ভোক (মইনুল হক)

ওঁঠ এনেকুৱাই
ক'ৰ ৰং ক'ত লাগি ৰয় কোনো ঠিকনা নাই
এই গুলপীয়া এই শেতা
মাজত মাথোঁ কলিজাৰ বেথা
কাৰো ওঁঠত নৈ বয়
কাৰোবাৰ শুকান মৰুময়
এয়াই সময় আৰু দুঃসময় ।

অনামিকা,
ব'লা এদিন ফটিকা খাই মাতাল হওঁ দুয়ো
খুলি পেলাওঁ বিষাদৰ পোচাক
লাজ আৰু ভয়
থাপনা পাতো ধৰ্মৰ উৰ্ধত
গাম মাথোঁ মানৱতাৰ জয় গান
সত্যম শিৱম সুন্দৰম
ব'লা এদিন মাতাল হওঁ দুয়ো
সমাজৰ জেওৰা ভাঙি গুচি যাও
সেউজীয়া ধাননিৰ সিটো পাৰে ।