নীলা খামৰ চিঠি (মধুস্মিতা বৰা)

মৰমৰ ....,
নাজানো মৰমৰ বুলি কোৱা অধিকাৰ আছে নে নাই মাত্ৰ আগতে লিখাৰ অভ্যাস টো এৰিব নোৱাৰি "মৰমৰ" লিখিলো । (অৱশ্যে তুমি মোৰ কাৰণে এতিয়াও মৰমৰ ) ।
হৃদয়ৰ আধা কোৱা কথাবোৰ তোমাক কওঁ বুলি ভাবি এইয়া তোমালৈ এখন চিঠি লিখাৰ প্ৰস্তুতি চলাইছো । কি সম্বোধনৰে আৰম্ভ কৰো; কি ভাষাৰে ক'লে বুজি উঠিবা তুমি মোৰ হৃদয়ত জ্বলি থকা জুইকুৰাৰ কথা । আৰু মই লিখা কথাবোৰ তুমি বাৰু পঢ়িবানে ? মোৰ হৃদয়ৰ সৰল স্বীকাৰোক্তিবোৰ তুমি বাৰু বুজিবানে ?
জানানে, বহুত দিনৰ পৰা ভাবিছো তোমালৈ এখন চিঠি লিখিম... কিন্তু লিখিবলৈ বহিলেই মনৰ ভাৱ বোৰে মোৰ লগত লুকাভাকু খেলে... এই যে মোৰ মনটো.... কেতিয়াবা বৰ খং উঠে... তুমি মোৰ নহয় বুলি জানিও মনটোৱে বাৰে বাৰে তোমাকে বিচাৰে... বৰ বেয়া জানানে... মনটো । কথা এটা কোৱাছোন- তোমাৰ মনটোৱে বাৰু এতিয়াও মোক তোমাৰ কাষত বিচাৰে নে ? আমি পাৰ কৰা সেই উজাগৰী ৰাতিবোৰ ;আমি সপোন দেখা সেই সময় বোৰ এটা এটা কৈ মোৰ দুচকুত ভাঁহি থকাৰ দৰে তোমাৰ থাকেনে ? নিলিখো নিলিখো বুলিও তোমালৈ লিখি পেলালো এই চিঠিখন। বগা কাগজত নীলা চিয়াহীৰে এখন চিঠি পঢ়াৰ যে তোমাৰ কিমান হেঁপাহ আছিল । কি ভাবিছা মই পাহৰি গ'লো বুলি ! নাই পাহৰা কাৰণ তোমাৰ সেই হেপাহবোৰ তোমাৰ আশা তোমাৰ সপোন বোৰ আৰু তোমাৰ কথাবোৰ পাহৰি গ'লে মোৰ থাকিবই বা কি ? সেয়ে মই পাহৰিব খুজিও পাহৰিব পৰা নাই । তোমাৰ বাৰু চিঠি পঢ়াৰ হেঁপাহ টো এতিয়াও আছেনে ? নে এতিয়া সলনি হৈ গ'লা মোৰ তুমিজন সময়ৰ সোঁতত ? হেৰাই গ'লা নেকি কাৰোবাৰ মৰমৰ ভাজত ? খং কৰো মন বান্ধো তথাপিও বাৰে বাৰে তোমাক কাষতে বিচাৰো। জানানে অভিমান বোৰ ঘনে ঘনে বাঢ়ে । তোমাৰ হ'ব খুজিও যে তোমাৰ হ'ব নোৱাৰিলো । আজিও তোমাক মোৰ উশাহত বিচাৰো... নিশাহত তোমাৰ স্পৰ্শ বিচাৰো... হৃদয়ত তোমাৰ প্ৰেম.... দুচকুত তোমাৰ ছবি.... । ভালপোৱাবোৰ বুকুত সামৰি সযতনে আজিও ৰাখিছো.. বাহিৰত মায়াময় ৰূপালী জোনাক... জোনাকত পিষ্ট মোৰ মন । ৰূপোৱালী জোনাক দেখিলেই বুকুখনত খোচ মাৰি ধৰে অ' অজান বিষ এটাই । তেতিয়াই ঘপহকৈ মনলৈ আহে তোমাৰ মুখখন । এনেকুৱা ৰাতিবোৰত ফোনৰ এটা মূৰে তুমি আৰু আনটো মূৰত মই......আৰু আমি একেখন আকাশৰ বাসিন্দা ।
