শতাব্দীৰ শেষৰএটি নিশা (অনুৰূপা দাস)

জোনাকৰ ৰূপালী আভা অকমানে
মাজ নিশাৰ এন্ধাৰৰ সৈ'তে খেলিব ।
সময়বোৰ জয়াল হ'ব ।
মই ৰৈ থাকিম
শতাব্দীৰ শেষৰ এটি নিশাত
আপোনাৰ দূৱাৰ খোলখোৱালৈ
বগা চাদৰ খন মেৰিয়াই ।
মৃদু টোকৰ বোৰ ক্ৰমাৎ দ্ৰুত হ'ব
আৰু অৱশেষত আপুনি দূৱাৰ খুলিব ।
থৰ হ'ব হয়তো দুচকুৰ পতা ।
খিৰিকীৰে এজাক জোনাক সৰকি
ৰূপোৱালী হ'ব কোঠা ।
অভিসাৰিণী আত্মাৰ  জীয়া কাহিনী এটা
জাগি উঠিব ।
এটা এটাকৈ শব্দৰে গুঠিম
আধৰুৱা হেঁপাহৰ কথা,
অতৃপ্ত আকাংক্ষাৰ কথা,
হৃদয়ৰ আৱৰণ খুলি ক'ম
তাহানিতে প্ৰতি দিনেই
আপোনাক দেখিলেই জাগি উঠা
ভালপোৱাৰ কথা
আৰু নিষিদ্ধ বৰষুণজাকত
সদায় তিতাৰ কথা ।
ভয় নাখাব ।
শতিকাৰ শেষতো অশৰীৰি আত্মাই
আপোনাৰ অনুভৱ কঢ়িয়াব ।
অশৰীৰি কায়াৰ স্পৰ্শৰ মায়াজালত
মায়াবী হৈ বাজিব
ষড়জৰ পৰা নিষাদ জুৰি
মাজনিশাৰ মূৰ্চ্ছনা ।
আকৌ ক'লো শতিকাৰ শেষত
মই আহিম এবাৰ হ'লেওঁ
উন্মুক্ত ভাৱনাৰ সিক্ত আৱেগ এজাক
দুচকুৰ নীলাত বাকী দিবলৈ ।
আপোনাৰ বাবে লিখা
কবিতাবোৰৰ কথা ক'বলৈ ।