সম্পাদকীয়

অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ নিয়াৰ উপৰিও সুপ্ত হৈ থকা সাহিত্যিকক জাগ্ৰত কৰা মানসৰে জন্ম লগ্নৰে পৰা সকলো সাহিত্যিককে বিশেষভাবে প্ৰাধান্য দি আহিছে এই আলোচনীয়ে ৷ তেওঁলোকৰ সহাৰিয়েই বৰ্ণিলৰ দুৱাৰ খুলিবলৈ সক্ষম হৈছো ৷ যোৱা দুটা সংখ্যাৰ ন-পুৰণিৰ জ্ঞানৰ পৰিপুষ্ট ভাণ্ডাৰে পাঠক সমাজৰ বুকুত বৰ্ণিলে ভূঁই ৰুবলৈ সক্ষম হৈছে ৷ বিভিন্ন চুকে-কোণে সিচঁৰিত হৈ থকা সাহিত্যিক সকলৰ আঙুলিৰ ফাঁকেৰে বৈ অহা বৰ্ণমালাৰ সংযোগত বৰ্তমান বৰ্ণিল ঠন ধৰি উঠি প্ৰতিটো লেখাৰ শব্দই ঝংকাৰ তুলিবলৈ সক্ষম হৈছে ৷ আজি জানো শান্তি লিস্পা পূৰোৱাৰ মানসেৰে ভিন্নজনে দুবাহুত দুপাখি লগাই নিৰ্জন-নিৰৱ ঠাইলৈ উৰা মাৰি বিনন্দীয়া প্ৰকৃতিত সকলো মুগ্ধ হৈ ক'ত যে কি বিচৰা নাই ৷ কোনোবাই হয়তো শান্তি বিচাৰিছে, কোনোবাই আকৌ বিষাদৰ দস্তাবেজ, আন কোনোবাই অতীতৰ স্মৃতি ইত্যাদি ৷ কিন্তু অসমীয়া মাহেকীয়া ই-আলোচনী বৰ্ণিল ডট্ ইনে সকলোকে সহায় কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে ৷
ঠিক সেই আগৰ সংখ্যাৰ দৰেই ডিচেম্বৰ সংখ্যাৰো বিষাদৰ কবিতা গাঁথা , গল্পৰ মালা, অনুভৱৰ দলিচা, আৱেগৰ চিঠি, সৌন্দৰ্য্যৰে ভৰা আলোকচিত্ৰ, ভিন্ন ৰঙী কলা আদি শিতানেৰে পৰিপূৰ্ণ বৰ্ণিলে ভিন্নজনৰ ৰূপালী দলিচাৰ বুকুত আমোদ দিবলৈ ওলাইছো ৷ আশা কৰোঁ, আমাৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই বৰ্ণিল ডট্ ইন পঢ়ি আমাক আগুৱাই যোৱাত আৰু সাহিত্যিক সকল আগুৱাই যাবলৈ উৎসাহ আৰু প্ৰেৰণা দিব বুলি ৷ শেষত পুনৰ কওঁ অজানিতে বহু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে তাৰ বাবে সকলোৰে ওচৰত ক্ষমা খুজিলো ৷

ধন্যবাদেৰে-
ডিম্পল গগৈ
সম্পাদক ৷