আহা নৱবৰ্ষ তোমাক স্বাগতম (প্রীতিৰেখা দাস)

আহা নৱবৰ্ষ,
তোমাক স্বাগতম ।
তোমাৰ হাতত হাত থৈ
অনুশীলন কৰিম নতুন দিনৰ ৷
মোহাৰি পেলাম সৰাপাতৰ ডায়েৰীত লিখা
কজলা-কলিজাঁৰ দুখ ৷
আশাৰ তুলিকাৰে পুনৰ আঁকি ল'ম
সুখৰ জীৱনৰ কেনভাছ ৷


আহা নৱবৰ্ষ,
তুমি সজল কৰি তোলাহি
মোৰ শইচ সোণালী পথাৰ ৷
সিঁচি দিয়াহি এমুঠি সৃষ্টিৰ বীজ ৷
কালিলৈ যি আছিল
মোৰ অসফল জীৱনৰ বিষাদ আৰু শূন্যতা
আজি তাত ভৰাই দিয়া
নতুন হেঁপাহ নতুন সপোন ৷
তোমাৰ অ’ তোমাৰ বুকুৰ সেউজ চিঁয়াহীৰে
মই আকৌ লিখিম জীৱনৰ আধালিখা কবিতাটো ৷
ভুলৰ সমাহাৰেৰে নহয়
হিয়াৰ সমষ্ট বিশ্বাসেৰে পুনৰ যাত্ৰা কৰিম
তুমি পোনাই দিয়া জীৱনৰ এই নতুন পথৰে ৷