মৰমৰ অনুভৱ,
হালধীয়া চৰাইটিৰ কিচিৰ-মিচিৰ মাতটোৱে আজি আকৌ আনি দিলে হৃদয়ৰ ঠিকনাৰ এক সোঁৱৰণ ৷ শীতৰ সেমেকা গধূলিটোৰ দৰেই যেন হৈ পৰে মনটো তোৰ অবিহনে !তোৰ ওঁঠত প্ৰাণ পাই উঠা দিঠকৰ ভাষাবোৰলৈ বৰকৈ মনত পৰে এনে সময়ত ।কিন্তু মোৰ নিসংগতাবোৰ যেন আজি তোৰ প্ৰাণ খোলা হাঁহিটোৰ উৎস হৈ পৰিছে । মোৰ মনত আলসুৱা ৰং সানি তই অভিমানী হৈ পৰিলি হঠাৎ ৷ প্ৰেমে নো কি বুজে কেতিয়া সলনি হয় ভালপোৱাৰ ৰং "সেউজীয়াৰ পৰা ধূসৰলৈ" । তোৰ যে সেই নীলিম সপোনবোৰ ....
ৱাহ্ ! একেলগে ৰচি অতীত কৰি থৈ অহা 'হৃদয়স্পৰ্শী মৰম ফুলৰ চানেকি'বোৰে আজিও ওমলে ৰিক্ত কলিজাৰ কেনভাছত । তই তেজৰ আখৰে লিখা চিঠিবোৰ যেন আজি সাঁচিপাতৰ বুকুত বিলীন ৷ সেই নীৰৱ সময়ছোৱা, বেঙুনীয়া জামু জোপাৰ তলত বহি কৃষ্ণচূড়াৰ লাহি পাতৰ আঁৰেৰে হেঙুলীয়া সূৰুযৰ আভা চোৱা আৰু সেই ৰান্ধনী বেলিৰ স'তে ঘৰমুৱা হোৱা হালধীয়া পখীজনী ! কি যে আবেগৰ মুহূৰ্ত আছিল নহয়নে ? তই যাবৰে পৰা যোৱা নাছিলো সেই নিৰিবিলি ঠাইলৈ ৷ আজি হঠাৎ হালধীয়া চৰাইটিয়ে বিনাইছে মোৰ ওচৰত ৰৈ.. ৷ মই উৰি গ'লো নজনাকৈয়ে তোৰ কাষলৈ ৷ দুখ পাবি বুলি দূৰৰ পৰাই নীৰলে চালো তোক, আগৰ দৰেই তই ৰঙা হৈয়েই আছ........আজিও, তেতিয়াৰ দৰেই ফুলি আছ মোৰ হৃদয়ৰ এচুকতো তই "এজোপা তেজী ৰঙা গোলাপ হৈ" ৷
ইতি
তোৰ মৰমৰ অনুভূতি ৷







