চাই থাকিবলৈ দিয়া (জয়ন্ত নিবিড় কলিতা)

মোক চাই থাকিবলৈ দিয়া
মোক তোমাৰ নয়ন যুৰি,
আঁতৰি নাযাবা তুমি
মোক নিঃসংগ কৰি ।
বহু অপেক্ষাৰ অন্তত
বিচাৰি পালো আজি,
তোমাৰ দুচকুত ভালপোৱাৰ সেউজীয়া ।
বিচাৰি পালো প্ৰেমৰ সুগন্ধি,
পালো আকৌ এবাৰ
হেৰাই যোৱা কবিতাৰ নিমজ নিভাজ শব্দবোৰ ৷
তোমাৰ দুচকুৰ পৰা ভাঁহি অহা
সোণাৰুৰ হালধীয়া সুবাসে,
প্ৰেমৰ বসন্ত সিঁচি মোৰ হিয়াৰ দাপোনত ।
চাই থাকিব দিয়া তোমাৰ মুখখনি,
যেন বিচাৰি পাইছো
নীলাভ আকাশৰ জোনাক এমুঠি ৷
আজিৰ এই সুমধুৰ সন্ধিয়াটো
মাথোঁ তোমাৰ আৰু মোৰ বাবে,
চাই থাকিব দিয়া মোক
তোমাৰ এই নয়নযুৰি,
স্পৰ্শ কৰিব দিয়া
তোমাৰ গুলপীয়া ওঠযুৰি
মোৰ কেঁচা আঙুলীৰ বোলেৰে ৷

দূৰভাষঃ ৯৮৫৪২৭৩৮২৯