মুখ্য সম্পাদকৰ একলম (প্ৰাঞ্জল বৰা)

এতিয়া গ্ৰন্থৰ বতৰ ৷ এতিয়া পাঠক, লেখক আৰু প্ৰকাশকৰ বাবে মিলিত হোৱাৰ বতৰ ৷ অসমৰ বিভিন্ন ঠাইত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসমীয়া সাহিত্যৰ বাবে গৌৰৱৰ কথা ৷
কিন্তু গ্ৰন্থমেলাৰ প্ৰাংগনত কিতাপৰ বাহিৰে আন সামগ্ৰীৰ বিপনী দেখিলে প্ৰতিজন পাঠকৰে মনত ক্ষোভৰ সৃষ্টি হয় ৷ বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষই বিবেচনা কৰিলে প্ৰকৃত পাঠক সমাজৰ উপকাৰ কৰা হ'ব ৷

আপোনাক সকলো গ্ৰন্থমেলালৈ যাওক আৰু ৰহস্যময় মাদকতাত বুৰ যাওক ৷ কিতাপ ক্ৰয় কৰক, পঢ়ক আৰু আপোনজনক পঢ়িবলৈ দিয়ক ৷
কাৰোবাক দামী বস্তু উপহাৰ দিয়াতকৈ উপহাৰ স্বৰূপে কিতাপ দিয়ক ৷ সমাজৰ ইতিবাচক পৰিৱৰ্তন হ'ব ৷




ইতি-

প্ৰাঞ্জল বৰা