১
মোৰ
আইৰে
চোতালৰ বকুল ফুল জোপা
দশোদিশে চিটিকি পৰিছে সুগন্ধি
বাটৰুৱাৰ মন মোহিছে ।
মোৰ
আইৰে
চোতালৰ বকুল ফুল জোপা
দশোদিশে চিটিকি পৰিছে সুগন্ধি
বাটৰুৱাৰ মন মোহিছে ।
২
আবেলিৰ আকাশত
লানি লানি কৰি
বগলী উৰে
মোৰ মন অসীমলৈ উৰা মাৰে !
আবেলিৰ আকাশত
লানি লানি কৰি
বগলী উৰে
মোৰ মন অসীমলৈ উৰা মাৰে !
৩
চেঁচাৰ পথাৰত ৰং-ধেমালিৰে
গাঁৱৰ পাহুৱাল ডেকাসৱে
কঁপালৰ ঘাম মাটিত পেলাই
নাঙেলেৰে মাটি চহাই
অনাগতলৈ জীয়াই থকাৰ
দুচকুত সেউজীয়া সপোন দেখে ।
চেঁচাৰ পথাৰত ৰং-ধেমালিৰে
গাঁৱৰ পাহুৱাল ডেকাসৱে
কঁপালৰ ঘাম মাটিত পেলাই
নাঙেলেৰে মাটি চহাই
অনাগতলৈ জীয়াই থকাৰ
দুচকুত সেউজীয়া সপোন দেখে ।
৪
চৰণীয়া গধূলিৰ গৰুজাকে
ধূলিময় বাটৰ ধূলি উৰুৱাই
ঘৰলৈ বুলি আপোন হেঁপাহেৰে
বেগেৰে ঘৰমুৱা হয় ।
চৰণীয়া গধূলিৰ গৰুজাকে
ধূলিময় বাটৰ ধূলি উৰুৱাই
ঘৰলৈ বুলি আপোন হেঁপাহেৰে
বেগেৰে ঘৰমুৱা হয় ।
৫
অসমী আইৰ মাটিত... ...
আঘোণত
দাৱনিয়ে দুটি হাতেৰে
আই লখিমীক আদৰে !
অসমী আইৰ মাটিত... ...
আঘোণত
দাৱনিয়ে দুটি হাতেৰে
আই লখিমীক আদৰে !







