আঘোণ (বিষ্ণু বড়া)

শুকুলা কুঁৱলীৰ জাল ফালি
আহিলা আঘোণ তুমি
সেউজীয়া পথাৰখনি হ'ল সোণোৱালী
কৃষকৰ মুখত হাঁহিৰ ৰেঙণি ।

পকা ধানে ৰিঙিয়াই মাতে
লখিমী দাৱনীজনীক
জাকে জাকে উৰা মাৰে
চৰাই বালি মাহী ।

জাক জাক দাৱনীৰ
খিলখিল হাঁহি,
কাচিৰ কিচ কিচনি
পকা ধানৰ নুপুৰৰ ধ্বনি ।

হালি থকা পকা ধানবোৰ
যেন ৰচকী নাচনী
তাকে দেখি বতাহ চৰাইৰ
গাতে নাই তৰণি ।

ৰাতি ৰাতি নিঁয়ৰৰ মুকুতা সৰে
ৰিব ৰিব হিম চেঁচা বতাহো বলে,
কুহুমিয়া ৰ'দ জাক যেতিয়া পৰে
শুকান নৰাণি ডৰাই জিকমিকাই উঠে ।

ঠিকনাঃ নেমুপথাৰ গোঁহাই গাঁও, ডিব্ৰুগড়
মোবাইল :- ৭০৮৬৩৭৭৪০৮