তুমি কোৱা "বাহিৰলৈ ওলাই চোৱাচোন সোণ কিমান ধুনীয়া জোনাক.... একদম তোমাৰ নিচিনা "আৰু মই.... ফোনটোৰ ইটো মূৰে লাজতে ৰঙা চিঙা পৰোঁ । ইচ্ কিযে কথাবোৰ কোৱা তুমি.... । এতিয়া বাৰু তোমাৰ জোনাক দেখিলে কেনেকুৱা অনুভৱ হয় বিচাৰা নে বাৰু মোক তোমাৰ কাষত পাবলৈ ? চোৱাচোন এনেকুৱা সময়বোৰত তুমি আৰু মই আমি হৈ আছিলো । মাজনিশা পৰা তুমি আৰু মই কথা পাতো... ফোনত অভিন্ন হৈ পৰো আমি ইজন সিজনৰ.... মোৰ মিউজিক প্লেয়াৰত বাজি থাকে মোৰ প্ৰিয় বিহুগীতটো.... "মই থাকোতে নাচীৃাবি দেই আনলৈ ভালপাঁও তোকে চেনাই জান্ সঁচাকৈ".. বিহুটো শুনি তুমি সদায় উত্তৰ দিয়া আমাৰ প্ৰেমৰ তাজমহল সদায় এনেদৰে থাকিব ; তুমি আতৰি নাযাবা মাত্ৰ সোণ । নহ'লে মই হেৰাই যাম.. 
সময়বোৰ যে নাজানো কি হয় । মাজনিশা এয়া এতিয়াও মই শুনি আছো মোৰ প্ৰিয় বিহু গীতটো; আজিও বাহিৰত জোনাক.... মাত্ৰ ফোনৰ সিটো মুৰত মোৰ লগ দিবলৈ তুমি নাই.... তুমি নাই ক'বলৈ যে এৰি নাযাবা মোক সোণ নহ'লে মই হেৰাই যাম ।
সময়বোৰ বহুত সলনি হ'ল ন.... নাজানো কিয় তুমি মোৰ কাষত নাই বুলিও ভাবি মোৰ মনটোৱে তোমাক বিচাৰে । তুমি হে কৈছিলা হেৰাই যাম বুলি মোক নাপালে কিন্তু সময়ে কিয় হেতালি খেলিলে । তুমি এতিয়া আনৰ মৰমৰ মাজত হেৰালা আৰু মই এতিয়াও তোমাৰ নামত বিভোৰ । 
আচলতে নিলিখো বুলিও তোমালৈ এইখন চিঠি লিখিলো । সময় হ'লে পঢ়িবা বুলি আশা কৰিলো কাৰণ মোৰ পৰা এখন চিঠি পঢ়াৰ যে বহুতদিনীয়া হেঁপাহ আৰু মইনো কেনেকৈ তোমাৰ হেঁপাহবোৰ পুৰ নকৰাকৈ থাকো কোৱাচোন ? যদিও মই তোমাক চিঠি লিখাৰ অধিকাৰ হেৰুৱাইছো (তোমাৰ মতে) তথাপি দেখোন মই মোৰ মনটোক বান্ধিব নোৱাৰো । 
এখন চিঠি তুমি মোলৈ ও লিখিবা বুলি বাট চালো.. চিন্তা কৰিব নালাগে তুমি লিখা চিঠিখন মোৰ দৰে হ'ব লাগে বুলি কথা নাই... মাত্ৰ তোমাৰ সপোনবোৰ পুৰ হোৱা... তোমাৰ সপোন সফলতাৰ কথা তোমাৰ জীৱনৰ কথা লিখিবা... তোমাৰ উচ্চাকাংক্ষাৰ কথা।. তোমাৰ বৰ্তমান লিখিবা, কাৰণ তোমাৰ অতীত এতিয়া তোমাৰ কাৰণে পাহৰনিৰ গৰ্ভত । 
তুমি সুখী হোৱা... তুমি বিচৰা ধৰণে ...



প্ৰান্তত:
সোণ বুলি কোৱাৰ অধিকাৰ হেৰুৱাই পেলোৱা তোমাৰ মই

ঠিকনাঃ দেৰগাঁও, গোলাঘাট 
৯৭০৬৫৬৪২৯