জীৱন (ৰিণা ডে বিশ্বাস )

(১)

দুটা বাটে অদৃশ্যত মিলি যোৱা
বিন্দুত দুখিলা পাতে
নুৰিয়াই ৰাখে উজ্জ্বল এটি মুকুতা,
সূৰ্যৰ পোহৰে জীৱন দিয়ে,
দিন-ৰাতিৰ দৰে ধাৰণ কৰে স্পন্দন,
জনন সূতাই মেৰিয়াই ৰাখে
আগমনী দুৱাৰে আহ্বান কৰে নৱ জীৱন ।

(২)
লুপথুপীয়া মাংস টুকুৰা
জননীৰ 'কুমাৰ'-হাতৰ পৰশত ঠন ধৰে,
পদুম পাহি ওঁঠত নতুন জীৱনে খেলা কেৰে ।
হাত-ভৰিৰ সঞ্চালনত বাঢ়ি আহে
জীৱনৰ অকোৱা-পকোৱা বাট,
কেতিয়াবা বজ্ৰাঘাতে
কেতিয়াবা শংখ নিনাদে
কেতিয়াবা ৰণাংগনে
আহ্বান কৰে
ধূলি-ধোঁৱা-ছাইৰ মাজতো
পোখা মেলি জীপ লয়,
আলিংগন কৰে আকাশ ।
আৰম্ভণিৰ পৰা শেষ বিন্দুটো মনিব নোৱাৰি
'ৰহস্যময় জীৱনৰ বাট।'

(৩)
শান্ত পানীৰ নিজৰাত পূৰ্ণিমাৰ ঘূৰণীয়া জোন
উলাহতে জ্বলে
বিষাদত মাৰ যায়,
ৰিবৰিব বতাহত উটে-ভাঁহে 'কেঁচাসোণ''।
মেহনতি আঙুলিৰ পাবে পাবে
জীৱনৰ নেওঠনী চলে,
গুড়ি হয় হাড়, অস্থি,মজ্জা
এযোৰ লিকেৰে জীৱন ৰথ চলে ।
"ৰেল আলিৰ দুবৰি বনৰ নাথাকে
মৰহি যোৱাৰ ভয়,
এই মৰিল কি নমৰিল আকৌ জীপ লয়।"


ঠিকনাঃ ডুলিয়াজান
দূৰভাষঃ 9085222125