অসাৰ্থক (অনুপম ভাৰ্গৱ)

মোৰ বুকুৰ জুইকুৰা পুৱাবলৈ
তোমাৰ আগমন
মই জনাব নোৱাৰোঁ অভিনন্দন
জ্বলি নিঃশেষ হ'ব খোজা
মোৰ সত্ত্বাটোলৈ
তোমাৰ আগ্ৰহৰ নাম ?
বেনামি শিহৰণত কঁপি উঠা চকুহালত
হেজাৰ বেদনাই খেলে
তথাপি
তন্দ্ৰামগ্ন হওঁ অভিপ্সাৰ কোলাহলত ।

ঠিকনাঃ বিৰহবেবেজিয়া, শেনচোৱা,
জিলাঃ নগাওঁ
পিনঃ ৭৮২০০৩
ফোনঃ ৯৮৬৪১৯৭৭৬৩