আধুনিক অসমীয়া কবিতাত কেইগৰাকী মান কবিৰ কাব্য চিন্তা (সুৰজিতা সন্দিকৈ গগৈ)

এটা প্ৰেমৰ পদ্য, ইয়াত নদী আছিল, পলস, সম্ৰাট, আদি কবিতাৰ যোগেদি আমি দেখা পাওঁ কবিজনাৰ চিন্তা, চেতনা তথা বৌদ্ধিক চিন্তাৰ উৎকৰ্ষতা । তেওঁৰ মতে, নাৰীৰ মমতা হৈছে জীৱনৰ অমূল্য সম্পদ । ধ্বংস, গ্লানি আদি স্পষ্টকৈ তেওঁৰ কবিতাত প্ৰকাশ পাইছে ।

অসমীয়া কবিতাত 'এটা প্ৰেমৰ পদ্য' কবিতাটিৰ বিশেষ মূল্য আছে । এই কবিতাটিত জীৱনানন্দ দাশৰ 'বনলতা সেন' কবিতাত থকা 'পাখিৰ নীড়েৰ মতে ছোখ'ৰ দৰে এই কবিতাটোত পোৱা যায় প্ৰেমৰ সুগভীৰ নষ্টালজিয়া ।

এটি প্ৰেমৰ পদ্য

Do You Remember an Inn Miranda ?

বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে অৰুন্ধতী ?
সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে ?
অৰুন্ধতী !

জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে অৰুন্ধতী ?
দূবৰি বনত জোনাকীৰ মণি,
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল)
বৰফৰ দৰে চেঁচা পৰশতো
সি যে কি শান্তি আৰুন্ধতী !

অৰুন্ধতী
বহুতো আশা পাৰ হৈ অহা
ধুমুহাৰ পখীৰ এটি লহমাৰ নীড়
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথো
উজাগৰ ৰাতি,
মনত পৰেনে অৰুন্ধতী ?
বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী ।

কবিতাটিত অতীত সোঁৱৰণীৰ আৱেগেৰে প্ৰেম আৰু বিষাদৰ অনুভূতিবোৰ কোমৰ ভাষাৰে ফুটাই তোলা পৰিলক্ষিত হৈছে । বাৰিষাৰ ৰাতি কবিৰ মনত পৰিছে জীৱনৰ কোনোবা কোনোবা এক মধুৰ ক্ষণত লগ পোৱা প্ৰেমিকা অৰুন্ধতীলৈ । প্ৰেম আৰু মিলনৰ সপোন দেখা সেই অৰুন্ধতী সময়ৰ সোঁতত কেনিবা আঁতৰি গ'ল । ঘনিষ্ঠ সাহচৰ্যৰ সেই মূহুৰ্ত্তত লাভ কৰা উপলব্ধিয়ে কবিৰ সমগ্ৰ জীৱনটোকে ভৰুণ কৰি তুলিছে । বিষাদৰ মিশ্ৰিত অানন্দৰ মাজতো অনাবিল শান্তিৰ অনুভূতি প্ৰদান কৰিছে । কবিতাটোত প্ৰয়োগ হোৱা সুন্দৰ চিত্ৰকল্পবোৰ যেনে-
(১) সেমেকা পোহৰ সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ

(২) দুৱৰি বনত জোনাকীৰ মণি
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন

(৩) বহুতো আকাশ পাৰহৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীড়

চিত্ৰকল্প কেইটাৰ মাজেদি কবিৰ বিমুৰ্ত্ত ভাৱধাৰাত প্ৰকাশ পাইছে অতীতৰ স্মৃতি, প্ৰেমৰ কোমলতা আৰু আশা ভংগৰ বেদনা ৷
নৱকান্ত বৰুৱাৰ আন এটি কবিতা হৈছে- 
'ইয়াত নদী আছিল'

'দেখিছো নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তৰ গান ৷'
কবিতাটোৰ প্ৰথম স্তৱকটিত সৃষ্টিসম্ভৱা জীৱন-প্ৰৱাহৰ প্ৰতীক স্বৰূপ নদীয়ে উদভ্ৰান্ত পৌৰুষেৰে পথাৰক যেন বলাৎকাৰ কৰিছে ৷ পলসত পোত গৈছে সেউজীয়া ভৰুণ শইচ ৷ নদীৰ বানে নগৰ ধ্বংস কৰি শ্মশানত পৰিণত কৰিছে ৷ ইয়াৰ মাজত লকাই আছে ধ্বংসৰ লীলা ৷ কিন্তু নদীয়ে পথাৰত এৰি থৈ যোৱা পলসৰ বুকুত নতুনকৈ শইচে গজালি মেলে ৷ অৰ্থাৎ ধ্বংসৰ বুকুতে লুকাই থাকে সৃষ্টিৰ ন-সম্ভাৱনা ৷ (আগলৈ)