফুলা চহৰলৈ হয়তো ফাগুন অহা নাই আগৰ দৰে ।
মনি তোমাৰ ভাল বেয়া সোধাৰ সামান্য অধিকাৰ কন যিদিনা কাঢ়ি আতৰি গ'লাগৈ জোনাকী বাটেৰে, সেইদিনাই স্মৃতিৰ প্ৰাচীন গহ্বৰত দুখৰ কিৰিলি এটা ভাঁহি আহিছিল মোৰ জীৱনলৈ । তথাপি চোন অভিশপ্ত মনটোয়ে বাৰে বাৰে তোমাকে সুঁৱৰি থাকে । মোৰ দৰে এটা সৰ্বহাৰা দুখীয়া ল'ৰাৰ জীৱনৰ পৰা তুমি আতৰি যোৱাত মই আচৰিত হোৱা নাই । কিন্তু তোমাৰ হৃদয় খন যে শিলৰ দৰে কঠিন হ'ব, সেয়া মোৰ কল্পনাতীত আছিল । অথচ অসম্ভৱ বোৰ সম্ভৱ কৰি মোৰ হৃদয় খন চিতাৰ দৰে জ্বলাই ছাই কৰি দিলা । নিয়তিৰ নিষ্ঠুৰতাৰ গৰাহত আজি তিলতিলকৈ মৃত্যুৰ ক্ষণ গণি জীয়াই আছো । কালৰ কুটিল গতিত পাহৰি গ'লা মোক আৰু মোৰ মৰমক । পাহৰণিৰ গৰ্ভত আজি আমাৰ নষ্টালজিয়াৰ দিনবোৰ ।
মনি, তুমি কেনেকৈ পাহৰিলা অতীত বোৰ ? আজি অতীতবোৰে সোঁৱৰাই তোমাক দুখ দিব বিচৰা নাই । দুখ পালেও হয়তো আজি প্ৰথম আৰু শেষ বাৰৰ কাৰণে মোৰ পৰা দুখ পাবা । চিৰজীৱন তোমাৰে হোৱাৰ যি প্ৰতিশ্ৰুতি দিছিলো, তাৰেই প্ৰেৰণাতে কেতিয়াবা তোমালৈ একলম লিখিবলৈ বৰ মন যায অ'। এখনি ভগ্ন হিয়াৰ মৰম-ভালপোৱা বোৰ সজাব মন যায় উকা কাগজৰ বুকুত ।
মনি, চিঠিখন পঢ়ি হয়তো তোমাৰ বেয়া লাগিব । সেয়ে মোৰ বুকুৰ তেজ দি চিঠি খন পঢ়ি হ'লেই জ্বলাই দিবা । দুখ নকৰিবা , মোৰ জীৱনটোকে তুমি জ্বলাই শেষ কৰিলা । বিষাদৰ ধূঁসৰিত সময়ে কোঙা কৰা জীৱনক তুমি আৰু কষ্ট নিদিবা । ঠুনুকা মোৰ হৃদয় খনত দুখে অক্টোপাচৰ দৰে মেৰিয়াই ধৰিলে । তোমাৰ সুখৰ কামনা কৰি মোৰ এলান্ধু পৰা উৰুখা পঁজাত মমৰ দৰে জ্বলাই শেষ কৰিছো মোৰ অনেক সপোন । আজি তোমাক সীমনাত দিবলৈ মোৰ একোয়েই নাই । তথাপি তোমাৰ অনাগত দিনবোৰ সুখৰ হোৱা কামনা কৰিলো । কেতিয়াবা অজানিতে মোলৈ মনত পৰিলে আকাশত ওলমি থকা জোনবাই জনীক সুধিবা মোৰ শেষ ঠিকনা । তোমাৰ হেৰুৱা ঠিকনাত মোলৈ একলম লিখাৰ আৰু চেষ্টা নকৰিবা । তুমি সুখেৰে থাকা । সখী হোৱা...
সীমনাত,
তোমাৰেই চিৰকালৰ
"......মই"
ঠিকনাঃ দোৰপাং







