অন্ধকাৰৰ স্তৱক (অভিজিৎ কোঁৱৰ)

বহুদিন মই ফুলাব পৰা নাই
বুকুত এপাহি গোলাপ
পুৱতি নিশা বিলাব পৰা নাই
ঠিক শেৱালি ফুলৰ দৰেই সুৱাস
অন্ধকাৰৰ আৱৰণ ফালি
বহুদিনেই যেন
মই বিচাৰিব পৰা নাই
এবুকু জোনাক ।