আইয়ে কান্দিছে,
ভাইহঁতে কিয় পৃথকে
থাকিবলৈ যুঁজিছে ?
ভাইহঁতে কিবা বেয়া পাইছে নেকি ?
কোনেনো সিহঁতক দুখ দিছে ?
ভাইহঁতে কিয় পৃথকে
থাকিবলৈ যুঁজিছে ?
ভাইহঁতে কিবা বেয়া পাইছে নেকি ?
কোনেনো সিহঁতক দুখ দিছে ?
আইৰ আজি
ছয় ভনীলৈ বাৰুকৈ মনত পৰিছে,
তাহানিতে ছয় ভনী গ'ল
শক্তি, সাহস , মৰমৰ প্ৰতি
আই আজি অলপ দুৰ্বল হ'ল ।
ছয় ভনীলৈ বাৰুকৈ মনত পৰিছে,
তাহানিতে ছয় ভনী গ'ল
শক্তি, সাহস , মৰমৰ প্ৰতি
আই আজি অলপ দুৰ্বল হ'ল ।
আজি ভাইহঁতো যাব ওলাইছে,
ৰ'বলৈ ক'ব নে কোনোবাই
আইৰ পদুলিত আজি কিয়
অমানিশা নামিছে ?
ৰ'বলৈ ক'ব নে কোনোবাই
আইৰ পদুলিত আজি কিয়
অমানিশা নামিছে ?
ছয় ভনীৰ বেদনা,
ভাইহঁতক হেৰুওৱাৰ আশংকা
তাতে আকৌ
আইৰ বুকুত
জাপি দিব খোজা হৈছে
এসোপা অচিনাকীৰ বোজা ?
ভাইহঁতক হেৰুওৱাৰ আশংকা
তাতে আকৌ
আইৰ বুকুত
জাপি দিব খোজা হৈছে
এসোপা অচিনাকীৰ বোজা ?
আইয়ে কান্দিছে
বহু সন্তানৰ বুকু আজি ভাগিছে,
অ' মোৰ আপোনাৰ দেশ শুনি
বহু সন্তানৰ অন্তৰত
আজি বিপ্লৱ জাগিছে ।
বহু সন্তানৰ বুকু আজি ভাগিছে,
অ' মোৰ আপোনাৰ দেশ শুনি
বহু সন্তানৰ অন্তৰত
আজি বিপ্লৱ জাগিছে ।
বহু হেৰুৱালো
বহু ল'লো
আৰু আইক
বহুত কন্দোৱালো
আকৌ কাৰোবাৰ লালসাৰ বাবে
এসোপা অচিনাকীৰ প্ৰহাৰৰ বলি হ'বলৈ
আইক এৰি দিব নোৱাৰো ।
বহু ল'লো
আৰু আইক
বহুত কন্দোৱালো
আকৌ কাৰোবাৰ লালসাৰ বাবে
এসোপা অচিনাকীৰ প্ৰহাৰৰ বলি হ'বলৈ
আইক এৰি দিব নোৱাৰো ।
মাহীহঁত গ'ল
মামাহঁতক যাব দিব নোৱাৰো
মাফ খুজিম, মৰম যাঁচিম
আহা মামাহঁত
ঘূৰি আহা,
এই ব'হাগত আকৌ লগতে বিহু নাচিম ।
মোৰ বিশ্বাস মামাহঁত ঘুৰি আহিব ।
মামাহঁতক যাব দিব নোৱাৰো
মাফ খুজিম, মৰম যাঁচিম
আহা মামাহঁত
ঘূৰি আহা,
এই ব'হাগত আকৌ লগতে বিহু নাচিম ।
মোৰ বিশ্বাস মামাহঁত ঘুৰি আহিব ।
সকলো লগ হ'ম ।
এইবাৰ আইৰ চকুলো মুচিবলৈ
যুঁজিম, মৰিম ।
চিঞৰি চিঞৰি ঢোল-পেঁপা বজাই
বিদেশী খেদিম ।
বিদেশী খেদিম ।
এইবাৰ আইৰ চকুলো মুচিবলৈ
যুঁজিম, মৰিম ।
চিঞৰি চিঞৰি ঢোল-পেঁপা বজাই
বিদেশী খেদিম ।
বিদেশী খেদিম ।
জয় আই অসম ।







