আবেলি পাহাৰটো নামি আহিছে (দেৱজিৎ বৰানগঞাপাম)

আবেলি পাহাৰটো নামি আহিছে
বুকুখনৰ বকিয়াই দিৰঙা হোৱা
বেলিৰ বোকোচাত
পকা আবেলি
পদূলিৰ ধোৱা জাকত হেৰুৱা ধৰণী 
গৰু পালৰ ধূলিত
শুকাই যোৱা দূবৰি নিয়ঁৰ সৰিব ৷
অহাবেলি কঠিয়াতলীৰ পাহাৰত
সেউজীয়া গাভৰু উমাল
তৰালী আবেলি নামিছে
কপিলীৰ উখহা বুকুত
নৰাৰ আগত হালিছে
জুৰি পাৰৰ গাভৰুৰ অসুখ 
অডিঅ' প্লেয়াৰত বাজিছে
কৃষ্ণমণিৰ বিহুগীত
আবেলি আহিছে ৰাঙলুৰ গলিত
শিৱদৌলৰ দেৱালত টিলিঙাৰ গীত
সৰিয়হ ফুলীয়া বনগীত ।
পিতাইয়ে কান্দিছে
ধোৱা ধোৱা ধৰণী
আবেলি হওক আকৌ শতবৰ্ষ পুৰণি ।