হেৰ' উৰণীয়া পক্ষী
নকৰিবি ইমান অভিমান
তোৰদৰে থকাহেঁতেন মোৰো দুখন পাখি
উৰি থাকিলোহেঁতেন বহু ওপৰত…
নকৰিবি ইমান অভিমান
তোৰদৰে থকাহেঁতেন মোৰো দুখন পাখি
উৰি থাকিলোহেঁতেন বহু ওপৰত…
ওখ ওখ গছত বহি
সেই পাখী দুখনেৰেই জোকাৰি জোকাৰি
সেই পাখী দুখনেৰেই জোকাৰি জোকাৰি
সৰাই দিলোহেতেন সুস্বাদু ফল
মোক ভালপোৱা মানুহলৈ বুলি
থকাহেঁতেন তোৰদৰে দুখন পাখি…
মোক ভালপোৱা মানুহলৈ বুলি
থকাহেঁতেন তোৰদৰে দুখন পাখি…
তইয়ো ভাল পাৱ সেউজীয়া পৃথিৱী
মইও বিচাৰো একেখনেই চানেকী
বৰকৈ অভিমান নকৰিবি…!
মইও বিচাৰো একেখনেই চানেকী
বৰকৈ অভিমান নকৰিবি…!
আজি মোৰ দৰেই
কাইলৈ হয়তু তোকো বিন্ধিব পাৰে
সময়ৰ শৰে
সময়ৰ শৰে
নাভাবিবি
স্বপ্নমুখী ৰেলগাড়ীখন সদায় একে গতিত ৰ'ব…
এদিনটো ইয়ো স্তব্ধ হ'ব…।
স্বপ্নমুখী ৰেলগাড়ীখন সদায় একে গতিত ৰ'ব…
এদিনটো ইয়ো স্তব্ধ হ'ব…।







