[জুবিন গাৰ্গৰ আবৃত্তিৰে সমৃদ্ধ "অ' মোৰ বিষাদ নগৰী নাজিৰাৰ অনামিকা দুৱৰা" শীৰ্ষক কবিতাটো শুনাৰ পিছত]
নাজিৰালৈ যেতিয়া যাম
বন্ধুত্বৰ উমাল এখনি বুকু লৈ
চেনেহৰ জোনমণিৰ ঘৰত সোমাম
হেঁপাহৰ জলপান খাম
দিখৌ নৈ পাৰত বহি
পুৰণি কবিতা আওৰাম ৷
বন্ধুত্বৰ উমাল এখনি বুকু লৈ
চেনেহৰ জোনমণিৰ ঘৰত সোমাম
হেঁপাহৰ জলপান খাম
দিখৌ নৈ পাৰত বহি
পুৰণি কবিতা আওৰাম ৷
নাজিৰালৈ যেতিয়া যাম
দূৰন্ত প্ৰেমিক কবি পল্ শেনচোৱাৰ
অনামিকা দুৱৰাক বিচাৰি চলাথ কৰিম
বিষাদৰ নগৰী নাজিৰাৰ প্ৰতিটো কোণ প্ৰতিটো গলি
লগ পালে সুধিম অনামিকাক
কিয় দিলা এবুকু বিষাদ
সহিব নোৱাৰা,
তোমাৰ আজন্ম প্ৰেমিক কবিক
ভালপোৱাৰ প্ৰত্যুত্তৰটো বিষাদ নহয়
অনামিকা, কেনেকৈ পাহৰিবা তুমি
সুখৰ দিনৰ গানেৰে ভৰা
তোমাৰ প্ৰেমৰ নষ্টালজিয়া ৷
দূৰন্ত প্ৰেমিক কবি পল্ শেনচোৱাৰ
অনামিকা দুৱৰাক বিচাৰি চলাথ কৰিম
বিষাদৰ নগৰী নাজিৰাৰ প্ৰতিটো কোণ প্ৰতিটো গলি
লগ পালে সুধিম অনামিকাক
কিয় দিলা এবুকু বিষাদ
সহিব নোৱাৰা,
তোমাৰ আজন্ম প্ৰেমিক কবিক
ভালপোৱাৰ প্ৰত্যুত্তৰটো বিষাদ নহয়
অনামিকা, কেনেকৈ পাহৰিবা তুমি
সুখৰ দিনৰ গানেৰে ভৰা
তোমাৰ প্ৰেমৰ নষ্টালজিয়া ৷
নাজিৰাৰ বুকু চুমি বৈ যোৱা
দিখৌ নৈৰ সোঁতে কঢ়িয়াই নিব
আশা-নিৰাশা প্ৰাপ্তি-অপ্ৰাপ্তিৰে ভৰা নাজিৰাৰ এপিটাফ
উভতি বৈ আহিব এছাতি বা মলয়া
জেৰেঙাৰ পৰিধি ভাঙি
জয়সাগৰৰ নীলিম সলিল ৰাশি চুই
ভাঁহি আহিব এটি কৰুণ সুৰৰ জয়াৰ কীৰ্তি
জয় প্ৰাণেৰে, জয় প্ৰেমেৰে ৷
দিখৌ নৈৰ সোঁতে কঢ়িয়াই নিব
আশা-নিৰাশা প্ৰাপ্তি-অপ্ৰাপ্তিৰে ভৰা নাজিৰাৰ এপিটাফ
উভতি বৈ আহিব এছাতি বা মলয়া
জেৰেঙাৰ পৰিধি ভাঙি
জয়সাগৰৰ নীলিম সলিল ৰাশি চুই
ভাঁহি আহিব এটি কৰুণ সুৰৰ জয়াৰ কীৰ্তি
জয় প্ৰাণেৰে, জয় প্ৰেমেৰে ৷
নাজিৰালৈ যেতিয়া যাম
দুখত দো-খাই থকা মোৰ হিয়াখনিক
এবাৰলৈ হ'লেও জোনাকৰ বৰষুণত তিয়াম ৷
দুখত দো-খাই থকা মোৰ হিয়াখনিক
এবাৰলৈ হ'লেও জোনাকৰ বৰষুণত তিয়াম ৷
ঠিকনাঃ গ্ৰীণ ভেলী ক'টেজ, টেনপুৰ,
ৱাৰ্ড নং- ৩
জিলাঃ গোলাঘাট- ৭৮৫৬২১
ৱাৰ্ড নং- ৩
জিলাঃ গোলাঘাট- ৭৮৫৬২১







