লুইত পাৰৰ বিননি (বিৰিঞ্চি কুমাৰ শইকীয়া)

জনাৰণ্যত আজি কিহৰ আৰাও
আন্দোলিত বৰ লুইতে
মচিছে আজি সেন্দুৰীয়া আহ্লাদ
সপোনৰ দিকচৌ বনত
বাৰে বাৰে বাজিছে
কৃষকৰ মৃত্যু ঘণ্টা
আইৰ ললাটত লোতকৰ তৰঙ্গ
প্ৰেমৰ ললিমা ঢাকি
কোন তৰুণীয়ে পিন্ধে
বৈধব্যৰ সাজ
লুইতপৰীয়াৰ আজি বিৰহৰ চিৎকাৰ ।


ঠিকনা : পোলোঙানী গাঁও, মাজুলী
দূৰভাষ : ৯১৩২৮৮৭৩৭৪